--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ হেলিকপ্তাৰ দুৰ্ঘটনা। এই ভয়ংকৰ হেলিকপ্তাৰ দুৰ্ঘটনাত বহুকেইগৰাকী মাৰ্কিন সেনা আহত হৈছে। উত্তৰ-পূব চিৰিয়াত সংঘটিত হৈছে এই হেলিকপ্তাৰ দুৰ্ঘটনা।

মঙলবাৰে এক বিবৃতিত প্ৰকাশ কৰে যে, দেওবাৰে এই হেলিকপ্তাৰ দুৰ্ঘটনা সংঘটিত হৈছিল। এই দুৰ্ঘটনাৰ ফলত ২২ গৰাকীকৈ মাৰ্কিন সেনা গুৰুতৰভাৱে আহত হয়। আঘাতপ্ৰাপ্ত সেনাৰ ১০ গৰাকী সেনাক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি বিবৃতিত প্ৰকাশ পাইছে।

ঘটনা সন্দৰ্ভত এক উচ্চস্তৰীয় অনুসন্ধান চলাই থকা বুলি একাংশ সংবাদ সংস্থাত প্ৰকাশ পাইছে। দুৰ্ঘটনাৰ সময়ছোৱাত কোনো শত্ৰু পক্ষই গুলিচালনা কৰা নাছিল বুলি উল্লেখ কৰিছে মাৰ্কিন সেনাৰ শীৰ্ষ বিষয়াই 

উল্লেখযোগ্য যে বিগত মাৰ্চ মাহত চিৰিয়াত হোৱা ইৰাণ সমৰ্থিত মিলিছিয়াৰ আক্ৰমণ- প্ৰত্যাক্ৰমণত ২৫ জনকৈ মাৰ্কিন সেনা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।

উল্লেখ্য যে এই দুৰ্ঘটনা দেওবাৰে সংঘটিত হ’ল যদিও ঘটনাটোৰ কথা সেনা বাহিনীৰ শীৰ্ষ বিষয়াই বহু পলমকৈ অৰ্থাৎ মঙলবাৰেহে প্ৰকাশ কৰে। বৰ্তমানলৈকে কি কাৰণত হেলিকপ্তাৰ দুৰ্ঘটনাটি হ'বলৈ পালে তাৰ সঠিক উত্তৰ জানিব পৰা হোৱা নাই। এই সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত চলি আছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন