--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ এতিয়া মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।  ফেচবুক লাইভত নাটকীয়ভাৱে তেওঁ গাদি এৰিছে। তেওঁৰ শিবিৰটোৱে শেষ ভৰসা হিচাপে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। এইবাৰ, উদ্ধৱ ঠাকৰেয়ে মহাৰাষ্ট্ৰত চৰকাৰৰ পতনক লৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক পোনপটীয়াকৈ সমালোচনা কৰে। গাদি হেৰুওৱাৰ পাছত তেওঁ প্ৰথমবাৰৰ বাবে সাংবাদিকৰ মুখামুখি হৈছিল। সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি তেওঁ কয়, "যদি অমিত শ্বাহে আমাক দিয়া প্ৰতিশ্ৰুতি পালন কৰিলেহেঁতেন, তেন্তে মহাৰাষ্ট্ৰই আজি এজন বিজেপি মুখ্যমন্ত্ৰী পালেহেঁতেন। "

শিৱসেনাই ইতিমধ্যে বিজেপিৰ সৈতে তেওঁলোকৰ ৩০ বছৰীয়া মিত্ৰতা ছিন্ন কৰিছে। বিষয়টো স্মৰণ কৰি উদ্ধৱ ঠাকৰেয়ে কয়, "অমিত শ্বাহে মোক কৈছিল যে শিৱসেনা আৰু বিজেপিয়ে মুখ্যমন্ত্ৰীৰ পদটো ভাগ বতৰা কৰিব। ৰটেশ্বনৰ আধাৰত, এবাৰ শিৱসেনা আৰু এবাৰ এজন বিজেপি নেতা এই পদত বহিব। অৱশ্যে, গেৰুৱা শিবিৰে উদ্ধৱৰ দাবী অস্বীকাৰ কৰিছে। তেওঁলোকৰ মতে, বিজেপিয়ে তেনে কোনো আশ্বাস দিয়া নাই।

বিজেপি এৰি যোৱাৰ পাছত, উদ্ধৱে সেই সময়ত শৰদ পাৱাৰ আৰু কংগ্ৰেছৰ সৈতে মহা বিকাশ আগদীৰ মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিছিল। শিৱসেনাৰ মিত্ৰতাত অধিক বিধায়ক আছিল। ফলস্বৰূপে, উদ্ধৱ ঠাকৰেক সৰ্বসন্মতিক্ৰমে মুখ্যমন্ত্ৰী হিচাপে বাছনি কৰা হয়। 

কেৱল বিজেপিয়েই নহয়, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ পাছত একনাথ চিন্দেকো উদ্ধৱে সমালোচনা কৰে। "এনেদৰে এৰিব পৰা দল কেতিয়াও শিৱসেনাৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। শিৱসেনাৰ প্ৰকৃত সৈনিকসকল ইয়াৰ দ্বাৰা বিভ্ৰান্ত হৈছে। স্মৰ্তবিন্দু যে শিৱসেনাৰ মুখ্য হুইপ সুনীল প্ৰভুৱে সোমবাৰে বিধায়কসকলৰ নিলম্বন গোচৰৰ আগতীয়া শুনানি বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল। অৱশ্যে, বিষয়টোৰ ওপৰত কোনো জৰুৰী শুনানি নহ'ব বুলি, উচ্চতম ন্যায়ালয়ে সোমবাৰে কয়। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সূৰ্যকান্তে কয়, "আমাৰ কোনেও চকু বন্ধ কৰি বহি থকা নাই। পৰৱৰ্তী শুনানি ১১ জুলাইত অনুষ্ঠিত হ'ব। সোমবাৰে, উদ্ধৱ ঠাকৰেয়ে ১৫ জন পীড়িত বিধায়ক আৰু একনাথ চিন্দেৰ বিধায়ক পদ বৰ্খাস্ত কৰিবলৈ উপাধ্যক্ষৰ কাষ চাপিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান