--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচন চলি থকাৰ মাজতে বিষাদৰ খবৰ৷ ভোটগ্ৰহণৰ পাছদিনাই মৃত্যু হ’ল এগৰাকী বিজেপি প্ৰাৰ্থীৰ৷ শনিবাৰে সন্ধিয়া প্ৰায় ৬:৩০ বজাত উত্তৰ প্ৰদেশৰ মোৰাদাবাদৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী কুঁৱৰ সৰ্বেশ সিঙৰ মৃত্যু হয়। শুকুৰবাৰে মোৰাদাবাদত অনুষ্ঠিত হৈছিল নিৰ্বাচন। কিছুদিনধৰি অসুস্থ হৈ থকা ৭২ বছৰীয়া কুঁৱৰ সৰ্বেশ সিং হৃদৰোগত আক্ৰান্ত হৈ দিল্লীৰ AIIMSত মৃত্যুক সাবটি লয় প্ৰাৰ্থীগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭২ বছৰ৷

উত্তৰ প্ৰদেশ বিজেপিৰ মুৰব্বী ভূপেন্দ্ৰ চৌধুৰীয়েও পিটিআইক কয়, কুঁৱৰ সৰ্বেশ কুমাৰৰ মৃত্যু হৈছে৷ তেওঁৰ ডিঙিত কিছু সমস্যা হৈছিল আৰু অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল। ১৯ এপ্ৰিলত চিকিৎসাৰ বাবে এইমছলৈ লৈ যোৱা হৈছিল৷ উল্লেখযোগ্য যে উত্তৰ প্ৰদেশৰ মোৰাদাবাদ আসনৰ বাবে শুকুৰবাৰে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়।

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ১৯ এপ্ৰিলত পশ্চিম উত্তৰ প্ৰদেশৰ ৮খন আসনত ৬০ শতাংশতকৈ অধিক ভোটদান হৈছিল৷ মোৰাদাবাদত সম্পন্ন হৈছিল ৬০.৬০% ভোটদান৷

২০০৯ৰ লোকসভা নিৰ্বাচনত মহম্মদ আজাৰুদ্দিনৰ হাতত পৰাস্ত হৈছিল সৰ্বেশ সিং। আনহাতে ২০১৪ত সৰ্বেশ সিং সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। স্বাধীনতাৰ পাছত মোৰাদাবাদ চহৰৰ পৰা জয়ী হোৱা প্ৰথমগৰাকী বিজেপি সাংসদ আছিল সৰ্বেশ সিং।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ