--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰৰ পৰা আৰম্ভ হ’ব দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলা। প্ৰথমখন খেলৰ পূৰ্বে ৰিংকু সিঙৰ সাক্ষাৎকাৰ লৈছিল সতীৰ্থ শুবমান গিলে। ৰিংকুৰ ফিটনেছৰ ৰহস্য সেই সাক্ষাৎকাৰতে ওলাই পৰিছিল। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে ক্ৰিকেট প্ৰেমীৰ সৈতে তেওঁলোকৰ বাৰ্তালাপ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে।

ৰিংকুৱে বেগেৰে দৌৰিব পৰাৰ কথাও তাত উলায়। শুবমানে ধেমালিতে কয়- “আচলতে তেওঁক বান্দৰে কামুৰিছিল। সেইবাবেই ইমান বেগেৰে দৌৰে।'’ শুবমানৰ মুখত ধেমেলীয়া উত্তৰটো শুনি ৰিংকুৱে হাঁহি হাঁহি প্ৰায় ঢলি পৰিল।

দক্ষিণ আফ্ৰিকাৰ উইকেটৰ সন্দৰ্ভত ৰিংকুৱে কয়, ‘দক্ষিণ আফ্ৰিকাৰ পিটচত ভাৰতীয় পিটচতকৈ অলপ বেছি বাউন্স থাকে। গতিও বেছি। গতিকে মই শক্তিশালী বলাৰৰ বিৰুদ্ধে অধিক অনুশীলন কৰিলোঁ।’

ৰিংকুৱে কয় যে তেওঁ প্ৰশিক্ষক ৰাহুল দ্ৰাবিদে পৰামৰ্শ অনুসৰি খেলিবলৈ চেষ্টা কৰিছিল। দ্ৰাবিদে তেওঁক কি উপদেশ দিছিল? কে কে আৰ ক্ৰিকেটাৰগৰাকীয়ে কয়- ''মই পাঁচ-ছয় নম্বৰত বেটিং কৰিবলৈ নামো। সেই সময়ত প্ৰথম বলৰ পৰাই খেলি থাকিব লাগিব। প্ৰশিক্ষকে মোক মোৰ স্বাভাৱিক ধৰণে বেটিং কৰিবলৈ ক’লে। তেওঁ মোক নিজৰ ওপৰত বিশ্বাস কৰিবলৈ কৈছিল। দ্ৰাবিড় ছাৰৰ লগত কথা পাতি ভাল লাগিল। ইয়াৰ বতৰও যথেষ্ট ভাল। অনুশীলন কৰিবলৈ মজা লাগে।''

বেটিং অৰ্ডাৰৰ তলত বেটিং কৰিবলৈ ৰিংকুৰ কোনো সংকোচ নাই। তেওঁ কয়, ‘পাঁচ-ছয় নম্বৰত বেটিং কৰাটো অলপ কঠিন। বিশেষকৈ টি-২০ ক্ৰিকেটত। কিন্তু মোৰ অভ্যস্ত। এতিয়া আৰু কোনো সমস্যা নাই। চাৰি-পাঁচটা উইকেট সোনকালে পৰিলে পৰিস্থিতি অধিক কঠিন হৈ পৰে। কাৰণ সেই পৰিস্থিতিত অধিক আক্ৰমণাত্মক হোৱাটোৱে সদায় ফল নাপায়।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক