--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এনডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মূৰ্মু সন্দৰ্ভত ৰাম গোপাল বৰ্মাই টুইট কৰি এক বিতৰ্কৰ সৃষ্টি কৰিছে। ২৪ জুন শুকুৰবাৰে হায়দৰাবাদ আৰক্ষীয়ে জনোৱা মতে, চলচ্চিত্ৰ পৰিচালক ৰাম গোপাল বৰ্মাই দ্ৰৌপদী মূৰ্মুৰ বিৰুদ্ধে কৰা অপমানজনক মন্তব্যৰ বাবে শীঘ্ৰেই অপৰাধমূলক গোচৰ ৰুজু কৰা হ’ব। 

তেলেংগানাৰ জ্যেষ্ঠ ভাৰতীয় জনতা পাৰ্টীৰ নেতা জি নাৰায়ণ ৰেড্ডীয়ে থানাত এজাহাৰ দাখিল কৰি দাবী কৰিছে যে ৰাম গোপাল বৰ্মাই টুইটাৰত এনডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মূৰ্মুৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰিছিল।

আৰক্ষী পৰিদৰ্শক বি প্ৰসাদ ৰাওৱে জনায়, ‘আমি অভিযোগ পাইছো, যিটো আমি আইনী মতামতৰ বাবে প্ৰেৰণ কৰিছো। আইনী মতামত লাভ কৰাৰ পিছত আমি ৰাম গোপাল বৰ্মাৰ বিৰুদ্ধে ‘অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইন’ৰ অধীনত গোচৰ ৰুজু কৰিম।

ৰাম গোপাল বৰ্মাই টুইট কৰি কৈছিল যে, ‘যদি দ্ৰৌপদী ৰাষ্ট্ৰপতি তেন্তে পাণ্ডৱ কোন? আৰু তাতোকৈ ডাঙৰ কথাটো হ’ল কৌৰৱসকল কোন? প্ৰমাণ হিচাপে বিজেপি নেতাজনে টুইটটো আৰক্ষীক অৰ্পণ কৰিছে।

ইফালে, জি নাৰায়ণ ৰেড্ডীয়ে আৰক্ষীক অনুসূচিত জাতি / জনজাতি আইনৰ অধীনত গোচৰ ৰুজু কৰিবলৈ আহ্বান জনাইছে। ৰাম গোপাল বৰ্মাক কঠোৰতম শাস্তি প্ৰদানৰো দাবী জনায় ৰেড্ডীয়ে। আইনী মতামত লাভ কৰাৰ পাছত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ইফালে, এনডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে এনে মন্তব্য কৰা ৰাম গোপাল বৰ্মাৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰিছে বিজেপিৰ বিধায়ক টি ৰাজা সিঙে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি