--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ইডিৰ ধাৰাবাহিক জেৰাৰ পাছতো কেন্দ্ৰীয় চৰকাৰ তথা প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে সৰব হৈয়ে আছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী৷ ইডিৰ জেৰা সংক্ৰান্তত মুখ খুলি ৰাহুল গান্ধীৰ স্পষ্ট মত- প্ৰধানমন্ত্ৰীয়ে মোক ইডি কাৰ্যালয়ত বহিবলৈ দি মোৰ আচৰণ সলনি কৰিব নোৱাৰে৷ 

কংগ্ৰেছ নেতা গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীক উপহাস কৰি কয়তেওঁক পাঁচদিনৰ বাবে কেন্দ্ৰীয় সংস্থাৰ কাৰ্যালয়ত বহিবলৈ দি তেওঁৰ আচৰণগত পৰিৱৰ্তন আশা কৰিব নোৱাৰে।

প্ৰৱৰ্তন সঞ্চালকালয় (ইডি)ৰ জেৰাৰ পাছত প্ৰথমবাৰৰ বাবে ৱায়ানাড সমষ্টি পৰিদৰ্শন কৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয়এনে বহুলোক আছে যাৰ আচৰণ হিংসা বা ভাবুকিৰ দ্বাৰা গঢ় দিব নোৱাৰি। ভাৰত চৰকাৰ অথবা প্ৰধানমন্ত্ৰীয়ে ভাবে যে মোক পাঁচ দিনৰ বাবে ইডি কাৰ্যালয়ত বহিবলৈ দিলেই মই মোৰ আচৰণ সলনি কৰিম। একেদৰেচিপিএমে বিশ্বাস কৰে যে মোৰ কাৰ্যালয় ভাঙিলে মই মোৰ আচৰণ সলনি কৰিম৷

ৰাহুল গান্ধীয়ে লগতে কয়মোৰ দেশৰ জনসাধাৰণৰ প্ৰতি থকা মোৰ মৰমৰ দ্বাৰা মোৰ আচৰণ গঢ় লৈ উঠিছে। এইটো এই দেশৰ পৰিশ্ৰমী জনসাধাৰণৰ প্ৰতি স্নেহৰ দ্বাৰা গঢ় লৈ উঠে। ইয়াক কেতিয়াও মোৰ বিৰোধী বা মোৰ শত্ৰুসকলে গঢ় দিব নোৱাৰে।

নেচনেল হেৰাল্ড মানি লণ্ডাৰিং গোচৰৰ সন্দৰ্ভত গান্ধীক যোৱা মাহত দিল্লীত পাঁচ দিনৰ বাবে প্ৰৱৰ্তন সঞ্চালকালয়ে সোধা-পোছা কৰিছিল। ইফালে২৪ জুনত চিপিআই(এম)ৰ যুৱ শাখা ষ্টুডেণ্টছ ফেডাৰেচন অব্ ইণ্ডিয়াই (এছএফআই) এক পদযাত্ৰা উলিয়াই ৱায়ানাডত ৰাহুল গান্ধীৰ কাৰ্যালয় ভাঙি চূৰমাৰ কৰে৷

ৱায়ানাডৰ চুলতান বাথেৰীৰ গান্ধী স্কোৱেৰত এখন ৰাজহুৱা সভাত ভাষণ দি কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে কয়বিজেপি আৰু চিপিএম দুয়োটা দলে হিংসাত বিশ্বাস কৰে। দুয়োটা ৰাজনৈতিক দলে ভাবে যে হিংসাত্মক আচৰণ কৰি তেওঁলোকে মানুহক ভয় খুৱাব পাৰে। এইটো তেওঁলোকৰ মনত থকা এটা গভীৰ বিভ্ৰান্তি। কিয়নো তেওঁলোকৰ সাহসৰ অভাৱ হৈছে৷ তেওঁলোকে ভাবে যে হিংসাই আনলোকৰ আচৰণক আকাৰ দিব পাৰে। কিন্তুসেয়া নহয়৷ কিয়নো এনে বহুলোক আছে যাৰ আচৰণ হিংসা বা ভাবুকিৰ দ্বাৰা গঢ় দিব নোৱাৰি৷ ৰাহুল গান্ধীৰ এই মন্তব্যই আজি কেইবাটাও তাৎপৰ্যপূৰ্ণ দিশৰ উন্মোচন কৰিলে বুলি চৰ্চিত হৈছে৷

ইপিনেৰাহুল গান্ধীয়ে নূপুৰ শৰ্মা সম্পৰ্কে উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণৰ ওপৰতো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ প্ৰতিক্ৰিয়া ব্যক্ত কৰি গান্ধীয়ে কয়দেশৰ পৰিৱেশ ৰায়দানৰ দ্বাৰা সৃষ্টি হৈছে। এই মন্তব্য কৰা ব্যক্তিজনে (নূপুৰ শৰ্মা) নহয়প্ৰধানমন্ত্ৰীএইচএমবিজেপি আৰু আৰ এছ এছেহে দেশত খংঘৃণাৰ এই পৰিৱেশ সৃষ্টি কৰিছে৷ সঁচাকৈয়েদেশৰ এই পৰিৱেশ এক দেশবিৰোধী কাৰ্য৷

তেওঁ লগতে কয়এয়া ভাৰতৰ স্বাৰ্থৰ বিৰোধীভাৰতৰ জনসাধাৰণৰ স্বাৰ্থৰ বিৰোধী আৰু এনে ঘটনাই ট্ৰেজেডীৰ দিশে আগুৱাই যাব। কংগ্ৰেছ দল হিচাপেআমি মানুহৰ মাজত সাঁকো নিৰ্মাণ কৰোঁআমি সম্প্ৰদায়ৰ মাজত সাঁকো নিৰ্মাণ কৰোঁআমি মানুহক একত্ৰিত কৰোঁ। গতিকে দেশখনত আৰএছএছ আৰু বিজেপিৰ দ্বাৰা কৰা কামবোৰ সম্পূৰ্ণৰূপে আমাৰ দৰ্শনৰ বিৰোধী। আমি ঘৃণা আৰু ক্ৰোধৰ সৈতে সমস্যা সমাধানত বিশ্বাস নকৰোঁ।

আজি এইদৰেই বিজেপি-আৰএছএছৰ বিৰুদ্ধেও আক্ৰমণাত্মক হৈ পৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকী৷

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ