--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃয়ামী গৌতমে বিকি ডোনাৰৰ সৈতে তেওঁৰ ছবি জগতৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।তেওঁ বলীউডত কেৱল সফলেই হোৱা নাই, অভিনয়ৰ জড়িয়তে তেওঁ  দৰ্শকৰ  প্ৰশংসাও অৰ্জন কৰিছে। কিন্তু বিগত কেইবছৰমানত অভিনেত্ৰীগৰাকীয়ে বহু ছবিত  বিফলতাৰ সন্মুখীন হৈছে। য়ামীৰ ছবিৰ  মুক্তিৰ পিছতে কংগনা ৰাণাৱটৰ কুইন আৰু হলিউডৰ ছবি ৩০০: ৰাইজ অফ এ এম্পায়াৰৰ সৈতে তীব্ৰ প্তিদ্বন্দ্বিতা হৈছিল।

সংবাদমাধ্যমেৰে  এক বিশেষ বাৰ্তালাপত য়ামী গৌতমে প্ৰকাশ কৰিছে যে কেনেকৈ সেই প্ৰতিদ্বন্দ্বিতা  পৰ্দাৰ বাহিৰলৈ  ওলাই আহিছিল আৰু কিয় তেওঁ   মাকক তেওঁৰ ছবিৰ  সলনি কংগনাৰ কুইন  চাবলৈ কৈছিল। অভিনেত্ৰীগৰাকীয়ে এই বিষয়ে  স্মৰণ কৰি কয়, "মোৰ মনত আছে যে এইখন মোৰ দ্বিতীয় খন ছবি টোটেল চিয়াপা আৰু কুইন একেদিনাই মুক্তি পাইছিল আৰু মই ভাবো এখন ডাঙৰ একচন ছবি (৩০০: ৰাইজ অফ এ এম্পায়াৰ)ৰো সেই সময়তে মুক্তি পাইছিল। সেই সকলোবোৰ আলোচনাৰ বিষয়  হৈ আছিল৷  
তিনিখন চলচ্চিত্ৰ মুক্তি পোৱাৰ বাবে কোনে কিমানখন পৰ্দা লাভ কৰিব তাকে লৈয়ো আলোচনা হৈছিল। মোৰ দলটো বহুত সুখী হৈছিল ,  কাৰণ  আমাৰ চলচ্চিত্ৰখনে অধিক পৰ্দা লাভ কৰিছিল। এই সকলোবোৰৰ বিষয়ে মোৰ কোনো ধাৰণা নাছিল ৷সেয়েহে মই শান্ত হৈ আছিলোঁ।  যদিও মই চিনেমাখনত কাম কৰিবলৈ  বহু সময় পাইছিলো আৰু ছবি খনৰ  প্ৰতি যথেষ্ট সন্মানো আছিল৷  কিন্তু ছবি খন মই  চোৱাৰ সময়ত ভাল নাপালোঁ। এয়া কেতিয়াবা বহুতৰে হয়।"

য়ামীয়ে কয়  যে এই সকলো বোৰ আলোচনাৰ মাজত, তেওঁ আন বহুতকে  সুধিছিল যে কুইন ছবি খন  ভাল হৈছে  নেকি ?বহুতৰ পা ইতিবাচক উত্তৰ পোৱাৰ পিছতে  তেওঁ  মাকক তেওঁৰ ছবিৰ সলনি কুইন চাবলৈ কৈছিল৷  য়ামীয়ে কয় "মই সুধিছিলো যে কোনোবাই কুইন চাইছে  নেকি ? বহুতে  কৈছিল যে এইখন এখন উত্তম ছবি । সেই সময়ত আমাৰ ছবি অধিক পৰ্দাত প্ৰদৰ্শিত হৈছিল,  কিন্তু মই জানিছিলো যে সেয়া  গুৰুত্বপূৰ্ণ কথা নহয়। মই মোৰ মাক ফোন কৰিছিলো আৰু কৈছিলো 'যদি তুমি মোৰ চিনেমা চাব বিচৰা  তেন্তে সেয়া তোমাৰ  ইচ্ছা৷  কিন্তু আন এখন চিনেমাও আছে, সেয়া খুব ভাল হৈছে৷ ছবি খন কংগনাৰ কুইন'।

কংগনা আৰু য়ামীয়ে কেতিয়াও একেলগে কাম কৰা নাই৷ তথাপি  দুয়োগৰাকী অভিনেত্ৰীৰ মাজত ভাল সম্পৰ্ক আছে৷ কংগনাই য়ামীক তেওঁৰ বিয়াৰ বাবে অভিনন্দন জনাইছিল আৰু দুয়োগৰাকীয়েই  প্ৰায়ে টুইটাৰ আৰু ইনষ্টাগ্ৰামত ইজনে সিজনৰ কামৰ প্ৰশংসা কৰি আহিছে ।

য়ামীক অতি শেহতীয়াকৈ লষ্ট ছবি খনত  দেখা গৈছিল৷  যি খন ছবি  থ্ৰিলাৰধৰ্মী আৰু  এই সপ্তাহৰ আৰম্ভণিতে জি৫-ত সম্প্ৰচাৰিত হৈছে৷   অভিনেত্ৰীগৰাকীয়ে ছবিখনত এগৰাকী  সাংবাদিকৰ চৰিত্ৰত অভিনয় কৰিছে। তেওঁক পৰৱৰ্তী সময়ত নেটফ্লিক্সৰ থ্ৰিলাৰ কমেডি চোৰ নিকল কে ভাগাত দেখা যাব৷ সেই ছবি খনত ছানী কৌশলেও অভিনয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক