--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; মেজিক ৰিয়েলিজম যাৰ লেখাৰ অন্যতম উৎস, বিশ্বপ্ৰসিদ্ধ সাহিত্যিক ভাৰতীয় মূলৰ ছলমান ৰুশ্বদী নিউয়ৰ্কত ভয়ংকৰ আক্ৰমণৰ সন্মুখীন হৈছে৷ যাৰ লেখাৰ ফলত ১৯৮০ৰ দশকত ইৰাণৰ পৰা মৃত্যুৰ ভাবুকি আহিছিল, সেইগৰাকী লেখককে কালি পশ্চিম নিউয়ৰ্কৰ চাউটাউকুয়া প্ৰতিষ্ঠানত বক্তৃতা দিবলৈ যাওঁতে ছুৰীকাঘাত কৰা হৈছিল। ৭৫ বছৰীয়া ৰুশ্বদীক মঞ্চতে পৰিচয় দিয়াৰ সময়ত ছুৰীকাঘাত কৰা হৈছিল।

নিউয়ৰ্ক আৰক্ষীৰ মতে, আক্ৰমণকাৰীজনে মঞ্চলৈ দৌৰি গৈ ৰুশ্বদী আৰু এজন সাক্ষাৎকাৰ লওঁতাক আক্ৰমণ কৰিছিল। অনুষ্ঠানটোৰ ভিডিঅ’ ফুটেজত দেখা গৈছিল যে অনুষ্ঠানত উপস্থিত লোকসকলে ৰুশ্বদীৰ সহায়ৰ বাবে দৌৰি গৈছিল।

উপস্থিত শ্ৰোতা-দৰ্শকৰ এটা সৰু গোটে লেখকজনক আগুৰি ধৰিছিল, ভৰি দুখন ধৰি ৰাখিছিল, সম্ভৱতঃ তেওঁৰ বুকুলৈ অধিক তেজ প্ৰেৰণ কৰিবলৈ। আততায়ীয়ে ১২বাৰ ছুৰীৰে ডিঙিত আঘাত কৰিছিল লেখকগৰাকীক৷ 

পাছত ৰুশ্বদীক বিমানেৰে চিকিৎসালয়লৈ লৈ যোৱা হৈছে আৰু আক্ৰমণকাৰীজন বৰ্তমান আৰক্ষীৰ জিম্মাত আছে। নিউয়ৰ্ক আৰক্ষীয়ে এক বিবৃতিযোগে কয়, ৰুশ্বদীৰ ডিঙিত স্পষ্টভাৱে ছুৰীৰে আঘাত কৰা হৈছিল, আৰু হেলিকপ্টাৰেৰে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। তেওঁৰ অৱস্থা এতিয়াও জনা হোৱা নাই। সাক্ষাৎকাৰ লওঁতাই মূৰত সামান্য আঘাত পাইছিল। অনুষ্ঠানটোত নিযুক্ত এজন ৰাজ্যিক সৈন্যই লগে লগে আততায়ীগৰাকীক জিম্মাত লৈছিল৷

ইফালে, নিউয়ৰ্কৰ গৱৰ্ণৰ কেথি হোচুলে এই ভয়ংকৰ ঘটনাৰ পাছত ছলমান ৰুশ্বদী আৰু তেওঁৰ প্ৰিয়জনৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে৷ তেওঁ ৰাজ্যিক আৰক্ষীক তদন্তত প্ৰয়োজন হ'লেও অধিক সহায় কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে৷ 

ৰুশ্বদীৰ ওপৰত হোৱা আক্ৰমণৰ পাছত চৌটাউকুয়া প্ৰতিষ্ঠানত সমবেত হোৱা শ শ লোকক স্থানান্তৰ কৰা হৈছিল।

চলমান ৰুশ্বদীয়ে তেওঁৰ বুকাৰ বঁটা বিজয়ী ১৯৮১ চনৰ উপন্যাস ‘মিডনাইটছ চিল্ড্ৰেন’ৰ জৰিয়তে প্ৰসিদ্ধি লাভ কৰিছিল, কিন্তু ‘দ্য ছেটানিক ভাৰ্চেছ’ৰ পাছত তেওঁৰ নাম সমগ্ৰ বিশ্বতে জনাজাত হৈ পৰে। কিতাপখন ১৯৮৮ চনৰ পৰা ইৰাণত নিষিদ্ধ কৰা হৈছে, কিয়নো বহুতো মুছলমানে ইয়াক নিন্দনীয় বুলি গণ্য কৰে।

পিছত, ইৰাণৰ নেতা প্ৰয়াত আয়াতুল্লাহ ৰুহোল্লাহ খোমেনীয়ে ৰুশ্বদীৰ মৃত্যুৰ বাবে আহ্বান জনাই ফতোৱা জাৰি কৰে।

ভাৰতীয় বংশোদ্ভৱ ৰুশ্বদীয়ে বিগত ২০ বছৰ ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰি আছে। তেওঁৰ চতুৰ্থ কিতাপ ‘দ্য ছেটানিক ভাৰ্চেছ’ক লৈ হোৱা বিতৰ্কৰ পিছত, তেওঁ জনচক্ষুৰ পৰা আঁতৰি থাকিবলৈ লয় আৰু বেছিভাগ সময় ইউকেতে বাস কৰে। ভাবুকিস্বত্বেও, তেওঁ ১৯৯০ৰ দশকজুৰি কেইবাখনো উপন্যাস প্ৰস্তুত কৰিছিল।

২০১৫ চনত পেৰিছত ইছলামবাদীসকলৰ দ্বাৰা ইয়াৰ কৰ্মচাৰীসকলক গুলীয়াই হত্যা কৰাৰ পাছত ৰুশ্বদীয়ে ফৰাচী ব্যংগাত্মক আলোচনী চাৰ্লি হেবদোৰ এক শক্তিশালী প্ৰতিৰক্ষা আৰম্ভ কৰিছিল। আলোচনীখনে পয়গম্বৰৰ অংকন প্ৰকাশ কৰিছিল যিয়ে বিশ্বজুৰি মুছলমানসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু