--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শুকুৰবাৰে দিল্লীৰ যন্তৰ–মন্তৰৰ পৰাই বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ই কাৰ্যত: লোকসভা নিৰ্বাচনৰ ৰণডংকা বজালে৷ সংসদৰ পৰা বিৰোধী সাংসদক নিলম্বনৰ বাবে ‘ইণ্ডিয়া’ই সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। 

সংসদৰ শীতকালীন অধিৱেশনৰ সময়ছোৱাত ১৪৬গৰাকী বিৰোধী সাংসদক নিলম্বনৰ প্ৰতিবাদত যন্তৰ–মন্তৰ প্ৰাংগণ উত্তাল কৰিলে বিৰোধী মৰ্চাৰ নেতা–কৰ্মীয়ে। ছেভ ডেম’ক্ৰেছি প্ৰ’টেষ্ট নামেৰে আজিৰ প্ৰতিবাদক নামকৰণ বিৰোধী মৰ্চাৰ। য’ত একত্ৰিত হৈছিল কংগ্ৰেছৰ লগতে DMK, সমাজবাদী পাৰ্টী, TMC, RJD প্ৰমুখ্যে ইণ্ডিয়া মৰ্চাৰ বহু সহযোগী দল।

দৰাচলতে সংসদত শীতকালীন অধিৱেশনৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাৰ পৰা নিলম্বিত কৰা হৈছিল মুঠ ১৪৬গৰাকী বিৰোধী সাংসদক। যাৰ ভিতৰত আছিল সৰ্বাধিক ৬১গৰাকী কংগ্ৰেছী সাংসদ। ১৪ৰ পৰা ২১ ডিচেম্বৰৰ ভিতৰত নিলম্বিত কৰা হৈছিল ১৪৬ গৰাকী সাংসদক। 

আনহাতে, ১৮ ডিচেম্বৰত এটা দিনতে ৭৮ গৰাকী বিৰোধী সাংসদক লোকসভা আৰু ৰাজ্যসভাৰ পৰা নিলম্বনৰ কাণ্ড পৰিগণিত হ’ল স্বাধীনতাৰ পাছত এক নজিৰবিহীন ঘটনা হিচাপে। সংসদত ১৩ ডিচেম্বৰত নিৰাপত্তাবেহু ভেদ কৰি দুই দুৰ্বৃত্তৰ প্ৰৱেশৰ ঘটনাৰ পাছতে বিৰোধীয়ে উত্তাল কৰিছিল দুই সদন। যাৰ পাছতে এনেদৰে নিলম্বিত হ’ল ১৪৬গৰাকী বিৰোধী সাংসদ। আজি যন্তৰ–মন্তৰত মোদী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি বিৰোধী নেতাসকলে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক