--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ ৰাজনীতিত হয়তো পুনৰ এগৰাকী অভিনেত্ৰীৰ প্ৰৱেশ ঘটিব । আপাততঃ তেনে কথাই প্ৰকাশ কৰিছে বলীউডৰ আবেদনময়ী অভিনেত্ৰী ৰাখী সাৱন্তে ।  বলীউডৰ বহু  তাৰকাই ৰাজনীতিত বিস্ময়কৰ সফলতা লাভ কৰাৰ পিছত ৰখী সাৱন্তে ঘোষণা কৰিছে যে  ২০২৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁ মথুৰা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। ৰাখী সাৱন্তৰ দাবীক লৈ ইতিমধ্যে বহুতৰে মাজত জল্পনা-কল্পনা আৰম্ভ হৈছে।এক বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱত বা  ৰাখী সাৱন্তে মথুৰাৰ পৰা প্ৰতিদ্বন্দিতা কৰিব পাৰে ।

ইপিনে মথুৰাৰ বিজেপি সাংসদ হেমা মালিনীয়ে তেওঁৰ টিকট কটা যোৱাৰ সম্ভাৱনাৰ মাজতে কৈছে যে  কংগনা ৰাণাৱটে যদি মথুৰাৰ পৰা প্ৰতিদ্বন্দিতা কৰে  তেন্তে সেয়া ভাল কথাই হ'ব। কেৱল সেয়াই নহয়,  হেমা মালিনীয়ে লগতে কৈছিল  যে কাইলৈ ইয়াৰ পৰা ৰাখী সাৱন্তে প্ৰতিদ্বন্দ্বিতা কৰাৰ  দাবী উত্থাপিত হ'ব পাৰে। বিজেপি সাংসদ হেমা মালিনী হেমা মালিনীৰ বক্তব্য সন্দৰ্ভত অভিনেত্ৰী ৰাখী সাৱন্তে কয়, 'মই কৃতজ্ঞ যে প্ৰধানমন্ত্ৰীয়ে মোক এই দায়িত্ব দিব বিচাৰে আৰু এইবাৰ তেওঁ মোক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিব বিচাৰিছে। এই কথা  হেমা মালিনীয়েই  ঘোষণা কৰিছে। অভিনেত্ৰীগৰাকীয়ে লগতে কয়  'আমাৰ প্ৰধানমন্ত্ৰী মোদীয়ে যদি  চাহ বিক্ৰী কৰি  প্ৰধানমন্ত্ৰী হ'ব পাৰে, তেন্তে মই বলীউডত কাম কৰি থকাৰ পিছত নিৰ্বাচনত কিয় প্ৰতিদ্বন্দিতা কৰিব নোৱাৰো? মই মুখ্যমন্ত্ৰী কিয় হ'ব নোৱাৰো? কেৱল আপোনাৰ আশীৰ্বাদৰ প্ৰয়োজন। 

২০২৪ চনত আপুনি মোক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা দেখিব," । উল্লেখ্য মথুৰাৰ সাংসদ হেমা মালিনীয়ে শনিবাৰে কৈছিল যে মথুৰাৰ পৰা যুঁজিবলৈ চলচ্চিত্ৰ শিল্পীসকলৰ আগ্ৰহ আছে। সকলোৰে মনত এনেকুৱা এটা ভাব আছে যে মথুৰাৰ প্ৰাৰ্থীগৰাকী ছবিৰ  তাৰকা হ'ব লাগিব । মথুৰাত এজন চলচ্চিত্ৰ তাৰকাৰেই  প্ৰয়োজন। কাইলৈ মানুহে ৰাখী সাৱন্তৰ নামো ল'ব পাৰে।

 হেমা মালিনীয়ে এনেদৰে মন্তব্য কৰাৰ পিছতে ৰাখীয়ে হেমাক কটাক্ষ কৰিবলৈ এই ভিডিঅ' এটা শ্বেয়াৰ কৰিছে। অৱশ্যে ভিডিঅ'টোত ৰাখীয়ে হেমা মালিনীকো ধন্যবাদো জনাইছে।

ভিডিঅ’টোত ৰাখী সাৱন্তই কৈছে যে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সকলো ফালৰ সাজু হৈছে আৰু লগতে তেওঁ অতিশয় উৎসাহিত হৈছে। আনকি ৰাখী সাৱন্তই নিৰ্বাচনত ভালদৰে যুঁজিব বুলিও কৈছে আৰু নিজকে ‘স্মৃতি ইৰাণী পাৰ্ট ২’ বুলিও অভিহিত কৰিছে। ৰাখীয়ে ভিডিঅ’টোত অনুৰাগীসকলক সমৰ্থন কৰিবলৈ অনুৰোধ জনাইছে আৰু তেওঁলোকৰ সম্পূৰ্ণ সহযোগিতা আৰু সমৰ্থন বিচাৰিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু