--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি পুৱা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিৰ গৃহ চহৰত আক্ৰমণ চলায় ৰাছিয়াই। ক্ৰীভি ৰিগত চলোৱা এই আক্ৰমণত মৃত্যু হয় দহগৰাকী লোকৰ।

এই ধাৰাবাহিক আক্ৰমণে চহৰখনৰ একাধিক স্থানত আঘাত হানে আৰু কেন্দ্ৰীয় চহৰ ক্ৰীভি ৰিগক মুহূৰ্তৰ ভিতৰতে ধ্বংসস্তূপত পৰিণত কৰে। চহৰখনৰ সামৰিক প্ৰশাসনে আক্ৰমণত হোৱা হানিৰ বিষয়ে সদৰী কৰে।

এক বিবৃতিত উল্লেখ কৰা মতে, আক্ৰমণত দহগৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে এগৰাকী ব্যক্তি ধ্বংসাৱশেষৰ তলত সোমাই পৰে। আনহাতে ২৮ গৰাকী লোক আহত হোৱা বুলি তেওঁ লগতে সদৰী কৰে।

এই আক্ৰমণৰ পিছতে ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ৰাছিয়ান বাহিনীয়ে ইউক্ৰেইনৰ আৱাসিক অট্টালিকা তথা সাধাৰণ নাগৰিকৰ বিৰুদ্ধে যুদ্ধ চলাই আছে বুলি অভিযোগ কৰে।

তেওঁ লগতে ইউক্ৰেইনবাসীক এই নৰসংহাৰী যুদ্ধৰ বাবে দায়ীসকলক জবাবদিহি কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে। ছ’চিয়েল মিডিয়াত এক বিবৃতিত তেওঁ কয় যে সন্ত্ৰাসবাদীক কেতিয়াও ক্ষমা কৰা নহ’ব আৰু তেওঁলোকে নিক্ষেপ কৰা প্ৰতিটো ক্ষেপণাস্ত্ৰৰ বাবে তেওঁলোকক জবাবদিহি কৰা হ’ব।

ইয়াৰ পূৰ্বে ৰাছিয়ান বাহিনীয়ে ইউক্ৰেইনৰ ৰাজধানী কিয়েভ আৰু উত্তৰ-পূব চহৰ খাৰ্কিভতো মিছাইল আৰু ড্ৰ’ন আক্ৰমণ চলায়। ইউক্ৰেইনৰ বায়ুসেনাই জানিবলৈ দিয়া মতে, ৰাছিয়াই নিশাটোৰ ভিতৰতে ১৪ টা ক্ৰুজ মিছাইল আৰু ইৰাণ নিৰ্মিত চাৰিটা ড্ৰ’ন নিক্ষেপ কৰি আক্ৰমণ চলায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস