--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল জেস্ক : পশ্চিমবংগৰ শিক্ষক নিযুক্তি কেলেংকাৰিৰ নতুন পাক । দুৰ্নীতিৰ টকাৰে বাংলাদেশত বেনামীভাৱে সম্পত্তি গঢ়িছে পাৰ্থ চেটাৰ্জী আৰু অৰ্পিতা মুখাৰ্জীয়ে। প্ৰাপ্ত তথ্য অনুসৰি বলৱৎকাৰী সঞ্চালকালয় বা ইডিয়ে তদন্ত অব্যাহত ৰখাৰ সময়তে বাংলাদেশৰ তাল্লীগঞ্জৰ অৰ্পিতা মুখাৰ্জীৰ ফ্লেটতৰ পৰা উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ টকা। পাৰ্থ চেটাৰ্জী বাৰাছাতৰ সেই বস্ত্ৰ কোম্পানীটোৰ অনুষ্ঠানলৈ গৈছিল। আনকি কোম্পানীটোৰ দোকানৰ পৰা মাজে মাজে বহু শাৰীও কিনিছিল প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীয়ে। সেই সংস্থাটোৰ সহায়ত তদন্তকাৰীয়ে বিমানযোগে বিপুল পৰিমাণৰ ধন বহিঃৰাজ্যলৈ সৰবৰাহ হৈছে নে নাই তদন্ত অব্যাহত ৰাখিছে। ইয়াৰ বাবে কেন্দ্ৰীয় তদন্তকাৰীয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সহায় লব।

 যোৱা সপ্তাহত ইডিয়ে অৰ্পিতাৰ বেলঘৰিয়াৰ ফ্লেটত তালাচী চলাইছিল। ফ্লেটত তদন্তকাৰী সংস্থাক আচৰিত কৰি উদ্ধাৰ হৈছিল বৃহৎসংখ্যক টকা। তদন্তকাৰী দলটোৱে মাজনিশালৈকে তাত তালাচী চলাই ২৯.৯০ লাখ টকা, ৫ কেজি সোণৰ বিস্কুট, ৪.৩১ কোটি টকা সোণ আৰু বহুতো মাটিৰ নথি উদ্ধাৰ কৰে। খবৰ অনুসৰি কেৱল ঘৰৰ আলমাৰীয়েই নহয়, পাৰ্থ চেটাৰ্জীৰ অৰ্পিতা মুখাৰ্জীৰ বেলঘৰীয়া ফ্লেটৰ বাথৰুমৰ পৰাও উদ্ধাৰ কৰা হৈছিল টকা। আটাইকেইটা আছিল পাঁচশ টকা আৰু দুহাজাৰ টকাৰ নোটৰ বাণ্ডিল। প্ৰায় ১০টা ট্ৰাংক নগদ ধন আৰু সোণেৰে ভৰাই থোৱা হৈছিল। ইডিৰ বিষয়াসকলে ট্ৰাকত কেন্দ্ৰীয় বাহিনীৰ সহযোগত ধনখিনি উদ্ধাৰ কৰে। ইয়াৰ পূৰ্বে ইডি তালিগঞ্জৰ অৰ্পিতাৰ ফ্লেটলৈ গৈছিল। তাৰ পৰা প্ৰায় ২২ কোটি নগদ ধন উদ্ধাৰ কৰা হয়। ইডিয়ে কেৱল বৃহৎ পৰিমাণৰ নগদ ধনেই নহয়, সোণ, বিদেশী মুদ্ৰা আৰু ৫৮ লাখ টকাৰ ২০টা মোবাইল ফোন উদ্ধাৰ কৰে।

 প্ৰসংগক্ৰমে ২২ জুলাইৰ বিয়লি অৰ্পিতা মুখোপাধ্যায়ৰ ডাইমণ্ড চিটি চাউথৰ ফ্লেটত বিপুল পৰিমাণৰ ধন, গহণা, মোবাইল আৰু বিদেশী মুদ্ৰা উদ্ধাৰ কৰা হয়। পিছদিনা প্ৰাক্তন শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ উদ্যোগ মন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ লগতে অৰ্পিতা মুখাৰ্জীকো গ্ৰেপ্তাৰ কৰা হয়। সোমবাৰে কলকাতাৰ এখন বিশেষ ইডি আদালতে পাৰ্থ আৰু অৰ্পিতাক ৩ আগষ্টলৈ জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে। ইডি বিষয়াসকলে নিশা প্ৰায় ১১:১৫ বজাত অৰ্পিতাৰ সৈতে চিজিঅ’ কমপ্লেক্সত উপস্থিত হয়। ইডি অফিচৰ এটা কোঠাত নিশা অৰ্পিতাক ৰখাৰ ব্যৱস্থা কৰা হৈছিল। অৱশ্যে সোমবাৰে নিশা কলকাতালৈ ঘূৰি নাহিল পাৰ্থ চেৰ্টাজী। তেওঁ ভুৱনেশ্বৰ এইমছ হাস্পতালত কটাবলগীয়া হৈছিল। মঙলবাৰে পুৱা তেওঁক কলকাতালৈ অনা হয়। ৰাজ্যিক মন্ত্ৰীগৰাকীক থানাৰ লকআপত ৰখাৰ পৰিৱৰ্তে চিজিঅ’ কমপ্লেক্সৰ অষ্টম মহলাৰ এটা সুকীয়া কোঠাত ৰখা হয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰাগ নিউজৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
পৰ্ণ জগতত ভৰি দিয়া নাই অর্চিতা ফুকনে
অসমীয়া সাহিত্যৰ বিশ্বমুখী যাত্রা, 'বুঢ়ী আইৰ সাধু'ৰ ওড়িয়া সংস্কৰণ উন্মোচন
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে