--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰৰ পৰা আৰম্ভ হ’ব দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলা। প্ৰথমখন খেলৰ পূৰ্বে ৰিংকু সিঙৰ সাক্ষাৎকাৰ লৈছিল সতীৰ্থ শুবমান গিলে। ৰিংকুৰ ফিটনেছৰ ৰহস্য সেই সাক্ষাৎকাৰতে ওলাই পৰিছিল। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে ক্ৰিকেট প্ৰেমীৰ সৈতে তেওঁলোকৰ বাৰ্তালাপ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে।

ৰিংকুৱে বেগেৰে দৌৰিব পৰাৰ কথাও তাত উলায়। শুবমানে ধেমালিতে কয়- “আচলতে তেওঁক বান্দৰে কামুৰিছিল। সেইবাবেই ইমান বেগেৰে দৌৰে।'’ শুবমানৰ মুখত ধেমেলীয়া উত্তৰটো শুনি ৰিংকুৱে হাঁহি হাঁহি প্ৰায় ঢলি পৰিল।

দক্ষিণ আফ্ৰিকাৰ উইকেটৰ সন্দৰ্ভত ৰিংকুৱে কয়, ‘দক্ষিণ আফ্ৰিকাৰ পিটচত ভাৰতীয় পিটচতকৈ অলপ বেছি বাউন্স থাকে। গতিও বেছি। গতিকে মই শক্তিশালী বলাৰৰ বিৰুদ্ধে অধিক অনুশীলন কৰিলোঁ।’

ৰিংকুৱে কয় যে তেওঁ প্ৰশিক্ষক ৰাহুল দ্ৰাবিদে পৰামৰ্শ অনুসৰি খেলিবলৈ চেষ্টা কৰিছিল। দ্ৰাবিদে তেওঁক কি উপদেশ দিছিল? কে কে আৰ ক্ৰিকেটাৰগৰাকীয়ে কয়- ''মই পাঁচ-ছয় নম্বৰত বেটিং কৰিবলৈ নামো। সেই সময়ত প্ৰথম বলৰ পৰাই খেলি থাকিব লাগিব। প্ৰশিক্ষকে মোক মোৰ স্বাভাৱিক ধৰণে বেটিং কৰিবলৈ ক’লে। তেওঁ মোক নিজৰ ওপৰত বিশ্বাস কৰিবলৈ কৈছিল। দ্ৰাবিড় ছাৰৰ লগত কথা পাতি ভাল লাগিল। ইয়াৰ বতৰও যথেষ্ট ভাল। অনুশীলন কৰিবলৈ মজা লাগে।''

বেটিং অৰ্ডাৰৰ তলত বেটিং কৰিবলৈ ৰিংকুৰ কোনো সংকোচ নাই। তেওঁ কয়, ‘পাঁচ-ছয় নম্বৰত বেটিং কৰাটো অলপ কঠিন। বিশেষকৈ টি-২০ ক্ৰিকেটত। কিন্তু মোৰ অভ্যস্ত। এতিয়া আৰু কোনো সমস্যা নাই। চাৰি-পাঁচটা উইকেট সোনকালে পৰিলে পৰিস্থিতি অধিক কঠিন হৈ পৰে। কাৰণ সেই পৰিস্থিতিত অধিক আক্ৰমণাত্মক হোৱাটোৱে সদায় ফল নাপায়।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক