--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সপ্তম অভাৰ শেষ হোৱাৰ আগতেই বন্ধ কৰিবলগা হ’ল এখন ক্ৰিকেট মেচ। দেওবাৰে বিগ বেছ লীগত এই ঘটনা সংঘটিত হয়। এই কাণ্ড সংঘটিত হৈছে মেলবৰ্ণ ৰেনেগেডছ বনাম পাৰ্থ স্কোৰ্চাৰ্ছৰ মেচত। আম্পায়াৰসকলে সিদ্ধান্ত ল’লে যে পিটচখন খেলৰ বাবে উপযুক্ত নহয়।

পিটচৰ এটা ভিজা অঞ্চলত সমস্যাই দেখা দিয়ে। হঠাৎ বলটো তাৰ পৰা বাউন্স হয়। তাতেই বেটছমেনসকল বিপদত পৰে। সেই বলটো কোনেও খেলিব নোৱাৰে। পথাৰত কেইবাটাও ঘাঁৰ সৃষ্টি হৈছিল। সেইটোৱেও সমস্যাৰ সৃষ্টি কৰিছিল।

এই খেলখন আছিল গিলং ষ্টেডিয়ামত। জানিব পৰা মতে, পূৰ্বৰ নিশা বৰষুণৰ বাবে খেলপথাৰৰ এটা অংশ ভিজা হৈয়েই আছে। যদিও পিটচৰ ওপৰত আৱৰণ আছে, তথাপিও ফাঁকবোৰৰ মাজেৰে পানী সোমাই যোৱাৰ আশংকা কৰা হৈছে।

মন্তব্যকাৰীসকলেও এনে খেলপথাৰত খেলখন খেলাৰ ক্ষেত্ৰত সন্দেহ প্ৰকাশ কৰে। মাইকেল ভ’গানে কয় যে এই খেলপথাৰত খেলাটো সঁচাকৈয়ে বিপদজনক নে বেটছমেনসকলে বেটিং কৰিব নোৱাৰিবলৈকেই কৰিছে? এডাম গিলক্ৰিষ্টে উত্তৰ দিলে, ‘মই ভাবো পিটচখন বিপজ্জনক। ইয়াত খেলাটো নিৰাপদ নহয়।”

খেলপথাৰৰ অৱস্থা ভাল নথকাৰ বাবে খেল আৰম্ভ হোৱাত পলম হৈছিল। খেলপথাৰৰ অৱস্থা দেখাৰ পাছত আম্পায়াৰসকলে খেলখন চলোৱাটো বিপদজনক বুলি অনুভৱ কৰিলে। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক এৰন ফিঞ্চে কয়, ‘মই আম্পায়াৰৰ পৰা কোনো আলোচনা শুনা নাছিলো। কিন্তু বলটো বাউন্স হোৱাৰ ধৰণটোক লৈ তেওঁলোক যেন চিন্তিত হৈ পৰিছিল।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক