--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পাছতেই বিহাৰত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন৷বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ’বৰ বাবে প্ৰস্তুতি তুংগত কৰিছে ৰাজনৈতিক কৌশলবিদ প্ৰশান্ত কিশোৰে৷ ২০২৪ চনৰ নির্বাচনৰ পূর্বে এক বৃহৎ পদক্ষেপ জন সুৰজৰ প্রতিষ্ঠাপক প্রশান্ত কিশোৰৰ৷ ব্যক্তিগত চেনেলৰ সৈতে হোৱা বাৰ্তালাপ প্ৰশান্ত কিশোৰে কয় যে কিশোৰৰ মতাদৰ্শ কংগ্ৰেছৰ মতাদৰ্শৰ অতি ঘনিষ্ঠ। প্ৰশান্ত কিশোৰে লগতে কয় যে এতিয়া কংগ্ৰেছে তেওঁৰ সৈতে কাম কৰিব বিচাৰে নে নাই সেইটো সিদ্ধান্ত ল’ব লাগিব। 

প্ৰশান্ত কিশোৰে সম্প্ৰতি সমগ্ৰ বিহাৰত জন সুৰজ যাত্ৰা চলাই আছে।আৰু প্ৰতিদিনে সকলো দলকে টাৰ্গেট কৰি আছে।কিশোৰে তীব্ৰ টাৰ্গেট কৰিছে লালু-তেজস্বী যাদৱক। অৱশ্যে এতিয়া কংগ্ৰেছক লৈ তেওঁ যি মন্তব্য দিছে, সেয়াই নিশ্চিতভাৱে নতুন ৰাজনৈতিক পৰিবেশৰ সৃষ্টি কৰিব। ইফালে কংগ্ৰেছেও প্ৰশান্ত কিশোৰৰ এই বক্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

কংগ্ৰেছ নেতা ৰাজেশ ৰাথোড়ে কয় যে 'প্ৰশান্ত কিশোৰে কংগ্ৰেছৰ মতাদৰ্শ আৰু ৰাহুল গান্ধী তথা খৰ্গে জীৰ মতাদৰ্শৰ সৈতে আছে বুলি কোৱা কথাক আমি আদৰণি জনাইছোঁ।' কংগ্ৰেছৰ মতাদৰ্শৰ সৈতে কাম কৰিব বিচৰাসকলৰ বাবে দুৱাৰ মুকলি বুলিও তেওঁ মন্তব্য কৰে।

কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে প্ৰশান্ত কিশোৰে বিশ্বাস কৰে যে 'কেৱল কংগ্ৰেছ দলৰ মতাদৰ্শইহে এই দেশখনক আগুৱাই নিব পাৰে। কংগ্ৰেছ দল এখন মুকলি মঞ্চ আৰু ৰাহুল গান্ধীয়ে স্পষ্টকৈ কৈছে যে যিকোনো মতাদৰ্শৰ মানুহে যদি নিজৰ মতাদৰ্শ ত্যাগ কৰি কংগ্ৰেছ দলৰ মতাদৰ্শ গ্ৰহণ কৰে, তেন্তে আমি তেওঁলোকক আদৰণি জনাম। এনে লোকক কংগ্ৰেছে সদায় আদৰণি জনায়।'

বিজেপিৰ মুখ্য মুখপাত্ৰ মনোজ শৰ্মাই কয় যে প্ৰশান্ত কিশোৰৰ বহু মতাদৰ্শৰ সৈতে কাম কৰাৰ অভিজ্ঞতা আছে। ২০১৪ চনত ভাৰতীয় জনতা পাৰ্টীৰ মতাদৰ্শৰ দ্বাৰা প্ৰভাৱিত হৈ নৰেন্দ্ৰ মোদীৰ হৈ কাম কৰিছিল। তাৰ পাছত ২০১৫ চনৰ বিধান সভা নিৰ্বাচনত সমাজবাদী মতাদৰ্শৰ দ্বাৰা প্ৰভাৱিত হৈ লালু যাদৱ আৰু নীতিশ কুমাৰৰ হৈ কাম কৰিছিল। তাৰ পাছত কংগ্ৰেছৰ পৰা বিচ্ছিন্ন হৈ গঠন হোৱা টিএমচিৰ সৈতেও কাম কৰিছিল। গতিকে প্ৰশান্ত কিশোৰ মতাদৰ্শত হেৰাই গৈছে। তেওঁ বিভ্ৰান্ত হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু