--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জোনবাইৰ ৰহস্য আৰু ৰহস্য হৈ নাথাকিব। নিৰ্জন জোনবাইতো মানুহে দপদপাই ফুৰিব পাৰিব। আপাততঃ তেনে আশাৰ গজালিয়েই এতিয়া পোখা মেলিবলৈ লৈছে। শেষবাৰৰ বাবে মানুহে ১৯৭২ চনত চন্দ্ৰত ভৰি থৈছিল। নাছাৰ পৰিকল্পনা অনুসৰি মহাকাশচাৰীকলে  চন্দ্ৰ পৰৱৰ্তী অভিযানত জোনবাইৰ দক্ষিণ গোলাৰ্ধত ভৰি থব।নাছাই শেহতীয়াকৈ সফলতাৰে চন্দ্ৰত আৰ্টেমিছ-১ মহাকাশযান খন অৱতৰণ কৰিবলৈ সক্ষম হৈছে। 

এইবাৰ  আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থা  নাছাই ইংগিত দিছে যেচন্দ্ৰক মানুহৰ বাসযোগ্য কৰি তোলাৰ ব্যৱস্থা কৰা হ'ব।নাছাই  চন্দ্ৰলৈ পঠিওৱা  আৰ্টেমিছ-১ মহাকাশযান খনে এই বিষয়ত অধ্যয়ন চলাব।  অৰিয়ন মহাকাশযানৰ অন্যতম ৰূপকাৰ হাৱাৰ্ড হুৱে এক সাক্ষাৎকাৰত কয়, "২০৩০ চনৰ ভিতৰত মানুহে চন্দ্ৰত বাস কৰিবলৈ সক্ষম হ'ব। আমি  চন্দ্ৰলৈ পুনৰ মানৱ প্ৰেৰণ কৰিবলৈ সক্ষম হম । তেওঁলোক তাতেই  থাকি যাব। তাৰ পৰাই তেওঁলোকে  বৈজ্ঞানিক গৱেষণা চলাই যাব । ''

উল্লেখ্য  যোৱা কেইমাহমানত আৰ্টেমিছ-১ ৰ উৎক্ষেপণ বিভিন্ন কাৰণত স্থগিত ৰাখিবলগীয়া হৈছিল। অৱশেষত যান খন সফলতাৰে  চন্দ্ৰলৈ প্ৰেৰণ কৰা হয়। অৱশ্যে, এইবাৰ যান খনত  কোনো লোকক পঠোৱা হোৱা নাই। এই  উৎক্ষেপণৰ লক্ষ্য হৈছে যানখনে সফলতাৰে চন্দ্ৰলৈ গৈ উভতি আহিবলৈ সক্ষম হ’ব  নে নাই সেয়া চোৱা। নাছাই আশা কৰিছে  যে পৰৱৰ্তী অভিযানত যান খনে মহাকাশচাৰীসকলক মহাকাশচাৰীসকলক চন্দ্ৰলৈ নিবলৈ  সক্ষম হ'ব।

 চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত যান খনে  প্ৰায় এসপ্তাহৰ ধৰি  পানী বিচাৰিব। যদি সেই অভিযান সফল হয়, পৰৱৰ্তী গন্তব্য স্থান হ'ব মঙ্গল গ্ৰহ। খনিজ পদাৰ্থৰ সন্ধান আৰু গৱেষণা অব্যাহত ৰাখিবলৈ পৰৱৰ্তী সময়ত  মানুহে চন্দ্ৰৰ মাটিত থকাৰ ব্যৱস্থা কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক