--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নেপালত দেওবাৰৰ পুৱা আৰম্ভ হৈছিল ভূমিকম্পৰ কঁপনি। ৰিখটাৰ স্কেলত ভূমিকম্পৰ মাত্ৰা আছিল ৫.৫ । নেচনেল চেণ্টাৰ ফৰ ছিজম’লজিৰ তথ্য অনুসৰি নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ পৰা ১৪৭ কিলোমিটাৰ দূৰত ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছে। দেওবাৰৰ হোৱাৰ বাবে বেছিভাগ মানুহ ঘৰতে আছিল। এনে অৱস্থাত কঁপনি অনুভৱ কৰাৰ লগে লগে মানুহ ঘৰৰ পৰা দৌৰি ওলাই আহিল। কিন্তু এই পৰ্যন্ত কোনো লোকৰ জীৱন-সম্পত্তি হেৰুৱাৰ খবৰ পোৱা নাই।

আনহাতে কিছুদিন পূৰ্বে ফিলিপাইনছত প্ৰবল ভূমিকম্পৰ কঁপনি অনুভৱ হৈছিল। ফিলিপাইনছত ভূমিকম্পৰ পৰিমাণ ৭.১ জুখিছিল। ভূমিকম্পৰ ফলত ৰাজধানী মেনিলাৰ অট্টালিকাত ফাট মেলি আশংকাত হাজাৰ হাজাৰ লোক ঘৰৰ পৰা ওলাই আহিল।

ভূমিকম্প কিয় হয়? ভূমিকম্পৰ কাৰণ কি? 

পৃথিৱী মূলতঃ চাৰিটা স্তৰেৰে গঠিত। ভিতৰৰ কোৰ,(Inner core) বাহিৰৰ কোৰ,(Outer core)  মেণ্টেল আৰু কোৰ খোলা আৰু ওপৰৰ মেণ্টেল স্তৰক লিথ’স্ফিয়াৰ বোলা হয়। ৫০ কিলোমিটাৰ ডাঠ এই স্তৰটো কেইবাটাও ভাগত বিভক্ত কৰা হৈছে যাক টেকটনিক প্লেট বুলি কোৱা হয়। পৃথিৱীৰ ভিতৰত ৭ খন প্লেট থাকে, যিবোৰ অহৰহ ঘূৰি থাকে। যেতিয়া এই প্লেটবোৰ বেছিকৈ গতি কৰে তেতিয়া ভূমিকম্প অনুভৱ হয় ।

ভূমিকম্পৰ তীব্ৰতা কেনেকৈ জুখিব পাৰি ভূমিকম্পক ৰিখটাৰ স্কেলৰ দ্বাৰা জুখিব পাৰি। ইয়াক ৰিখটাৰ মেগনিটুড টেষ্ট স্কেল বোলা হয়। ৰিখটাৰ স্কেলত ১ৰ পৰা ৯ লৈকে ভূমিকম্পৰ জোখ লোৱা হয়। ইয়াৰ উপকেন্দ্ৰ অৰ্থাৎ কেন্দ্ৰৰ পৰা ভূমিকম্প জুখিব পাৰি। ই ভূমিকম্পৰ সময়ত পৃথিৱীৰ ভিতৰৰ পৰা নিৰ্গত হোৱা শক্তিৰ তীব্ৰতা জুখিব পাৰে। এই তীব্ৰতাই ভূমিকম্পৰ কম্পনৰ পৰিমাণৰ ধাৰণা দিয়ে। ভূমিকম্পৰ তীব্ৰতা অনুমান কৰা হয় কেন্দ্ৰৰ পৰা নিৰ্গত হোৱা শক্তিৰ তৰংগৰ দ্বাৰা। এই তৰংগবোৰে শ শ কিলোমিটাৰ কম্পন কৰি পৃথিৱীত ফাট মেলি দিয়ে।

ভূমিকম্পৰ কেন্দ্ৰ আৰু তীব্ৰতাৰ অৰ্থ কি জানেনে? 

ভূমিকম্পৰ কেন্দ্ৰবিন্দু হ’ল সেই ঠাই, য’ৰ ঠিক তলত প্লেটবোৰৰ গতিৰ ফলত ভূতাত্ত্বিক শক্তি মুক্ত হয়। ভূমিকম্পৰ কম্পন এই ঠাইত বেছি হয়। কম্পনৰ কম্পাঙ্ক নোহোৱা হোৱাৰ লগে লগে ইয়াৰ প্ৰভাৱ কমি যায়। যদি ৰিখটাৰ স্কেলত ৭ বা তাতকৈ অধিক মাত্ৰাৰ ভূমিকম্প হয়, তেন্তে ৪০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কম্পন তীব্ৰতৰ হয়।
FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰাগ নিউজৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
পৰ্ণ জগতত ভৰি দিয়া নাই অর্চিতা ফুকনে
অসমীয়া সাহিত্যৰ বিশ্বমুখী যাত্রা, 'বুঢ়ী আইৰ সাধু'ৰ ওড়িয়া সংস্কৰণ উন্মোচন
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে