--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই কয় যে যদি ভাৰতত সংখ্যালঘুৰ অধিকাৰ সুৰক্ষিত নহয় তেন্তে দেশখন বিভক্ত হোৱাৰ সম্ভাৱনা আছে। চিএনএনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই মন্তব্য কৰে ওবামাই।

উল্লেখ্য যে বৰ্তমান গ্ৰীচৰ এথেন্সত আছে ওবামা। সাক্ষাৎকাৰটোত ওবামাই কয় যে, “আমেৰিকা আৰু সমগ্ৰ বিশ্বৰ গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহ সোপাঢিলা হৈ পৰিছে।”

ওবামাই কয় যে উচ্চ পৰ্যায়ৰ সামাজিক বা অৰ্থনৈতিক বৈষম্যৰ সৈতে কোনো গণতন্ত্ৰই লাভৱান হ’ব নোৱাৰে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বৈৰাচাৰীতাবাদৰ দিশে আগবঢ়াৰ সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত ওবামাই কয় যে, “ভাৰতীয় গণতন্ত্ৰক লৈ উদ্বেগ উত্থাপন কৰাটোও কূটনৈতিক কথা-বতৰাত প্ৰৱেশ কৰিব লাগিব।”

‘মোৰ যুক্তিৰ এটা অংশ হ’ব যে যদি মোদীয়ে ভাৰতত সংখ্যালঘু জনগোষ্ঠীৰ অধিকাৰ সুৰক্ষিত নকৰে, তেন্তে ভাৰতে কোনো এটা সময়ত বিভক্ত হোৱাৰ সম্ভাৱনা প্ৰবল। আৰু আমি দেখিছো যেতিয়া সেই ধৰণৰ বৃহৎ আভ্যন্তৰীণ সংঘাতৰ সন্মুখীন হ’বলৈ আৰম্ভ কৰে তেতিয়া কি হয়।’’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকালৈ ৰাজ্যিক ভ্ৰমণলৈ গৈ বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে আলোচনাত মিলিত হয়। আমেৰিকাৰ কংগ্ৰেছৰ যৌথ অধিৱেশনতো ভাষণ দিব মোদীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি