--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ হেলিকপ্তাৰ দুৰ্ঘটনা। এই ভয়ংকৰ হেলিকপ্তাৰ দুৰ্ঘটনাত বহুকেইগৰাকী মাৰ্কিন সেনা আহত হৈছে। উত্তৰ-পূব চিৰিয়াত সংঘটিত হৈছে এই হেলিকপ্তাৰ দুৰ্ঘটনা।

মঙলবাৰে এক বিবৃতিত প্ৰকাশ কৰে যে, দেওবাৰে এই হেলিকপ্তাৰ দুৰ্ঘটনা সংঘটিত হৈছিল। এই দুৰ্ঘটনাৰ ফলত ২২ গৰাকীকৈ মাৰ্কিন সেনা গুৰুতৰভাৱে আহত হয়। আঘাতপ্ৰাপ্ত সেনাৰ ১০ গৰাকী সেনাক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি বিবৃতিত প্ৰকাশ পাইছে।

ঘটনা সন্দৰ্ভত এক উচ্চস্তৰীয় অনুসন্ধান চলাই থকা বুলি একাংশ সংবাদ সংস্থাত প্ৰকাশ পাইছে। দুৰ্ঘটনাৰ সময়ছোৱাত কোনো শত্ৰু পক্ষই গুলিচালনা কৰা নাছিল বুলি উল্লেখ কৰিছে মাৰ্কিন সেনাৰ শীৰ্ষ বিষয়াই 

উল্লেখযোগ্য যে বিগত মাৰ্চ মাহত চিৰিয়াত হোৱা ইৰাণ সমৰ্থিত মিলিছিয়াৰ আক্ৰমণ- প্ৰত্যাক্ৰমণত ২৫ জনকৈ মাৰ্কিন সেনা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।

উল্লেখ্য যে এই দুৰ্ঘটনা দেওবাৰে সংঘটিত হ’ল যদিও ঘটনাটোৰ কথা সেনা বাহিনীৰ শীৰ্ষ বিষয়াই বহু পলমকৈ অৰ্থাৎ মঙলবাৰেহে প্ৰকাশ কৰে। বৰ্তমানলৈকে কি কাৰণত হেলিকপ্তাৰ দুৰ্ঘটনাটি হ'বলৈ পালে তাৰ সঠিক উত্তৰ জানিব পৰা হোৱা নাই। এই সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত চলি আছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস