--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভূমিকম্প বিধ্বস্ত তুৰস্কত এতিয়া কেৱল ধ্বংসস্তুপে পৰ্বতৰ সৃষ্টি কৰিছে৷  বিধ্দস্ত দেশ খনকলৈ  ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীৰ (ইউএনডিপি) এজন বিষয়াই অনুমান কৰিছে যে শেহতীয়া ভূমিকম্পৰ ফলত তুৰস্কত ১.৫ নিযুত লোক গৃহহীন হৈ পৰিছে আৰু দেশখনৰ প্ৰায় ৫,০০,০০০ আৱাসগৃহ  পুনৰ নিৰ্মাণ কৰিব লাগিব। 

ইউএনডিপিৰ তুৰস্কৰ প্ৰতিনিধি লুইচা ভিণ্টনে  এক অনলাইন প্ৰেছ ব্ৰিফিঙত কয় যে দেশখনৰ চৰকাৰে ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত প্ৰায় ৭০ শতাংশ অট্টালিকা পৰিদৰ্শন কৰিছে। ইয়াৰ ভিতৰত, ১১৮,০০০ অট্টালিকা,  ৪১২,০০০ টা সাধাৰণ ঘৰ  খহি পৰিছে বা সেইবোৰৰ বহু ঘৰ সম্পূৰ্ণৰূপে ভাঙি পেলোৱাৰ  প্ৰয়োজন আছে । তেওঁ কয় যে ধ্বংসৰ মাত্ৰা   যথেষ্ট বেছি  আছিল৷ ভিনটনৰ মতে প্ৰথম ভূমিকম্পৰ দুসপ্তাহ পিছত পুনৰ ভূমিকম্প আহিছে৷ 

এয়া  তুৰ্কীৰ ইতিহাসৰ সৰ্ববৃহৎ প্ৰাকৃতিক দুৰ্যোগ বুলিও তেওঁ অভিহিত কৰে৷   তেওঁ লগতে কয় যে চৰকাৰে দেওবাৰে প্ৰথম ভূমিকম্পৰ পিছত অনুসন্ধান আৰু উদ্ধাৰৰ পৰ্যায় সমাপ্ত কৰিছে৷ ,তেওঁ লগতে জনায় যে ভূমিকম্পৰ প্ৰায় ৩০০ ঘণ্টাৰ পিছত ধ্বংসস্তুপৰ মাজৰ পৰা অন্তিম জীৱিত লোক জনক উদ্ধাৰ কৰা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ জ্যেষ্ঠ জৰুৰীকালীন বিষয়া কেথেৰিন স্মলউডে প্ৰেছ ব্ৰিফিঙত কৈছে যে সংক্ৰামক ৰোগৰ আশংকা  নিয়ন্ত্ৰণ কৰাটো এতিয়া গুৰুত্বপূৰ্ণ কথা হৈ পৰিছে৷  

তেওঁ কয় " শ্বাস-প্ৰশ্বাসজনিত ৰোগ, কলেৰা, হেপাটাইটিছ এ আৰু সৰু আইৰ আশংকা বৃদ্ধি পাইছে," । উল্লেখ্য ডাঙৰ ভূমিকম্পৰ পিছতো শেহতীয়াকৈ  দক্ষিণ তুৰস্কৰ  কাহৰমণমাৰাছ প্ৰদেশত ৬.৪ ৰ পৰা ৭.৭ প্ৰাবল্যৰ কেইবাটাও ভূমিকম্প হৈছে। ভূমিকম্পবোৰে চিৰিয়াৰ কিছু অংশকো কঁপাই গৈছে৷  সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মুঠতে দুয়োখন দেশত আনুমানিক ৪৭,০০০ লোকে প্ৰাণ হেৰুৱাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন