--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নেপালত দেওবাৰৰ পুৱা আৰম্ভ হৈছিল ভূমিকম্পৰ কঁপনি। ৰিখটাৰ স্কেলত ভূমিকম্পৰ মাত্ৰা আছিল ৫.৫ । নেচনেল চেণ্টাৰ ফৰ ছিজম’লজিৰ তথ্য অনুসৰি নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ পৰা ১৪৭ কিলোমিটাৰ দূৰত ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছে। দেওবাৰৰ হোৱাৰ বাবে বেছিভাগ মানুহ ঘৰতে আছিল। এনে অৱস্থাত কঁপনি অনুভৱ কৰাৰ লগে লগে মানুহ ঘৰৰ পৰা দৌৰি ওলাই আহিল। কিন্তু এই পৰ্যন্ত কোনো লোকৰ জীৱন-সম্পত্তি হেৰুৱাৰ খবৰ পোৱা নাই।

আনহাতে কিছুদিন পূৰ্বে ফিলিপাইনছত প্ৰবল ভূমিকম্পৰ কঁপনি অনুভৱ হৈছিল। ফিলিপাইনছত ভূমিকম্পৰ পৰিমাণ ৭.১ জুখিছিল। ভূমিকম্পৰ ফলত ৰাজধানী মেনিলাৰ অট্টালিকাত ফাট মেলি আশংকাত হাজাৰ হাজাৰ লোক ঘৰৰ পৰা ওলাই আহিল।

ভূমিকম্প কিয় হয়? ভূমিকম্পৰ কাৰণ কি? 

পৃথিৱী মূলতঃ চাৰিটা স্তৰেৰে গঠিত। ভিতৰৰ কোৰ,(Inner core) বাহিৰৰ কোৰ,(Outer core)  মেণ্টেল আৰু কোৰ খোলা আৰু ওপৰৰ মেণ্টেল স্তৰক লিথ’স্ফিয়াৰ বোলা হয়। ৫০ কিলোমিটাৰ ডাঠ এই স্তৰটো কেইবাটাও ভাগত বিভক্ত কৰা হৈছে যাক টেকটনিক প্লেট বুলি কোৱা হয়। পৃথিৱীৰ ভিতৰত ৭ খন প্লেট থাকে, যিবোৰ অহৰহ ঘূৰি থাকে। যেতিয়া এই প্লেটবোৰ বেছিকৈ গতি কৰে তেতিয়া ভূমিকম্প অনুভৱ হয় ।

ভূমিকম্পৰ তীব্ৰতা কেনেকৈ জুখিব পাৰি ভূমিকম্পক ৰিখটাৰ স্কেলৰ দ্বাৰা জুখিব পাৰি। ইয়াক ৰিখটাৰ মেগনিটুড টেষ্ট স্কেল বোলা হয়। ৰিখটাৰ স্কেলত ১ৰ পৰা ৯ লৈকে ভূমিকম্পৰ জোখ লোৱা হয়। ইয়াৰ উপকেন্দ্ৰ অৰ্থাৎ কেন্দ্ৰৰ পৰা ভূমিকম্প জুখিব পাৰি। ই ভূমিকম্পৰ সময়ত পৃথিৱীৰ ভিতৰৰ পৰা নিৰ্গত হোৱা শক্তিৰ তীব্ৰতা জুখিব পাৰে। এই তীব্ৰতাই ভূমিকম্পৰ কম্পনৰ পৰিমাণৰ ধাৰণা দিয়ে। ভূমিকম্পৰ তীব্ৰতা অনুমান কৰা হয় কেন্দ্ৰৰ পৰা নিৰ্গত হোৱা শক্তিৰ তৰংগৰ দ্বাৰা। এই তৰংগবোৰে শ শ কিলোমিটাৰ কম্পন কৰি পৃথিৱীত ফাট মেলি দিয়ে।

ভূমিকম্পৰ কেন্দ্ৰ আৰু তীব্ৰতাৰ অৰ্থ কি জানেনে? 

ভূমিকম্পৰ কেন্দ্ৰবিন্দু হ’ল সেই ঠাই, য’ৰ ঠিক তলত প্লেটবোৰৰ গতিৰ ফলত ভূতাত্ত্বিক শক্তি মুক্ত হয়। ভূমিকম্পৰ কম্পন এই ঠাইত বেছি হয়। কম্পনৰ কম্পাঙ্ক নোহোৱা হোৱাৰ লগে লগে ইয়াৰ প্ৰভাৱ কমি যায়। যদি ৰিখটাৰ স্কেলত ৭ বা তাতকৈ অধিক মাত্ৰাৰ ভূমিকম্প হয়, তেন্তে ৪০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কম্পন তীব্ৰতৰ হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু