ডিজিটেল ডেস্ক: ফাগুন মাহত মানুহে স্বাস্থ্যজনিত সমস্যাত ভোগে। বহুতৰে ফাগুন মাহতে বহু ৰোগ হোৱা দেখা যায়। বেছিভাগ লোকেই কাহ, চৰ্দি, জ্বৰ, এলাৰ্জি, ছালৰ ৰোগ, বসন্ত ৰোগ, গেছ, বদ হজম, পেটৰ ৰোগ, ব্ৰংকাইটিছ, হাপানী আদিত ভোগে। যিসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম তেওঁলোক সহজে এইবোৰ ৰোগত আক্ৰান্ত হয়। কিন্তু অলপ যত্ন ললে, নীতি নিয়ম মানি চলিলে আমি বহু পৰিমাণে এনেবোৰ ৰোগৰ পৰা হাত সাৰি থাকিব পাৰো।
খাদ্যগ্ৰহণৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰক। উৰহি, মাতিদাইল, কচু, ঔটেঙা, বৰালি মাছ ,বৰা চাউলৰ বস্তু যিমান পাৰে কমাই খাওক। (কাৰণ এনেবোৰ খাদ্যৰ পৰাও বহু লোকৰ এলাৰ্জি হোৱা দেখা যায়)। মাজে মাজে নিমপাত, চিৰতা, তিতাফুল , ভেকুৰি তিতা, তিতা কেৰেলা, কলখাৰ আদি খাওক। তিতা আৰু খাৰে তেজ পৰিষ্কাৰ কৰে, জ্বৰ , কাহ, চৰ্দি, এলাৰ্জি, কফজনীত সমস্যা, ছালৰ ৰোগ, পেটৰ ৰোগ, কৃমিজনিত সমস্যা নিৰাময় কৰে। তিতাকেৰেলা, নিম আদিয়ে বসন্ত ৰোগ প্ৰতিৰোধ কৰে। ইয়াৰ উপৰিও এনেবোৰ ঔষধি দ্ৰব্যই লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে আৰু শৰীৰৰ পৰা অলাগতিয়াল বৰ্জিত পদাৰ্থ নিষ্কাশন কৰি শৰীৰ শোধন কৰে।
টেঙেচি, চুকা শাক, মধুসূলেং আদি টেঙা শাকৰ আঞ্জা খাব লাগে। এইবোৰে গ্ৰহণী, অতিসাৰ , পেটৰ কামোৰণি আদি পেটৰ অসুখ হোৱাত বাধা দিয়ে আৰু জণ্ডিচ, পেচাবৰ সংক্ৰমণ জনীত ৰোগ আদি প্ৰতিৰোধ কৰে। প্ৰচুৰ পৰিমাণে ভিটামিন চি থকাৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে
ফাগুন মাহত হোৱা কেতবোৰ ৰোগ প্ৰতিৰোধ কৰিবলৈ আমি কেতবোৰ প্ৰাকৃতিক উপাদান ব্যৱহাৰ কৰিব পাৰো। সকলোৰে চিনাকি তেনে কেইবিধ ঔষধি দ্ৰব্যৰ সেৱন বিধি তলত উল্লেখ কৰা হ’ল।
তুলসী :- জীৱাণুনাশক, এলাৰ্জি প্ৰতিৰোধক , তেজ পৰিষ্কাৰক, কফ নাশক আদি গুণযুক্ত তুলসী পাতৰ সেৱনে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। নিয়মিতভাৱে দুই তিনিখিলা কৈ তুলসী পাত সেৱন কৰিলে এইসময়ত হোৱা বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি। জ্বৰ, কাহ, এজমা আদি ৰোগতো তুলসী উপকাৰী। এনেবোৰ ৰোগত অন্য ঔষধিৰ লগত তুলসীৰ ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।
আমলখি :- ভিটামিন চি, এন্টিঅক্সিডেন্ট আদিৰে ভৰপূৰ আমলখিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে , ছাল চুলিৰ সৌন্দৰ্য্য বৃদ্ধি কৰে, শৰীৰ শোধন কৰে আৰু বহু ৰোগ প্ৰতিৰোধ কৰে। নিয়মীয়াকৈ দুই তিনিটা আমলখি সেৱন কৰিলে বতৰ পৰিবৰ্তনৰ সময়ত হোৱা চৰ্দি,কাহ, এলাৰ্জি আদিৰ পৰা বাচি থাকিব পাৰি। আমলখিয়ে আমাক চিৰসেউজীয়া কৰিও ৰাখে অৰ্থাৎ দেহৰ যৌৱনাৱস্থা অটুট ৰখাত সহায় কৰে।
হালধি :- হালধিৰ অজস্ৰ গুণৰ কথা সকলোৱেই জানে। বিশেষকৈ এলাৰ্জিজনীত ৰোগ, ছালৰ ৰোগ, কফজনীত ৰোগ আদিত ইয়াৰ ব্যৱহাৰ চমকপ্ৰদ। হালধিয়ে তেজো পৰিষ্কাৰ কৰে যাৰ বাবে ছালৰ ৰোগত ই মহৌষধৰ কাম কৰে।কেঁচা হালধিৰ ৰস দুই চামুচ একাপ গাখীৰৰ লগত ৰাতিপুৱা সেৱন কৰিলে ই খুব সুন্দৰ ফল দিয়ে। কেঁচা হালধি নাপালে শুদ্ধ গুৰি হালধি এচামুছ এগিলাচ গাখীৰৰ লগত মিহলাই সেৱন কৰিলেও সুফল পোৱা যায়।
আদা :- আদাই হজমী শক্তি বৃদ্ধি কৰে , ভোক বঢ়ায় আৰু কফজনিত ৰোগ, পেটৰ ৰোগ আদিতো উপকাৰী। আদাৰ লগত অকণমান ক’লা নিমখ আৰু নেমুৰ ৰস দি ভোজন কৰাৰ আগত সেৱন কৰিলে পেটৰ ৰোগৰ পৰা হাত সাৰিব পাৰি। কফজনীত ৰোগতো আদাৰ ৰস, তুলসীৰ ৰস আৰু অন্যান্য ঔষধিৰ প্ৰয়োগ কৰিলে সুফল পোৱা যায়।
মৌজোল :- মৌ আমাৰ বাবে অমৃতসম। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ উপৰিও ই কাহ,চৰ্দি, এলাৰ্জি, হাপানী, ব্ৰংকাইটিছ আদি বহু ৰোগ নিৰাময় কৰে। নিয়মীয়াকৈ মৌজোল সেৱন কৰিলে ফাগুনত হোৱা বিভিন্ন ৰোগ প্ৰতিৰোধ ও নিৰাময় হয়। বিশেষকৈ ৰাতি শোৱাৰ সময়ত এচামুছ মৌ সেৱন কৰিলে বহু উপকৃত হোৱা দেখা যায়। তদুপৰি বিভিন্ন ৰোগত ঔষধিৰ লগত মৌক অনুপান হিচাবে সেৱন কৰিলে সুফল পোৱা যায়।
কেঁচা পিয়াজ :- কেঁচা পিয়াঁজ বৰ উপকাৰী বিশেষকৈ জ্বৰ,কাহ আদিত কেঁচা পিয়াঁজ খালে উপকাৰ পোৱা যায়। ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, হৃদপিণ্ড সবল কৰে আৰু পেচাবৰ সংক্ৰমণ ৰোধ কৰে আৰু বহু ৰোগত উপকাৰী। কেঁচা পিয়াজ খালে মুখ গোন্ধায় বাবে ৰাতিৰ আহাৰৰ লগত গ্ৰহণ কৰিব পাৰে।
নহৰু:- নহৰুয়ে বহু ৰোগ প্ৰতিৰোধ কৰে। বিশেষকৈ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে, এলাৰ্জি, কফজনীত ৰোগ, ভাইৰাছ, বেক্টেৰিয়াজনীত ৰোগত সুফল দিয়ে। মাজে সময়ে নহৰু দুই তিনিফুটা গেছত সেকি বা কলপাতত সেকি খাব পাৰে।
দোৰোণ বন :- ফাগুন মাহত হোৱা যিকোনো ৰোগত দোৰোণ বন বৰ উপকাৰী। বিশেষকৈ তনচিলাইটিছ, চাইনাচাইটিছ, ফেৰিনজাইটিছ , পেটৰ সমস্যা , এলাৰ্জি, কফজনীত সমস্যা আদিত এই শাক উপকাৰী। নহৰু, জালুক দি কলপাতত সেকি নাইবা বইল কৰি পিতিকা হিচাবেও খাব পাৰি।
মানিমুনি :- দুয়োবিধ মানিমুনি বহু ৰোগৰ উত্তম পথ্য। শিশু আৰু বৃদ্ধ উভয়ে মানিমুনি শাকৰ আঞ্জা খালে বহু ৰোগ প্ৰতিৰোধ হয়। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিতো মানিমুনি উপকাৰী। মানিমুনিৰ জালুকীয়া আঞ্জাই শৰীৰত বল প্ৰদান কৰে।