--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সপ্তম অভাৰ শেষ হোৱাৰ আগতেই বন্ধ কৰিবলগা হ’ল এখন ক্ৰিকেট মেচ। দেওবাৰে বিগ বেছ লীগত এই ঘটনা সংঘটিত হয়। এই কাণ্ড সংঘটিত হৈছে মেলবৰ্ণ ৰেনেগেডছ বনাম পাৰ্থ স্কোৰ্চাৰ্ছৰ মেচত। আম্পায়াৰসকলে সিদ্ধান্ত ল’লে যে পিটচখন খেলৰ বাবে উপযুক্ত নহয়।

পিটচৰ এটা ভিজা অঞ্চলত সমস্যাই দেখা দিয়ে। হঠাৎ বলটো তাৰ পৰা বাউন্স হয়। তাতেই বেটছমেনসকল বিপদত পৰে। সেই বলটো কোনেও খেলিব নোৱাৰে। পথাৰত কেইবাটাও ঘাঁৰ সৃষ্টি হৈছিল। সেইটোৱেও সমস্যাৰ সৃষ্টি কৰিছিল।

এই খেলখন আছিল গিলং ষ্টেডিয়ামত। জানিব পৰা মতে, পূৰ্বৰ নিশা বৰষুণৰ বাবে খেলপথাৰৰ এটা অংশ ভিজা হৈয়েই আছে। যদিও পিটচৰ ওপৰত আৱৰণ আছে, তথাপিও ফাঁকবোৰৰ মাজেৰে পানী সোমাই যোৱাৰ আশংকা কৰা হৈছে।

মন্তব্যকাৰীসকলেও এনে খেলপথাৰত খেলখন খেলাৰ ক্ষেত্ৰত সন্দেহ প্ৰকাশ কৰে। মাইকেল ভ’গানে কয় যে এই খেলপথাৰত খেলাটো সঁচাকৈয়ে বিপদজনক নে বেটছমেনসকলে বেটিং কৰিব নোৱাৰিবলৈকেই কৰিছে? এডাম গিলক্ৰিষ্টে উত্তৰ দিলে, ‘মই ভাবো পিটচখন বিপজ্জনক। ইয়াত খেলাটো নিৰাপদ নহয়।”

খেলপথাৰৰ অৱস্থা ভাল নথকাৰ বাবে খেল আৰম্ভ হোৱাত পলম হৈছিল। খেলপথাৰৰ অৱস্থা দেখাৰ পাছত আম্পায়াৰসকলে খেলখন চলোৱাটো বিপদজনক বুলি অনুভৱ কৰিলে। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক এৰন ফিঞ্চে কয়, ‘মই আম্পায়াৰৰ পৰা কোনো আলোচনা শুনা নাছিলো। কিন্তু বলটো বাউন্স হোৱাৰ ধৰণটোক লৈ তেওঁলোক যেন চিন্তিত হৈ পৰিছিল।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক