--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নেতাজী সুভাষ চন্দ্ৰ বসু জীয়াই থকা হ’লে নৰেন্দ্ৰ মোদী চৰকাৰে মুছলমানসকলৰ সৈতে কৰা আচৰণৰ তীক্ষ্ণ আৰু স্পষ্টবাদী সমালোচক হ’লহেঁতেন। এই মন্তব্য ‘নেতাজী’ৰ এগৰাকী আত্মীয় তথা ভাৰতীয় ইতিহাসবিদ সৌগত বসুৰ৷ সৌগত বসুৱে ভাৰতৰ এটা স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানক দিয়া এক সাক্ষাৎকাৰত কয়, ‘নেতাজী জীয়াই থাকিলে কোনেও গণহত্যাৰ আহ্বান জাৰি কৰিবলৈ সাহস নকৰিলেহেঁতেন।’ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ইতিহাসৰ গাৰ্ডিনাৰ অধ্যাপক আৰু কলিকতাৰ নেতাজী গৱেষণা ব্যুৰোৰ অধ্যক্ষ বসুৱে লগতে কয় যে নেতাজীয়ে ধৰ্মীয় সংখ্যালঘুসকলৰ গভীৰ বিশ্বাসপোষণ কৰিছিল৷ ২০১৪ চনৰ পৰা ২০১৯ চনলৈ তৃণমূল কংগ্ৰেছৰ পৰা লোকসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰা সৌগত বসুৰ মতে, ১৯৪০ চনত নেতাজীয়ে মহাত্মা গান্ধীয়ে লগ পোৱাৰ সাত বছৰ পূৰ্বেই মহম্মদ আলী জিন্নাক লগ কৰিছিল আৰু তেওঁক কংগ্ৰেছত যোগদান কৰিবলৈ কৈছিল৷ ভাৰতৰ ইতিহাসৰ এক অধ্যায়ৰ পুনঃস্মৰণেৰে তেওঁ পুনৰ কয় যে, যদি জিন্নাই তেনে কৰিলেহেঁতেন, তেন্তে জিন্না স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হ’লহেঁতেন৷ গান্ধীয়ে ১৯৪৭ চনত অন্তিম ব্ৰিটিছ ভাইচৰয় লৰ্ড মাউণ্টবেটেনক একেধৰণৰ পৰামৰ্শ দিছিল। বসুৱে কৈছে নেতাজীয়ে তেওঁৰ ‘দ্য ইণ্ডিয়ান ষ্ট্ৰাগল’ নামৰ কিতাপখনত এই বিষয়ে লিখি থৈ গৈছে। সাক্ষাৎকালত ইতিহাসবিদগৰাকীয়ে স্পষ্টকৈ কয় যে, নেতাজীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ সৈতে একমত নহ’লহেঁতেন যে ভাৰতৰ ইতিহাসৰ চুলতান আৰু মোগল ৰাজত্বই ১,২০০ বছৰৰ দাসত্বক প্ৰতিনিধিত্ব কৰে। তেওঁৰ মতে, নেতাজীয়ে বিশ্বাস কৰিছিল যে চুলতান আৰু মোগৰ ৰাজত্বক মুছলমান শাসন হিচাপে বিবেচনা কৰাতো এটা ভুল সিদ্ধান্ত। হিন্দু আৰু মুছলমানসকলে একেলগে দেশখন শাসন কৰিছিল আৰু নেতাজীয়ে তেওঁৰ ‘এন ইণ্ডিয়ান পিলগ্ৰিম’ নামৰ কিতাপখনত লিখিছিল যে কেবিনেটৰ বহুতো বিশিষ্ট মন্ত্ৰী আৰু সেনাপতি হিন্দু আছিল। নেতাজীয়ে কেতিয়াও নিজকে উৰ্দুৰ পৰা আঁতৰাই ৰাখিব নোৱাৰিলেহেঁতেন বা অসন্মান নকৰিলেহেঁতেন বুলি বসুৱে লগতে কয়। তেওঁ তেওঁৰ আইএনএৰ বাবে বাচনি কৰা মূলমন্ত্ৰটো আছিল তিনিটা উৰ্দু শব্দ – ‘ইত্তেহাদ, ইতমাদ আৰু কুৰবানী’৷ বসুৱে কয়, নেতাজীয়ে ইচ্ছাকৃতভাৱে হিন্দুস্তানীক আইএনএৰ ভাষা হিচাপে বহুতো উৰ্দু শব্দৰ সৈতে বাচনি কৰিছিল। তেওঁ ইচ্ছাকৃতভাৱে ৰোমান লিপিও বাচনি কৰিছিল যাতে অ-হিন্দী আৰু অ-উৰ্দুভাষীসকলে পঢ়িবলৈ সহজ পায়। বসুৱে শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ বিশ্লেষণ কৰি কয় যে, নেতাজীয়ে হৰিদ্বাৰৰ ধৰ্ম সংসদত শেহতীয়াকৈ কৰা গণহত্যাৰ আহ্বানক কেনেদৰে চাব পাৰিলেহেঁতেন! নেতাজীৰ সাম্প্ৰদায়িকতাৰ সমালোচনা আৰু হিন্দু ৰাষ্ট্ৰৰ বিৰোধিতাৰ বিষয়ে নেতাজীৰ আত্মীয়গৰাকীয়ে সাক্ষাৎকাৰটোত মন্তব্য কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ