--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃয়ামী গৌতমে বিকি ডোনাৰৰ সৈতে তেওঁৰ ছবি জগতৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।তেওঁ বলীউডত কেৱল সফলেই হোৱা নাই, অভিনয়ৰ জড়িয়তে তেওঁ  দৰ্শকৰ  প্ৰশংসাও অৰ্জন কৰিছে। কিন্তু বিগত কেইবছৰমানত অভিনেত্ৰীগৰাকীয়ে বহু ছবিত  বিফলতাৰ সন্মুখীন হৈছে। য়ামীৰ ছবিৰ  মুক্তিৰ পিছতে কংগনা ৰাণাৱটৰ কুইন আৰু হলিউডৰ ছবি ৩০০: ৰাইজ অফ এ এম্পায়াৰৰ সৈতে তীব্ৰ প্তিদ্বন্দ্বিতা হৈছিল।

সংবাদমাধ্যমেৰে  এক বিশেষ বাৰ্তালাপত য়ামী গৌতমে প্ৰকাশ কৰিছে যে কেনেকৈ সেই প্ৰতিদ্বন্দ্বিতা  পৰ্দাৰ বাহিৰলৈ  ওলাই আহিছিল আৰু কিয় তেওঁ   মাকক তেওঁৰ ছবিৰ  সলনি কংগনাৰ কুইন  চাবলৈ কৈছিল। অভিনেত্ৰীগৰাকীয়ে এই বিষয়ে  স্মৰণ কৰি কয়, "মোৰ মনত আছে যে এইখন মোৰ দ্বিতীয় খন ছবি টোটেল চিয়াপা আৰু কুইন একেদিনাই মুক্তি পাইছিল আৰু মই ভাবো এখন ডাঙৰ একচন ছবি (৩০০: ৰাইজ অফ এ এম্পায়াৰ)ৰো সেই সময়তে মুক্তি পাইছিল। সেই সকলোবোৰ আলোচনাৰ বিষয়  হৈ আছিল৷  
তিনিখন চলচ্চিত্ৰ মুক্তি পোৱাৰ বাবে কোনে কিমানখন পৰ্দা লাভ কৰিব তাকে লৈয়ো আলোচনা হৈছিল। মোৰ দলটো বহুত সুখী হৈছিল ,  কাৰণ  আমাৰ চলচ্চিত্ৰখনে অধিক পৰ্দা লাভ কৰিছিল। এই সকলোবোৰৰ বিষয়ে মোৰ কোনো ধাৰণা নাছিল ৷সেয়েহে মই শান্ত হৈ আছিলোঁ।  যদিও মই চিনেমাখনত কাম কৰিবলৈ  বহু সময় পাইছিলো আৰু ছবি খনৰ  প্ৰতি যথেষ্ট সন্মানো আছিল৷  কিন্তু ছবি খন মই  চোৱাৰ সময়ত ভাল নাপালোঁ। এয়া কেতিয়াবা বহুতৰে হয়।"

য়ামীয়ে কয়  যে এই সকলো বোৰ আলোচনাৰ মাজত, তেওঁ আন বহুতকে  সুধিছিল যে কুইন ছবি খন  ভাল হৈছে  নেকি ?বহুতৰ পা ইতিবাচক উত্তৰ পোৱাৰ পিছতে  তেওঁ  মাকক তেওঁৰ ছবিৰ সলনি কুইন চাবলৈ কৈছিল৷  য়ামীয়ে কয় "মই সুধিছিলো যে কোনোবাই কুইন চাইছে  নেকি ? বহুতে  কৈছিল যে এইখন এখন উত্তম ছবি । সেই সময়ত আমাৰ ছবি অধিক পৰ্দাত প্ৰদৰ্শিত হৈছিল,  কিন্তু মই জানিছিলো যে সেয়া  গুৰুত্বপূৰ্ণ কথা নহয়। মই মোৰ মাক ফোন কৰিছিলো আৰু কৈছিলো 'যদি তুমি মোৰ চিনেমা চাব বিচৰা  তেন্তে সেয়া তোমাৰ  ইচ্ছা৷  কিন্তু আন এখন চিনেমাও আছে, সেয়া খুব ভাল হৈছে৷ ছবি খন কংগনাৰ কুইন'।

কংগনা আৰু য়ামীয়ে কেতিয়াও একেলগে কাম কৰা নাই৷ তথাপি  দুয়োগৰাকী অভিনেত্ৰীৰ মাজত ভাল সম্পৰ্ক আছে৷ কংগনাই য়ামীক তেওঁৰ বিয়াৰ বাবে অভিনন্দন জনাইছিল আৰু দুয়োগৰাকীয়েই  প্ৰায়ে টুইটাৰ আৰু ইনষ্টাগ্ৰামত ইজনে সিজনৰ কামৰ প্ৰশংসা কৰি আহিছে ।

য়ামীক অতি শেহতীয়াকৈ লষ্ট ছবি খনত  দেখা গৈছিল৷  যি খন ছবি  থ্ৰিলাৰধৰ্মী আৰু  এই সপ্তাহৰ আৰম্ভণিতে জি৫-ত সম্প্ৰচাৰিত হৈছে৷   অভিনেত্ৰীগৰাকীয়ে ছবিখনত এগৰাকী  সাংবাদিকৰ চৰিত্ৰত অভিনয় কৰিছে। তেওঁক পৰৱৰ্তী সময়ত নেটফ্লিক্সৰ থ্ৰিলাৰ কমেডি চোৰ নিকল কে ভাগাত দেখা যাব৷ সেই ছবি খনত ছানী কৌশলেও অভিনয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু