--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভূমিকম্প বিধ্বস্ত তুৰস্কত এতিয়া কেৱল ধ্বংসস্তুপে পৰ্বতৰ সৃষ্টি কৰিছে৷  বিধ্দস্ত দেশ খনকলৈ  ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীৰ (ইউএনডিপি) এজন বিষয়াই অনুমান কৰিছে যে শেহতীয়া ভূমিকম্পৰ ফলত তুৰস্কত ১.৫ নিযুত লোক গৃহহীন হৈ পৰিছে আৰু দেশখনৰ প্ৰায় ৫,০০,০০০ আৱাসগৃহ  পুনৰ নিৰ্মাণ কৰিব লাগিব। 

ইউএনডিপিৰ তুৰস্কৰ প্ৰতিনিধি লুইচা ভিণ্টনে  এক অনলাইন প্ৰেছ ব্ৰিফিঙত কয় যে দেশখনৰ চৰকাৰে ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত প্ৰায় ৭০ শতাংশ অট্টালিকা পৰিদৰ্শন কৰিছে। ইয়াৰ ভিতৰত, ১১৮,০০০ অট্টালিকা,  ৪১২,০০০ টা সাধাৰণ ঘৰ  খহি পৰিছে বা সেইবোৰৰ বহু ঘৰ সম্পূৰ্ণৰূপে ভাঙি পেলোৱাৰ  প্ৰয়োজন আছে । তেওঁ কয় যে ধ্বংসৰ মাত্ৰা   যথেষ্ট বেছি  আছিল৷ ভিনটনৰ মতে প্ৰথম ভূমিকম্পৰ দুসপ্তাহ পিছত পুনৰ ভূমিকম্প আহিছে৷ 

এয়া  তুৰ্কীৰ ইতিহাসৰ সৰ্ববৃহৎ প্ৰাকৃতিক দুৰ্যোগ বুলিও তেওঁ অভিহিত কৰে৷   তেওঁ লগতে কয় যে চৰকাৰে দেওবাৰে প্ৰথম ভূমিকম্পৰ পিছত অনুসন্ধান আৰু উদ্ধাৰৰ পৰ্যায় সমাপ্ত কৰিছে৷ ,তেওঁ লগতে জনায় যে ভূমিকম্পৰ প্ৰায় ৩০০ ঘণ্টাৰ পিছত ধ্বংসস্তুপৰ মাজৰ পৰা অন্তিম জীৱিত লোক জনক উদ্ধাৰ কৰা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ জ্যেষ্ঠ জৰুৰীকালীন বিষয়া কেথেৰিন স্মলউডে প্ৰেছ ব্ৰিফিঙত কৈছে যে সংক্ৰামক ৰোগৰ আশংকা  নিয়ন্ত্ৰণ কৰাটো এতিয়া গুৰুত্বপূৰ্ণ কথা হৈ পৰিছে৷  

তেওঁ কয় " শ্বাস-প্ৰশ্বাসজনিত ৰোগ, কলেৰা, হেপাটাইটিছ এ আৰু সৰু আইৰ আশংকা বৃদ্ধি পাইছে," । উল্লেখ্য ডাঙৰ ভূমিকম্পৰ পিছতো শেহতীয়াকৈ  দক্ষিণ তুৰস্কৰ  কাহৰমণমাৰাছ প্ৰদেশত ৬.৪ ৰ পৰা ৭.৭ প্ৰাবল্যৰ কেইবাটাও ভূমিকম্প হৈছে। ভূমিকম্পবোৰে চিৰিয়াৰ কিছু অংশকো কঁপাই গৈছে৷  সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মুঠতে দুয়োখন দেশত আনুমানিক ৪৭,০০০ লোকে প্ৰাণ হেৰুৱাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা