--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভোটত হাৰিল এলন মাস্ক। এতিয়া টুইটাৰৰ পৰা পদত্যাগৰ সম্ভাৱনাই দেখা দিছে মাস্কৰ। কিন্তু কেনেকৈ?

দেওবাৰে আবেলি টুইটাৰত মাস্কে এটা প্ৰশ্নৰে সমীক্ষা চলাইছিল। এটা সহজ ভোটিং প্ৰক্ৰিয়াৰে চলোৱা সমীক্ষাটোত অংশগ্ৰহণকাৰীসকলে ‘হয়’ অথবা ‘নহয়’ ক’ব লাগে। প্ৰশ্নটো আছিল- টুইটাৰৰ চিইঅ’ পদৰ পৰা তেওঁ পদত্যাগ কৰা উচিত নেকি? প্ৰশ্নটোৰ স’তে তেওঁ লিখিছিল যে জনতাই যি উত্তৰ দিব,সেয়া আখৰে আখৰে পালন কৰিব।

২৪ ঘণ্টাৰ ভিতৰতে ১ কোটি ৭৫ লাখ ২ হাজাৰ ৩৯১ জন লোকে ভোট দিয়ে। ইয়াৰে ৫৭.৫ শতাংশই ভোট দিয়ে এলন মাস্কৰ বিৰুদ্ধে। অর্থাৎ অধিকাংশ ভোটাৰেই বিচাৰে যে টুইটাৰৰ নতুন মালিকে চিইঅ’ পদ ত্যাগ কৰা উচত। বাকী ৪২.৫ শতাংশই এলন মাস্কক চিইঅ’ হিচাপেই বিচাৰে।

ভোটৰ ফলাফলত দেখা গ’ল যে এলন মাস্কে নিজে পতা ফান্দৰে বলি হৈছে। অৰ্থাৎ তেওঁ হাৰিছে। কিন্তু এতিয়ালৈকে এলন মাস্কে পদত্যাগ সংক্ৰান্তীয় কোনো ঘোষণা কৰা নাই। 

উল্লেখ্য যে গাড়ী প্ৰস্তুতকাৰী সংস্থা টেছলাৰ মুৰব্বী এলন মাস্কে টুইটাৰ ক্ৰয় কৰাৰ পাছতে কেইবাটাও বিতৰ্কত সোমাই পৰিছিল। টুইটাৰৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ পৰা ব্লু টিকলৈকে বিতৰ্কত জড়িত হৈ পৰে মাস্কে নিজে। তাৰপাছতে তেওঁৰ এই সমীক্ষাৰ ফলাফল ব্যাপক অৰ্থৱহ হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স