--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভোটত হাৰিল এলন মাস্ক। এতিয়া টুইটাৰৰ পৰা পদত্যাগৰ সম্ভাৱনাই দেখা দিছে মাস্কৰ। কিন্তু কেনেকৈ?

দেওবাৰে আবেলি টুইটাৰত মাস্কে এটা প্ৰশ্নৰে সমীক্ষা চলাইছিল। এটা সহজ ভোটিং প্ৰক্ৰিয়াৰে চলোৱা সমীক্ষাটোত অংশগ্ৰহণকাৰীসকলে ‘হয়’ অথবা ‘নহয়’ ক’ব লাগে। প্ৰশ্নটো আছিল- টুইটাৰৰ চিইঅ’ পদৰ পৰা তেওঁ পদত্যাগ কৰা উচিত নেকি? প্ৰশ্নটোৰ স’তে তেওঁ লিখিছিল যে জনতাই যি উত্তৰ দিব,সেয়া আখৰে আখৰে পালন কৰিব।

২৪ ঘণ্টাৰ ভিতৰতে ১ কোটি ৭৫ লাখ ২ হাজাৰ ৩৯১ জন লোকে ভোট দিয়ে। ইয়াৰে ৫৭.৫ শতাংশই ভোট দিয়ে এলন মাস্কৰ বিৰুদ্ধে। অর্থাৎ অধিকাংশ ভোটাৰেই বিচাৰে যে টুইটাৰৰ নতুন মালিকে চিইঅ’ পদ ত্যাগ কৰা উচত। বাকী ৪২.৫ শতাংশই এলন মাস্কক চিইঅ’ হিচাপেই বিচাৰে।

ভোটৰ ফলাফলত দেখা গ’ল যে এলন মাস্কে নিজে পতা ফান্দৰে বলি হৈছে। অৰ্থাৎ তেওঁ হাৰিছে। কিন্তু এতিয়ালৈকে এলন মাস্কে পদত্যাগ সংক্ৰান্তীয় কোনো ঘোষণা কৰা নাই। 

উল্লেখ্য যে গাড়ী প্ৰস্তুতকাৰী সংস্থা টেছলাৰ মুৰব্বী এলন মাস্কে টুইটাৰ ক্ৰয় কৰাৰ পাছতে কেইবাটাও বিতৰ্কত সোমাই পৰিছিল। টুইটাৰৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ পৰা ব্লু টিকলৈকে বিতৰ্কত জড়িত হৈ পৰে মাস্কে নিজে। তাৰপাছতে তেওঁৰ এই সমীক্ষাৰ ফলাফল ব্যাপক অৰ্থৱহ হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’