--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি পুৱা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিৰ গৃহ চহৰত আক্ৰমণ চলায় ৰাছিয়াই। ক্ৰীভি ৰিগত চলোৱা এই আক্ৰমণত মৃত্যু হয় দহগৰাকী লোকৰ।

এই ধাৰাবাহিক আক্ৰমণে চহৰখনৰ একাধিক স্থানত আঘাত হানে আৰু কেন্দ্ৰীয় চহৰ ক্ৰীভি ৰিগক মুহূৰ্তৰ ভিতৰতে ধ্বংসস্তূপত পৰিণত কৰে। চহৰখনৰ সামৰিক প্ৰশাসনে আক্ৰমণত হোৱা হানিৰ বিষয়ে সদৰী কৰে।

এক বিবৃতিত উল্লেখ কৰা মতে, আক্ৰমণত দহগৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে এগৰাকী ব্যক্তি ধ্বংসাৱশেষৰ তলত সোমাই পৰে। আনহাতে ২৮ গৰাকী লোক আহত হোৱা বুলি তেওঁ লগতে সদৰী কৰে।

এই আক্ৰমণৰ পিছতে ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ৰাছিয়ান বাহিনীয়ে ইউক্ৰেইনৰ আৱাসিক অট্টালিকা তথা সাধাৰণ নাগৰিকৰ বিৰুদ্ধে যুদ্ধ চলাই আছে বুলি অভিযোগ কৰে।

তেওঁ লগতে ইউক্ৰেইনবাসীক এই নৰসংহাৰী যুদ্ধৰ বাবে দায়ীসকলক জবাবদিহি কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে। ছ’চিয়েল মিডিয়াত এক বিবৃতিত তেওঁ কয় যে সন্ত্ৰাসবাদীক কেতিয়াও ক্ষমা কৰা নহ’ব আৰু তেওঁলোকে নিক্ষেপ কৰা প্ৰতিটো ক্ষেপণাস্ত্ৰৰ বাবে তেওঁলোকক জবাবদিহি কৰা হ’ব।

ইয়াৰ পূৰ্বে ৰাছিয়ান বাহিনীয়ে ইউক্ৰেইনৰ ৰাজধানী কিয়েভ আৰু উত্তৰ-পূব চহৰ খাৰ্কিভতো মিছাইল আৰু ড্ৰ’ন আক্ৰমণ চলায়। ইউক্ৰেইনৰ বায়ুসেনাই জানিবলৈ দিয়া মতে, ৰাছিয়াই নিশাটোৰ ভিতৰতে ১৪ টা ক্ৰুজ মিছাইল আৰু ইৰাণ নিৰ্মিত চাৰিটা ড্ৰ’ন নিক্ষেপ কৰি আক্ৰমণ চলায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন