--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ সৈতে নিজৰ মাতৃগৃহলৈ গৈ আছিল। আদবাটত তেওঁলোকক কেইজনমান লোকে আগুচি ধৰে আৰু  স্বামীৰ সন্মুখত ৬ জন লোকে মহিলাগৰাকীক  দলবদ্ধ ধৰ্ষণ কৰে। এই পাশৱিক ঘটনাটো সংঘটিত হৈছে ঝাৰখণ্ডত।

ঝাৰখণ্ডৰ পালামুত মহিলাগৰাকীকক দলবদ্ধ ধৰ্ষণ কৰা হয়। মহিলাগৰাকীক তেওঁৰ স্বামীৰ সন্মুখত ছয়জন লোকে ধৰ্ষণ কৰাৰ ঘটনাটোৱে জোকাৰি গৈছে সমগ্ৰ দেশকে।  পালামুৰ সাতবৰৱা আৰক্ষী থানা এলেকাত সংঘটিত হৈছে এই ঘটনা। 

জানিব পৰা মতে  শহুৰেকৰ সৈতে কাজিয়াৰ লগাৰ পিছত মহিলাগৰাকীয়ে শনিবাৰে খোজকাঢ়ি তেওঁৰ মাতৃগৃহলৈ ৰাওনা হৈছিল। অৱশ্যে শহুৰেকে আধাতে বুজাবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁ পতি গৃহলৈ উভতি যাবলৈ সন্মত হোৱা নাছিল। তাৰ পিছত শহুৰেকে মহিলাগৰাকীৰ সৈতে তেওঁৰ স্বামীকো লগত পঠিয়াই দিছিল। স্বামীৰ ভায়েকজনো তেওঁলোকৰ লগতে গৈছিল। তিনিওজন নিশা প্ৰায় ৮ বজাত ভলুৱাহীত উপস্থিত হোৱাৰ পিছতে  ছয়জন লোকে তেওঁলোকক আগুচি ধৰিছিল।লোককেইজনে মহিলাগৰাকীৰ স্বামী আৰু ভায়েকক আক্ৰমণ  মাটিত বগৰাই দিছিল। ইয়াৰ পিছতে লোককেইজনে মহিলাগৰাকীক স্বামীৰ সন্মখতে  প্ৰায় চাৰি ঘণ্টা ধৰি দলবদ্ধ ভাৱে বলাৎকাৰ কৰে।

এই ঘটনাৰ পিছত, অভিযুক্ত এজনে মহিলাগৰাকী আৰু তেওঁৰ স্বামীক তেওঁলোকৰ বাইকত বহিবলৈ বাধ্য কৰে আৰু তেওঁলোকক আন ঠাইলৈ লৈ যাবলৈ চেষ্টা কৰে । সেইসময়তে মহিলাগৰাকীয়ে এখন  বোলেৰ' বাহন তেওঁলোকৰ পিনে আহি থকা দেখিলে। তেওঁ লগে লগে চিঞৰিবলৈ ধৰিলে। ধৰ্ষণকাৰীজনে বাইকৰ ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰি পৰি যা.। মহিলাগৰাকীৰ চিঞৰ শুনি  স্থানীয় গাওঁবাসী ঘটনাস্থলীলৈ দৌৰি  আহে । ইয়াৰ পিছত বাইক আৰোহী বলাৎকাৰীজনক ৰাইজে ধৰি বেয়াকৈ মাৰধৰ কৰে।অৱশ্যে আন কেইজন বলাৎকাৰীয়ে  ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয়।

মহিলাগৰাকীৰ  স্বামীয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাৰ পিছতে  আৰক্ষীয়ে অভিযুক্ত ভোলা ৰাম আৰু ধৰ্মেন্দ্ৰ ৰামক বাকোৰিয়া গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে আন কেইজনকো গ্ৰেপ্তাৰ কৰিবলৈ অঞ্চলটোত অভিযান চলাই আছে। মহিলাগৰাকীৰ স্বামীৰ পৰা লিখিত অভিযোগ পোৱাৰ পিছত, সতবৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋষিকেশ কুমাৰ ৰায়ে মহিলাগৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। 
সতবৰৱা আৰক্ষীয়ে ঘটনাটোত ব্যৱহৃত বাইকখন উদ্ধাৰ কৰিছে। গাওঁবাসীয়ে মহিলাগৰাকীক তেওঁৰ  খুৰাকৰ ঘৰলৈ পঠিয়াইছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু