--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই কয় যে যদি ভাৰতত সংখ্যালঘুৰ অধিকাৰ সুৰক্ষিত নহয় তেন্তে দেশখন বিভক্ত হোৱাৰ সম্ভাৱনা আছে। চিএনএনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই মন্তব্য কৰে ওবামাই।

উল্লেখ্য যে বৰ্তমান গ্ৰীচৰ এথেন্সত আছে ওবামা। সাক্ষাৎকাৰটোত ওবামাই কয় যে, “আমেৰিকা আৰু সমগ্ৰ বিশ্বৰ গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহ সোপাঢিলা হৈ পৰিছে।”

ওবামাই কয় যে উচ্চ পৰ্যায়ৰ সামাজিক বা অৰ্থনৈতিক বৈষম্যৰ সৈতে কোনো গণতন্ত্ৰই লাভৱান হ’ব নোৱাৰে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বৈৰাচাৰীতাবাদৰ দিশে আগবঢ়াৰ সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত ওবামাই কয় যে, “ভাৰতীয় গণতন্ত্ৰক লৈ উদ্বেগ উত্থাপন কৰাটোও কূটনৈতিক কথা-বতৰাত প্ৰৱেশ কৰিব লাগিব।”

‘মোৰ যুক্তিৰ এটা অংশ হ’ব যে যদি মোদীয়ে ভাৰতত সংখ্যালঘু জনগোষ্ঠীৰ অধিকাৰ সুৰক্ষিত নকৰে, তেন্তে ভাৰতে কোনো এটা সময়ত বিভক্ত হোৱাৰ সম্ভাৱনা প্ৰবল। আৰু আমি দেখিছো যেতিয়া সেই ধৰণৰ বৃহৎ আভ্যন্তৰীণ সংঘাতৰ সন্মুখীন হ’বলৈ আৰম্ভ কৰে তেতিয়া কি হয়।’’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকালৈ ৰাজ্যিক ভ্ৰমণলৈ গৈ বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে আলোচনাত মিলিত হয়। আমেৰিকাৰ কংগ্ৰেছৰ যৌথ অধিৱেশনতো ভাষণ দিব মোদীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস