--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃচীনৰ জনসংখ্যা দিনক দিনে কমি আহিছে৷ বিশ্বৰ আটাইতকৈ জনবহুল দেশ খনত এতিয়া জনসংখ্যা হ্ৰাসৰ সমস্যাই দেখা দিছে৷ জন্মহাৰৰ এনে দ্ৰুত অৱনতিৰ সময়তে চীনৰ প্ৰদেশবোৰে তেওঁলোকৰ বিবাহ ছুটিৰ নীতি সলনি কৰিবলৈ ওলাইছে। কমিউনিষ্ট পাৰ্টিৰ মুখপত্ৰ পিপলছ ডেইলী হেল্থত কোৱা হৈছে যে চীনে তিনি দিনৰ  দৰমহাসহ  সাধাৰণ বিবাহ ছুটিৰ সলনি  এতিয়াৰে পৰা   নৱদম্পতিয়ে ৩০ দিনৰ দৰমহাসহ বিবাহৰ পিছত ছুটি লাভ কৰিব।

দম্পতীসকলক বিবাহৰ পিছত  সন্তান জন্ম দিবলৈ উৎসাহিত কৰিবলৈয়েই এনে ব্যৱস্থা কৰা হৈছে। গানচু আৰু চাংচি প্ৰদেশত বিয়াৰ পিছত নৱ দম্পতীক  ৩০ দিনৰ ছুটী দিয়া হ’ব৷   আনহাতে ছাংহাইত  ১০ দিন  আৰু চিচুয়ানত  তিনিদিনেই লাভ কৰিব । দক্ষিণ-পশ্চিম বিশ্ববিদ্যালয়ৰ সামাজিক বিকাশ গৱেষণা প্ৰতিষ্ঠানৰ ডিন য়াং হাইয়াঙে কয় , "বিবাহৰ ছুটি বৃদ্ধি কৰাটো উৰ্বৰতাৰ হাৰ বৃদ্ধি কৰাৰ এক কাৰ্যকৰী উপায়"। উল্লেখ্য চীনে ১৯৮০  চনৰ পৰা ২০১৫  চনলৈ  কঠোৰ এক সন্তান নীতি প্ৰয়োগ কৰাৰ বাবে চীনৰ জনসংখ্যা হ্ৰাস পাইছে। 

২০২০ চনত চীনত প্ৰতি ১,০০০ গৰাকী লোকত ইয়াৰ সৰ্বনিম্ন ৬.৭৭ জন্মৰ হাৰ নথিভুক্ত কৰা হৈছিল৷  ফলত দেশৰ অৰ্থনীতিতো বিৰূপ প্ৰভাৱ পৰিছে বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে। ইপিনে চীনক চেৰ পেলাই বিশ্বৰ  আটাইতকৈ জনবহুল দেশত পৰিণত হোৱাৰ দিশে ভাৰত৷চীনৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা ব্যুৰোৱে  শেহতীয়াকৈ  ঘোষণা কৰিছে যে দেশ খনত সম্প্ৰতি  নথিভুক্ত কৰা  মৃত্যুৰ সংখ্যা ১০.৪১  নিযুত জন্মৰ সংখ্যা ৯.৫৬  নিযুততকৈ অধিক৷ ফলত ২০২২  চনত চীনৰ জনসংখ্যা ৮৫০,০০০হ্ৰাস হৈ ১.৪১১৭৫  বিলিয়নত উপনীত হৈছে।চীনত হৈ যোৱা  দুৰ্ভিক্ষৰ ফলত   লাখ লাখ লোকৰ মৃত্যু ঘটিছিল। ৰাষ্ট্ৰসংঘৰ বিশেষজ্ঞসকলে যোৱা বছৰ ভৱিষ্যতবাণী কৰিছিল যে ভাৰতৰ জনসংখ্যা শীঘ্ৰে ১.৪১২ বিলিয়নত উপনীত হ'ব।

বছৰৰ পিছত বছৰ ধৰি চীনে অৰ্জন কৰি থকা এই অভিলেখ এতিয়া চীনে ভংগ কৰিলে৷ উল্লেখ্য বিগত ছয়  দশকত প্ৰথমবাৰৰ বাবে  চীনৰ  জনসংখ্যা হ্ৰাস হোৱা বুলি চীনৰ চৰকাৰে প্ৰকাশ কৰিছিল। ইয়াৰ লগে লগে  বিশ্বৰ আটাইতকৈ জনবহুল দেশ হিচাপে চীনক অতিক্ৰম কৰি ভাৰত প্ৰথম স্থানত থাকিব বুলি সমীক্ষকসকলে প্ৰকাশ কৰিছে৷ 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এটা সময় আহিব ভাৰতীয়ই ইংৰাজী ক'বলৈ লাজ পাব : অমিত শ্বাহ
আজিৰে পৰা আৰম্ভ অম্বুবাচী মেলা
অম্বুবাচী মহাযোগক লৈ যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা
পেৰিছ ডায়মণ্ড লীগৰ শীৰ্ষ স্থানত নীৰজ চোপ্ৰা
আটছা'ৰ অনুষ্ঠানত শিক্ষা বিভাগক তুলা-ধুনা সাংসদ কামাখ্যা তাছাৰ
টী বেগ ব্যৱহাৰে আপোনাৰ জীৱনলৈ আনিব পাৰে ভয়ংকৰ বিপদ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত