--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যোৱা বছৰৰ ৪ আগষ্টত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি হিচাপে দায়িত্ব লোৱাৰ পাছৰে পৰা ভূপেন বৰাক যথেষ্ট আগ্ৰাসী ৰূপত দেখিবলৈ পোৱা গৈছে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে বাকপটুতা আৰু উদ্যমী ৰাজনীতিৰে অসমবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে এইগৰাকী জ্যেষ্ঠ ৰাজনীতিবিদে৷ ৰাজ্যৰ প্ৰধান বিৰোধী দলটোৰ অসম প্ৰদেশৰ মুৰব্বী হিচাপে দলীয় কৰ্মকৰ্তাক নতুন উৎসাহ আৰু উদ্দীপনাৰে উজ্জীৱিত কৰি তুলিছে ভূপেন বৰাই৷ অসমত দ্বিতীয়বাৰলৈ চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে সততে সৰব ভূমিকা গ্ৰহণ কৰা দেখা গৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক৷ ৰাজ্যখনৰ জ্বলন্ত সমস্যাসমূহক ৰাইজৰ মাজলৈ লৈ যাবলৈ প্ৰয়াস কৰিছে ভূপেন বৰাই৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও যথেষ্ট আগ্ৰাসী হোৱা দেখা গৈছে বিহপুৰীয়াৰ প্ৰাক্তন বিধায়কগৰাকীক৷ অসম চৰকাৰৰ ভুল নীতি আৰু কাম-কাজক তীক্ষ্ণ সমালোচনাৰে সংবাদ মাধ্যমৰো দৃষ্টি আকৰ্ষণ কৰিছে বৰাই৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পাছৰে পৰা অসমৰ জনজীৱনক প্ৰভাৱিত কৰিব পৰা চৰকাৰৰ ভুল সিদ্ধান্তক সাহসেৰে উদঙাই দিয়াত ভূপেন বৰা বহুলাংশে সফল হৈছে বুলি এতিয়া চৰ্চা চলিছে৷ ইতিমধ্যে, অসম চৰকাৰৰ কেইবাটাও জনবিৰোধী নীতিৰ বিৰুদ্ধে গৰজি উঠা দেখা গৈছে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতিগৰাকীক৷ গৰুখুঁটি কাণ্ড, এনকাউণ্টাৰ, দাম বৃদ্ধি ইত্যাদি কেইবাটাও গুৰুত্বপূৰ্ণ ইচ্ছ্যুত সমুখৰ পৰাই প্ৰতিবাদী ৰূপত দেখা গৈছে ভূপেন বৰাক৷ ভূপেন বৰাৰ আগ্ৰাসী ৰাজনীতিয়ে এতিয়া শংকিত কৰি তুলিছে শাসকীয় বিজেপিক৷ আনহাতে, শাসক দলৰ বিৰুদ্ধে ভূপেন বৰা যিমানেই সৰব হৈছে, সিমানেই প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ বিৰুদ্ধে দলৰ ভিতৰতে গঢ়ি উঠিছে লবী৷ লবীকেন্দ্ৰিক ৰাজনীতিয়ে অসম প্ৰদেশ কংগ্ৰেছ সমিতিক জৰ্জৰিত কৰি তুলিছে৷ শাসক দলৰ বিৰুদ্ধে সোচ্চাৰ হোৱাৰ বিপৰীতে একাংশ জ্যেষ্ঠ কংগ্ৰেছ নেতাই ভূপেন বৰাৰ বিৰুদ্ধেহে ষড়যন্ত্ৰত নামি পৰিছে৷ আৰু, এই দলীয় কন্দল অব্যাহত থাকিলে কংগ্ৰেছ দলটোৰ ৰাজনৈতিক উত্থানো সম্ভৱ নহ’ব বুলি বিশ্লেষকসকলে মন্তব্য কৰিছে৷ ইপিনে, প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ আগ্ৰাসী ৰাজনীতিৰ বিপৰীতে শাসকীয় বিজেপিয়ে ভূপেন বৰাক উভতি ধৰাত ব্যৰ্থ হৈছে৷ কংগ্ৰেছ শাসন কালতো কোনো দুৰ্নীতিত লিপ্ত নোহোৱা এইগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ বিৰুদ্ধে বিজেপিয়ে উত্থাপন কৰিব পৰা নাই কোনো অভিযোগ৷ কেৱল ভূপেন বৰা নিৰ্বাচনত তিনিবাৰ পৰাজিত হোৱাৰ কথা কৈয়েই ভূপেন বৰাৰ ৰাজনীতিক প্ৰতিহত কৰিব বিচাৰিছে বিজেপিয়ে৷ ইয়াৰ বিপৰীতে সকলোকে লগত লৈ বিজেপিৰ বিৰুদ্ধে একগোট হৈ এক শক্তিশালী বিৰোধী শিবিৰ গঠনত মনোনিৱেশ কৰা দেখা গৈছে ভূপেন বৰাক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু