--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  কৰ্কট বা কেন্সাৰ ৰোগ এক বিপজ্জনক আৰু মাৰাত্মক ৰোগ। শৰীৰৰ কোনো অংশত অনিয়ন্ত্ৰিতভাৱে কেন্সাৰ কোষ বিয়পিবলৈ আৰম্ভ কৰিলে কৰ্কট ৰোগ হয়। সময়ৰ লগে লগে এই কোষবোৰে আন অংগৰ কাৰ্য্যকলাপত প্ৰভাৱ পেলায় আৰু বিপজ্জনক সংক্ৰমণ বৃদ্ধি পাই থাকে।

স্তন কেন্সাৰ, মুখৰ কৰ্কট ৰোগ, মগজুৰ কৰ্কট ৰোগ, যকৃতৰ কৰ্কট ৰোগ, তেজৰ কৰ্কট ৰোগ (লিউকেমিয়া), জৰায়ুৰ কৰ্কট ৰোগ (ছাৰ্ভাইকেল কেন্সাৰ) ইত্যাদি। কৰ্কট ৰোগ নিৰাময়যোগ্য হয় কিন্তু  সঠিক সময়ত ইয়াৰ লক্ষণসমূহ চিনাক্ত কৰাটো গুৰুত্বপূৰ্ণ।

কৰ্কট ৰোগ আগতীয়াকৈ ধৰা পৰিলে আৰু চিকিৎসা আৰম্ভ কৰিলে এই ৰোগ আৰোগ্য হৈ মৃত্যু ৰোধ কৰিব পৰা যায় বুলি বিশ্বাস কৰা হয়। প্ৰসংগক্ৰমে কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণসমূহ এনেকুৱা যে আগতীয়াকৈ ধৰা নপৰে। কিন্তু কিছুমান লক্ষণ আছে যিবোৰ আপুনি আওকাণ কৰিব নালাগে আৰু লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে।

১) যিকোনো অংশত দেখা পোৱা গোট বা ফুলাঃ
  Cancer Research UK (ref) ৰ মতে শৰীৰৰ কোনো অংশত বিশেষকৈ স্তন বা ডিঙিত যদি ফুলা বা গোটা কিবা দেখা যায় তেন্তে ইয়াক আওকাণ কৰা উচিত নহয়। বহু সময়ত কেন্সাৰ গোটটো লাহে লাহে বাঢ়ি যায়। 

২) আলচাৰ বা ঘাঁ ভাল নোহোৱাঃ
  যদি আপোনাৰ মুখৰ আলচাৰ বা ঔষধ খোৱাৰ পিছতো ভাল নোহোৱা ঘাঁ হৈছে বা সময়ৰ লগে লগে ইয়াৰ আকাৰ আৰু ৰং সলনি হৈ আছে, তেন্তে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লওক।

৩) ৰক্তক্ষৰণঃ  শৰীৰত অপ্ৰয়োজনীয় আৰু অত্যধিক ৰক্তক্ষৰণো কেন্সাৰৰ লক্ষণ, ইয়াৰ লগত বমি, মল-মূত্ৰ আৰু প্ৰস্ৰাৱ হ’ব পাৰে, যদি এনেকুৱা হয় তেন্তে তৎক্ষণাত পৰীক্ষা কৰাব লাগে।

৪) প্ৰস্ৰাৱ বা মলৰ যিকোনো পৰিৱৰ্তনঃ  যদি আপুনি আপোনাৰ প্ৰস্ৰাৱত কোনো পৰিৱৰ্তন অৰ্থাৎ কম বেছি পৰিমাণে বা ৰং সলনি হোৱা লক্ষ্য কৰে, তেন্তে কোনো পলম নকৰাকৈ চিকিৎসকৰ সৈতে কথা পাতক।

৫) যোনিৰ পৰা স্ৰাৱ ওলোৱাঃ  যোনিৰ পৰা যিকোনো ধৰণৰ স্ৰাৱ আৰু তাত গোন্ধ ওলোৱাটোও কেন্সাৰৰ লক্ষণ, যদি সঘনাই এনেকুৱা হয়, তেন্তে আপোনাৰ সঠিক পৰীক্ষা কৰাৰ সময় আহি পৰিছে।

৬) স্থায়ী কাহঃ যদি আপোনাৰ কাহ ধাৰাবাহিককে হৈ থাকে আৰু কাহৰ বাবে আপোনাৰ মাতটোও সলনি হৈছে আৰু কেইবা সপ্তাহ ধৰি এনেকৈয়ে স্থায়ী হৈ আছে তেন্তে তৎক্ষণাত চিকিৎসকৰ লগত কথা পাতক।

৭)  গিলিবলৈ অসুবিধাঃ যিকোনো খোৱা বস্তু খোৱা সময়ত গিলিবলৈ অসুবিধা পালে সাৱধান হওক।

৮) পেটত অনবৰতে গধুৰ হোৱাঃ কিবা খালেও বা নাখালেও অনবৰতে পেটটো গধুৰ লাগি থাকিলে আওকাণ নকৰিব।

৯)  অপ্ৰয়োজনীয়ভাৱে ওজন কমি যোৱাঃ কোনো ধৰণৰ কষ্ট নকৰাকৈ, খাদ্য নকমোৱাকৈ, ব্যায়াম নকৰাকৈ যদি ওজন কমি যায় তেন্তে বিষয়টো গুৰুত্বসহকাৰে লওক।   

১০) অনবৰতে ভাগৰুৱা আৰু দুৰ্বল হৈ থকাঃ  অনবৰতে ভাগৰুৱা আৰু দুৰ্বল হৈ থকাও কৰ্কট ৰোগৰ লক্ষণ, ইয়াক আওকাণ কৰা উচিত নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু