--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ ৰাজনীতিত হয়তো পুনৰ এগৰাকী অভিনেত্ৰীৰ প্ৰৱেশ ঘটিব । আপাততঃ তেনে কথাই প্ৰকাশ কৰিছে বলীউডৰ আবেদনময়ী অভিনেত্ৰী ৰাখী সাৱন্তে ।  বলীউডৰ বহু  তাৰকাই ৰাজনীতিত বিস্ময়কৰ সফলতা লাভ কৰাৰ পিছত ৰখী সাৱন্তে ঘোষণা কৰিছে যে  ২০২৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁ মথুৰা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। ৰাখী সাৱন্তৰ দাবীক লৈ ইতিমধ্যে বহুতৰে মাজত জল্পনা-কল্পনা আৰম্ভ হৈছে।এক বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱত বা  ৰাখী সাৱন্তে মথুৰাৰ পৰা প্ৰতিদ্বন্দিতা কৰিব পাৰে ।

ইপিনে মথুৰাৰ বিজেপি সাংসদ হেমা মালিনীয়ে তেওঁৰ টিকট কটা যোৱাৰ সম্ভাৱনাৰ মাজতে কৈছে যে  কংগনা ৰাণাৱটে যদি মথুৰাৰ পৰা প্ৰতিদ্বন্দিতা কৰে  তেন্তে সেয়া ভাল কথাই হ'ব। কেৱল সেয়াই নহয়,  হেমা মালিনীয়ে লগতে কৈছিল  যে কাইলৈ ইয়াৰ পৰা ৰাখী সাৱন্তে প্ৰতিদ্বন্দ্বিতা কৰাৰ  দাবী উত্থাপিত হ'ব পাৰে। বিজেপি সাংসদ হেমা মালিনী হেমা মালিনীৰ বক্তব্য সন্দৰ্ভত অভিনেত্ৰী ৰাখী সাৱন্তে কয়, 'মই কৃতজ্ঞ যে প্ৰধানমন্ত্ৰীয়ে মোক এই দায়িত্ব দিব বিচাৰে আৰু এইবাৰ তেওঁ মোক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিব বিচাৰিছে। এই কথা  হেমা মালিনীয়েই  ঘোষণা কৰিছে। অভিনেত্ৰীগৰাকীয়ে লগতে কয়  'আমাৰ প্ৰধানমন্ত্ৰী মোদীয়ে যদি  চাহ বিক্ৰী কৰি  প্ৰধানমন্ত্ৰী হ'ব পাৰে, তেন্তে মই বলীউডত কাম কৰি থকাৰ পিছত নিৰ্বাচনত কিয় প্ৰতিদ্বন্দিতা কৰিব নোৱাৰো? মই মুখ্যমন্ত্ৰী কিয় হ'ব নোৱাৰো? কেৱল আপোনাৰ আশীৰ্বাদৰ প্ৰয়োজন। 

২০২৪ চনত আপুনি মোক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা দেখিব," । উল্লেখ্য মথুৰাৰ সাংসদ হেমা মালিনীয়ে শনিবাৰে কৈছিল যে মথুৰাৰ পৰা যুঁজিবলৈ চলচ্চিত্ৰ শিল্পীসকলৰ আগ্ৰহ আছে। সকলোৰে মনত এনেকুৱা এটা ভাব আছে যে মথুৰাৰ প্ৰাৰ্থীগৰাকী ছবিৰ  তাৰকা হ'ব লাগিব । মথুৰাত এজন চলচ্চিত্ৰ তাৰকাৰেই  প্ৰয়োজন। কাইলৈ মানুহে ৰাখী সাৱন্তৰ নামো ল'ব পাৰে।

 হেমা মালিনীয়ে এনেদৰে মন্তব্য কৰাৰ পিছতে ৰাখীয়ে হেমাক কটাক্ষ কৰিবলৈ এই ভিডিঅ' এটা শ্বেয়াৰ কৰিছে। অৱশ্যে ভিডিঅ'টোত ৰাখীয়ে হেমা মালিনীকো ধন্যবাদো জনাইছে।

ভিডিঅ’টোত ৰাখী সাৱন্তই কৈছে যে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সকলো ফালৰ সাজু হৈছে আৰু লগতে তেওঁ অতিশয় উৎসাহিত হৈছে। আনকি ৰাখী সাৱন্তই নিৰ্বাচনত ভালদৰে যুঁজিব বুলিও কৈছে আৰু নিজকে ‘স্মৃতি ইৰাণী পাৰ্ট ২’ বুলিও অভিহিত কৰিছে। ৰাখীয়ে ভিডিঅ’টোত অনুৰাগীসকলক সমৰ্থন কৰিবলৈ অনুৰোধ জনাইছে আৰু তেওঁলোকৰ সম্পূৰ্ণ সহযোগিতা আৰু সমৰ্থন বিচাৰিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement