--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
আকাশচুম্বী বিমান ভাড়া ! ৰাছিয়াৰ সৈতে হোৱা সংঘাতে ইতিমধ্যে দুইখন দেশৰে নাগৰিকৰ জীৱন বিধ্বস্ত কৰি পেলাইছে৷ শেহতীয়াকৈ ইউক্ৰেইনৰ সৈতে হোৱা যুদ্ধ পৰিহাৰ কৰিবলৈ ৰাছিয়ানসকলে যথেষ্ট খৰচ কৰি দেশৰ পৰা পলায়ন কৰিছে৷ 
দেশ এৰিবলৈ আগ্ৰহী ৰাছিয়ানসকলে আশংকা কৰিছে যে চৰকাৰে যিকোনো সময়তে ৰাছিয়াৰ সীমান্ত বন্ধ কৰিব পাৰে। সেইকাৰণে ৰাছিয়ানসকলে ব্যক্তিগত বিমানৰ টিকট ক্ৰয় কৰাৰ বাবে নিৰ্ধাৰিত ভাড়াতকৈ বহুগুণে বেছি পৰিশোধ কৰিবলৈ বাধ্য হৈ পৰিছে৷ পুটিনৰ ঘোষণাৰ পিছত, সমগ্ৰ ৰাছিয়াত দেশ ত্যাগৰ প্ৰৱণতা বৃদ্ধি পাইছে৷ 
ইউক্ৰেইনৰ বহুতো ধনী নাগৰিকে যুদ্ধক্ষেত্ৰ পৰিহাৰ কৰিবলৈ বিমান ভাড়াত লাখ লাখ ৰুবেল খৰচ কৰি ৰাছিয়া ত্যাগ কৰিছে। 

পুটিনে ঘোষণা কৰিছে যে,  তেওঁ ইউক্ৰেইনৰ বিৰুদ্ধে হোৱা যুদ্ধলৈ  ৰাছিয়াৰ জনসাধাৰণৰ এটা অংশ প্ৰেৰণ কৰিব। সেই ঘোষণাৰ পিছত, সমগ্ৰ ৰাছিয়াত দেশ এৰি যাবলৈ খৰধৰ হৈছিল। তুৰ্কী, আৰ্মেনিয়া আৰু আজাৰবাইজানৰ দৰে দেশত, য'ত ৰাছিয়ানসকলক ভ্ৰমণৰ বাবে ভিছাৰ প্ৰয়োজন নাই, বিমান ভাড়া আকাশচুম্বী হৈ আছে। বিমানবন্দৰত যেন থিয় হ’বলৈয়ো  কোনো ঠাই নাই। বিমানবন্দৰলৈ যোৱা ৰাস্তাত তীব্ৰ  যান-জঁট সৃষ্টি হৈছে। এই পৰিস্থিতিত, ৰাছিয়াৰ ধনী সকলে চুবুৰীয়া দেশলৈ যাবলৈ ব্যক্তিগত বিমান ভাড়ালৈ লৈ আছে।

ব্ৰিটিছ সংবাদ মাধ্যম 'দ্য গাৰ্ডিয়ান'ৰ মতে, ৰাছিয়াৰ বিমান টিকটৰ মূল্য কেইবাবাৰো বৃদ্ধি পাইছে। ব্যক্তিগত এয়াৰলাইনত প্ৰতিটো টিকটৰ মূল্য ২০,০০০ৰ পৰা ২৫০০০ পাউণ্ডৰ ভিতৰত উপনীত হৈছে। ভাৰতীয় মুদ্ৰাত, যি হৈছে ক্ৰমান্বয়ে ১৭,৫৪,৭৭৪ ৰ পৰা২১,৯৩,৪৭৬ টকা। আনহাতে, আঠ আসনৰ জেটখনৰ ভাড়া ৮০,০০০ ৰ পৰা ১,৪০,০০০ পাউণ্ডত উপনীত হৈছে। ভাৰতীয় মুদ্ৰাত তেওঁলোকৰ যিকোনো এটা হৈছে ক্ৰমান্বয়ে  ৭০,১৯,০৯৬টকাৰ পৰা ১২২,৮৩,৪২৩ টকা। ব্ৰোকাৰ জেট কোম্পানীৰ সঞ্চালক য়েভগেনি বাইকভে কয়, "এই মুহূৰ্তত ৰাছিয়াত এক অভূতপূৰ্ব পৰিস্থিতি আছে। আগতে, দিনে ৫০ টা টিকট আছিল। এতিয়া ই প্ৰায় ৫০০০০ত উপনীত হৈছে। ''

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক