--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পাছতেই বিহাৰত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন৷বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ’বৰ বাবে প্ৰস্তুতি তুংগত কৰিছে ৰাজনৈতিক কৌশলবিদ প্ৰশান্ত কিশোৰে৷ ২০২৪ চনৰ নির্বাচনৰ পূর্বে এক বৃহৎ পদক্ষেপ জন সুৰজৰ প্রতিষ্ঠাপক প্রশান্ত কিশোৰৰ৷ ব্যক্তিগত চেনেলৰ সৈতে হোৱা বাৰ্তালাপ প্ৰশান্ত কিশোৰে কয় যে কিশোৰৰ মতাদৰ্শ কংগ্ৰেছৰ মতাদৰ্শৰ অতি ঘনিষ্ঠ। প্ৰশান্ত কিশোৰে লগতে কয় যে এতিয়া কংগ্ৰেছে তেওঁৰ সৈতে কাম কৰিব বিচাৰে নে নাই সেইটো সিদ্ধান্ত ল’ব লাগিব। 

প্ৰশান্ত কিশোৰে সম্প্ৰতি সমগ্ৰ বিহাৰত জন সুৰজ যাত্ৰা চলাই আছে।আৰু প্ৰতিদিনে সকলো দলকে টাৰ্গেট কৰি আছে।কিশোৰে তীব্ৰ টাৰ্গেট কৰিছে লালু-তেজস্বী যাদৱক। অৱশ্যে এতিয়া কংগ্ৰেছক লৈ তেওঁ যি মন্তব্য দিছে, সেয়াই নিশ্চিতভাৱে নতুন ৰাজনৈতিক পৰিবেশৰ সৃষ্টি কৰিব। ইফালে কংগ্ৰেছেও প্ৰশান্ত কিশোৰৰ এই বক্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

কংগ্ৰেছ নেতা ৰাজেশ ৰাথোড়ে কয় যে 'প্ৰশান্ত কিশোৰে কংগ্ৰেছৰ মতাদৰ্শ আৰু ৰাহুল গান্ধী তথা খৰ্গে জীৰ মতাদৰ্শৰ সৈতে আছে বুলি কোৱা কথাক আমি আদৰণি জনাইছোঁ।' কংগ্ৰেছৰ মতাদৰ্শৰ সৈতে কাম কৰিব বিচৰাসকলৰ বাবে দুৱাৰ মুকলি বুলিও তেওঁ মন্তব্য কৰে।

কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে প্ৰশান্ত কিশোৰে বিশ্বাস কৰে যে 'কেৱল কংগ্ৰেছ দলৰ মতাদৰ্শইহে এই দেশখনক আগুৱাই নিব পাৰে। কংগ্ৰেছ দল এখন মুকলি মঞ্চ আৰু ৰাহুল গান্ধীয়ে স্পষ্টকৈ কৈছে যে যিকোনো মতাদৰ্শৰ মানুহে যদি নিজৰ মতাদৰ্শ ত্যাগ কৰি কংগ্ৰেছ দলৰ মতাদৰ্শ গ্ৰহণ কৰে, তেন্তে আমি তেওঁলোকক আদৰণি জনাম। এনে লোকক কংগ্ৰেছে সদায় আদৰণি জনায়।'

বিজেপিৰ মুখ্য মুখপাত্ৰ মনোজ শৰ্মাই কয় যে প্ৰশান্ত কিশোৰৰ বহু মতাদৰ্শৰ সৈতে কাম কৰাৰ অভিজ্ঞতা আছে। ২০১৪ চনত ভাৰতীয় জনতা পাৰ্টীৰ মতাদৰ্শৰ দ্বাৰা প্ৰভাৱিত হৈ নৰেন্দ্ৰ মোদীৰ হৈ কাম কৰিছিল। তাৰ পাছত ২০১৫ চনৰ বিধান সভা নিৰ্বাচনত সমাজবাদী মতাদৰ্শৰ দ্বাৰা প্ৰভাৱিত হৈ লালু যাদৱ আৰু নীতিশ কুমাৰৰ হৈ কাম কৰিছিল। তাৰ পাছত কংগ্ৰেছৰ পৰা বিচ্ছিন্ন হৈ গঠন হোৱা টিএমচিৰ সৈতেও কাম কৰিছিল। গতিকে প্ৰশান্ত কিশোৰ মতাদৰ্শত হেৰাই গৈছে। তেওঁ বিভ্ৰান্ত হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক