--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ এতিয়া মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।  ফেচবুক লাইভত নাটকীয়ভাৱে তেওঁ গাদি এৰিছে। তেওঁৰ শিবিৰটোৱে শেষ ভৰসা হিচাপে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। এইবাৰ, উদ্ধৱ ঠাকৰেয়ে মহাৰাষ্ট্ৰত চৰকাৰৰ পতনক লৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক পোনপটীয়াকৈ সমালোচনা কৰে। গাদি হেৰুওৱাৰ পাছত তেওঁ প্ৰথমবাৰৰ বাবে সাংবাদিকৰ মুখামুখি হৈছিল। সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি তেওঁ কয়, "যদি অমিত শ্বাহে আমাক দিয়া প্ৰতিশ্ৰুতি পালন কৰিলেহেঁতেন, তেন্তে মহাৰাষ্ট্ৰই আজি এজন বিজেপি মুখ্যমন্ত্ৰী পালেহেঁতেন। "

শিৱসেনাই ইতিমধ্যে বিজেপিৰ সৈতে তেওঁলোকৰ ৩০ বছৰীয়া মিত্ৰতা ছিন্ন কৰিছে। বিষয়টো স্মৰণ কৰি উদ্ধৱ ঠাকৰেয়ে কয়, "অমিত শ্বাহে মোক কৈছিল যে শিৱসেনা আৰু বিজেপিয়ে মুখ্যমন্ত্ৰীৰ পদটো ভাগ বতৰা কৰিব। ৰটেশ্বনৰ আধাৰত, এবাৰ শিৱসেনা আৰু এবাৰ এজন বিজেপি নেতা এই পদত বহিব। অৱশ্যে, গেৰুৱা শিবিৰে উদ্ধৱৰ দাবী অস্বীকাৰ কৰিছে। তেওঁলোকৰ মতে, বিজেপিয়ে তেনে কোনো আশ্বাস দিয়া নাই।

বিজেপি এৰি যোৱাৰ পাছত, উদ্ধৱে সেই সময়ত শৰদ পাৱাৰ আৰু কংগ্ৰেছৰ সৈতে মহা বিকাশ আগদীৰ মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিছিল। শিৱসেনাৰ মিত্ৰতাত অধিক বিধায়ক আছিল। ফলস্বৰূপে, উদ্ধৱ ঠাকৰেক সৰ্বসন্মতিক্ৰমে মুখ্যমন্ত্ৰী হিচাপে বাছনি কৰা হয়। 

কেৱল বিজেপিয়েই নহয়, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ পাছত একনাথ চিন্দেকো উদ্ধৱে সমালোচনা কৰে। "এনেদৰে এৰিব পৰা দল কেতিয়াও শিৱসেনাৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। শিৱসেনাৰ প্ৰকৃত সৈনিকসকল ইয়াৰ দ্বাৰা বিভ্ৰান্ত হৈছে। স্মৰ্তবিন্দু যে শিৱসেনাৰ মুখ্য হুইপ সুনীল প্ৰভুৱে সোমবাৰে বিধায়কসকলৰ নিলম্বন গোচৰৰ আগতীয়া শুনানি বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল। অৱশ্যে, বিষয়টোৰ ওপৰত কোনো জৰুৰী শুনানি নহ'ব বুলি, উচ্চতম ন্যায়ালয়ে সোমবাৰে কয়। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সূৰ্যকান্তে কয়, "আমাৰ কোনেও চকু বন্ধ কৰি বহি থকা নাই। পৰৱৰ্তী শুনানি ১১ জুলাইত অনুষ্ঠিত হ'ব। সোমবাৰে, উদ্ধৱ ঠাকৰেয়ে ১৫ জন পীড়িত বিধায়ক আৰু একনাথ চিন্দেৰ বিধায়ক পদ বৰ্খাস্ত কৰিবলৈ উপাধ্যক্ষৰ কাষ চাপিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চীনা সামগ্ৰীত ভাৰতৰ নিৰ্ভৰশীলতা বৃদ্ধি; ভাৰতীয় ঔদ্যোগিক আমদানিৰ ৩০ শতাংশ সামগ্ৰী আহে চীনৰ পৰা
তিনিচুকীয়াৰ বেংক বিষয়াক ধন দাবীৰে ব্লেকমেইল; যোৰহাটত হনীট্ৰেপিং চক্ৰৰ ৫জনক গ্ৰেপ্তাৰ
ভাৰতীয় মহিলা দলৰ অধিনায়কৰ পদ এৰিলে হৰমনপ্রীত কৌৰে
বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ পৰলোক প্ৰাপ্তি
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে
নামৰূপৰ বিশিষ্ট সমাজকৰ্মী মিনাৰাম চুতীয়ালৈ বাবা চাহেব বি. আৰ আম্বেদকাৰ বঁটা
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?