--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ সৈতে নিজৰ মাতৃগৃহলৈ গৈ আছিল। আদবাটত তেওঁলোকক কেইজনমান লোকে আগুচি ধৰে আৰু  স্বামীৰ সন্মুখত ৬ জন লোকে মহিলাগৰাকীক  দলবদ্ধ ধৰ্ষণ কৰে। এই পাশৱিক ঘটনাটো সংঘটিত হৈছে ঝাৰখণ্ডত।

ঝাৰখণ্ডৰ পালামুত মহিলাগৰাকীকক দলবদ্ধ ধৰ্ষণ কৰা হয়। মহিলাগৰাকীক তেওঁৰ স্বামীৰ সন্মুখত ছয়জন লোকে ধৰ্ষণ কৰাৰ ঘটনাটোৱে জোকাৰি গৈছে সমগ্ৰ দেশকে।  পালামুৰ সাতবৰৱা আৰক্ষী থানা এলেকাত সংঘটিত হৈছে এই ঘটনা। 

জানিব পৰা মতে  শহুৰেকৰ সৈতে কাজিয়াৰ লগাৰ পিছত মহিলাগৰাকীয়ে শনিবাৰে খোজকাঢ়ি তেওঁৰ মাতৃগৃহলৈ ৰাওনা হৈছিল। অৱশ্যে শহুৰেকে আধাতে বুজাবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁ পতি গৃহলৈ উভতি যাবলৈ সন্মত হোৱা নাছিল। তাৰ পিছত শহুৰেকে মহিলাগৰাকীৰ সৈতে তেওঁৰ স্বামীকো লগত পঠিয়াই দিছিল। স্বামীৰ ভায়েকজনো তেওঁলোকৰ লগতে গৈছিল। তিনিওজন নিশা প্ৰায় ৮ বজাত ভলুৱাহীত উপস্থিত হোৱাৰ পিছতে  ছয়জন লোকে তেওঁলোকক আগুচি ধৰিছিল।লোককেইজনে মহিলাগৰাকীৰ স্বামী আৰু ভায়েকক আক্ৰমণ  মাটিত বগৰাই দিছিল। ইয়াৰ পিছতে লোককেইজনে মহিলাগৰাকীক স্বামীৰ সন্মখতে  প্ৰায় চাৰি ঘণ্টা ধৰি দলবদ্ধ ভাৱে বলাৎকাৰ কৰে।

এই ঘটনাৰ পিছত, অভিযুক্ত এজনে মহিলাগৰাকী আৰু তেওঁৰ স্বামীক তেওঁলোকৰ বাইকত বহিবলৈ বাধ্য কৰে আৰু তেওঁলোকক আন ঠাইলৈ লৈ যাবলৈ চেষ্টা কৰে । সেইসময়তে মহিলাগৰাকীয়ে এখন  বোলেৰ' বাহন তেওঁলোকৰ পিনে আহি থকা দেখিলে। তেওঁ লগে লগে চিঞৰিবলৈ ধৰিলে। ধৰ্ষণকাৰীজনে বাইকৰ ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰি পৰি যা.। মহিলাগৰাকীৰ চিঞৰ শুনি  স্থানীয় গাওঁবাসী ঘটনাস্থলীলৈ দৌৰি  আহে । ইয়াৰ পিছত বাইক আৰোহী বলাৎকাৰীজনক ৰাইজে ধৰি বেয়াকৈ মাৰধৰ কৰে।অৱশ্যে আন কেইজন বলাৎকাৰীয়ে  ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয়।

মহিলাগৰাকীৰ  স্বামীয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাৰ পিছতে  আৰক্ষীয়ে অভিযুক্ত ভোলা ৰাম আৰু ধৰ্মেন্দ্ৰ ৰামক বাকোৰিয়া গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে আন কেইজনকো গ্ৰেপ্তাৰ কৰিবলৈ অঞ্চলটোত অভিযান চলাই আছে। মহিলাগৰাকীৰ স্বামীৰ পৰা লিখিত অভিযোগ পোৱাৰ পিছত, সতবৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋষিকেশ কুমাৰ ৰায়ে মহিলাগৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। 
সতবৰৱা আৰক্ষীয়ে ঘটনাটোত ব্যৱহৃত বাইকখন উদ্ধাৰ কৰিছে। গাওঁবাসীয়ে মহিলাগৰাকীক তেওঁৰ  খুৰাকৰ ঘৰলৈ পঠিয়াইছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক