--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যোৱা বছৰৰ ৪ আগষ্টত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি হিচাপে দায়িত্ব লোৱাৰ পাছৰে পৰা ভূপেন বৰাক যথেষ্ট আগ্ৰাসী ৰূপত দেখিবলৈ পোৱা গৈছে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে বাকপটুতা আৰু উদ্যমী ৰাজনীতিৰে অসমবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে এইগৰাকী জ্যেষ্ঠ ৰাজনীতিবিদে৷ ৰাজ্যৰ প্ৰধান বিৰোধী দলটোৰ অসম প্ৰদেশৰ মুৰব্বী হিচাপে দলীয় কৰ্মকৰ্তাক নতুন উৎসাহ আৰু উদ্দীপনাৰে উজ্জীৱিত কৰি তুলিছে ভূপেন বৰাই৷ অসমত দ্বিতীয়বাৰলৈ চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে সততে সৰব ভূমিকা গ্ৰহণ কৰা দেখা গৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক৷ ৰাজ্যখনৰ জ্বলন্ত সমস্যাসমূহক ৰাইজৰ মাজলৈ লৈ যাবলৈ প্ৰয়াস কৰিছে ভূপেন বৰাই৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও যথেষ্ট আগ্ৰাসী হোৱা দেখা গৈছে বিহপুৰীয়াৰ প্ৰাক্তন বিধায়কগৰাকীক৷ অসম চৰকাৰৰ ভুল নীতি আৰু কাম-কাজক তীক্ষ্ণ সমালোচনাৰে সংবাদ মাধ্যমৰো দৃষ্টি আকৰ্ষণ কৰিছে বৰাই৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পাছৰে পৰা অসমৰ জনজীৱনক প্ৰভাৱিত কৰিব পৰা চৰকাৰৰ ভুল সিদ্ধান্তক সাহসেৰে উদঙাই দিয়াত ভূপেন বৰা বহুলাংশে সফল হৈছে বুলি এতিয়া চৰ্চা চলিছে৷ ইতিমধ্যে, অসম চৰকাৰৰ কেইবাটাও জনবিৰোধী নীতিৰ বিৰুদ্ধে গৰজি উঠা দেখা গৈছে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতিগৰাকীক৷ গৰুখুঁটি কাণ্ড, এনকাউণ্টাৰ, দাম বৃদ্ধি ইত্যাদি কেইবাটাও গুৰুত্বপূৰ্ণ ইচ্ছ্যুত সমুখৰ পৰাই প্ৰতিবাদী ৰূপত দেখা গৈছে ভূপেন বৰাক৷ ভূপেন বৰাৰ আগ্ৰাসী ৰাজনীতিয়ে এতিয়া শংকিত কৰি তুলিছে শাসকীয় বিজেপিক৷ আনহাতে, শাসক দলৰ বিৰুদ্ধে ভূপেন বৰা যিমানেই সৰব হৈছে, সিমানেই প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ বিৰুদ্ধে দলৰ ভিতৰতে গঢ়ি উঠিছে লবী৷ লবীকেন্দ্ৰিক ৰাজনীতিয়ে অসম প্ৰদেশ কংগ্ৰেছ সমিতিক জৰ্জৰিত কৰি তুলিছে৷ শাসক দলৰ বিৰুদ্ধে সোচ্চাৰ হোৱাৰ বিপৰীতে একাংশ জ্যেষ্ঠ কংগ্ৰেছ নেতাই ভূপেন বৰাৰ বিৰুদ্ধেহে ষড়যন্ত্ৰত নামি পৰিছে৷ আৰু, এই দলীয় কন্দল অব্যাহত থাকিলে কংগ্ৰেছ দলটোৰ ৰাজনৈতিক উত্থানো সম্ভৱ নহ’ব বুলি বিশ্লেষকসকলে মন্তব্য কৰিছে৷ ইপিনে, প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ আগ্ৰাসী ৰাজনীতিৰ বিপৰীতে শাসকীয় বিজেপিয়ে ভূপেন বৰাক উভতি ধৰাত ব্যৰ্থ হৈছে৷ কংগ্ৰেছ শাসন কালতো কোনো দুৰ্নীতিত লিপ্ত নোহোৱা এইগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ বিৰুদ্ধে বিজেপিয়ে উত্থাপন কৰিব পৰা নাই কোনো অভিযোগ৷ কেৱল ভূপেন বৰা নিৰ্বাচনত তিনিবাৰ পৰাজিত হোৱাৰ কথা কৈয়েই ভূপেন বৰাৰ ৰাজনীতিক প্ৰতিহত কৰিব বিচাৰিছে বিজেপিয়ে৷ ইয়াৰ বিপৰীতে সকলোকে লগত লৈ বিজেপিৰ বিৰুদ্ধে একগোট হৈ এক শক্তিশালী বিৰোধী শিবিৰ গঠনত মনোনিৱেশ কৰা দেখা গৈছে ভূপেন বৰাক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ