--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃফটো উঠি ভালপায় প্ৰধানমন্ত্ৰী মোদীয়ে। সেয়া লাগে সুখতেই হওঁক বা দুখতেই হওঁক। শেহতীয়াকৈ মৰবিৰ দলং দুৰ্ঘটনাত ১৩৫ জন লোকৰ মৃত্যু ঘটিছিল। দুৰ্ঘটনাটোত আহতসকলৰ খবৰ ল’বলৈ যোৱাৰ সময়ত মোদীয়ে যিমান ধন খৰচ কৰিছিল সেই ধনৰ পৰিমাণ দুৰ্ঘটনাত নিহত লোকৰ পৰিয়ালক দিয়া ধনতকৈ বহু বেছি আছিল। আৰটিআইৰ তথ্যৰ ওপৰত ভিত্তি কৰি সেই তথ্য প্ৰকাশ কৰা বুলি দাবী কৰিছিল তৃণমূল কংগ্ৰেছে। 

তৃণমূলৰ দাবী অনুসৰি মৰবিলৈ আহতৰ খবৰ ল’বলৈ যোৱাৰ সময়ত মোদীয়ে কেৱল ফটো শ্বুটৰ বাবেই খৰচ কৰিছিল ৫০ লাখ টকা। অৱশ্যে বিজেপিয়ে তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰ ছাকেট গোখলেৰ তেনে দাবী একেষাৰে অস্বীকাৰ কৰি কৈছিল যে সেই বিশয়ত কোন আৰটিআই কৰাই হোৱা নাছিল। এনে বিতৰ্কৰ মাজতে মোদীৰ বিৰুদ্ধে অভিযোগ অনা তৃণমূলৰ মুখপাত্ৰ ছাকেট গোখলেক যোৱা নিশা গুজৰাট আৰক্ষীয়ে  বিমানবন্দৰতে  আটক কৰে। টিএমচিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰজনে নিশাৰ বিমানেৰে নতুন দিল্লীৰ পৰা জয়পুৰলৈ ৰাওনা হৈছিল। তেওঁক গুজৰাট আৰক্ষীয়ে পুৱতি নিশা  ২ বজাত বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰে বুলি তৃণমূল কংগ্ৰেছে প্ৰকাশ কৰিছে। 

টিএমচিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ছাকেত গোখলেক নিশা  ২ বজাত বিমানবন্দৰত উপস্থিত হোৱাৰ সময়তে গ্ৰেপ্তাৰ কৰাৰ কথা প্ৰকাশ কৰিছে টিএমচিৰ ৰাজ্যসভাৰ সাংসদ ডেৰেক অ'ব্ৰায়েনে।  মঙলবাৰে তেওঁ এই বিষয়ত এটা   টুইট কৰে। মৰবি দলং দুৰ্যোগৰ পিছতৰ মোদীয়ে কৰা খৰচৰ বিষয়ে কোৱাৰ বাবেই ছাকেটক  গ্ৰেপ্তাৰ কৰা বুলি টিএমচিৰ সাংসদজনে দাবী কৰিছে।  তেওঁ এয়া  বিজেপিক ৰাজনৈতিক প্ৰতিহিংসা বুলিও কয়।


মঙলবাৰে পুৱা টুইটত ডেৰেকে গুজৰাট আৰক্ষীয়ে কেনেদৰে টিএমচিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰজনক গ্ৰেপ্তাৰ কৰিছিল সেই বিষয়ে সাংসদগৰাকীয়ে উল্লেখ কৰে।তেওঁ টুইটত লিখিছে  "ছাকেত সোমবাৰে নিশা প্ৰায় ৯ বজাত নতুন দিল্লীৰ পৰা ৰাজস্থানলৈ ৰাওনা হৈছিল। গুজৰাট আৰক্ষীয়ে তেওঁক ৰাজস্থানৰ বিমানবন্দৰত গ্ৰেপ্তাৰ কৰিবলৈ অপেক্ষা কৰি আছিল। ''




আৰক্ষীয়ে ছাকেটৰ সকলো সামগ্ৰী আৰু ফোন লৈ যোৱা বুলিও সাংসদগৰাকীয়ে কয়।
ছাকেটক  কিয় গ্ৰেপ্তাৰ কৰা হৈছে সেই বিষয়ে বৰ্ণনা কৰি ডেৰেকে লিখিছে, "চাকেটে  গুজৰাটৰ মৰবি দলং খহি পৰাৰ বিষয়ে টুইট কৰিছিল। 



টুইটটোক লৈ আহমেদাবাদৰ চাইবাৰ চেলত দুটা অভিযোগ দাখিল কৰা হৈছিল। একে সময়তে ডেৰেকে কয় যে এনে ঘটনাই তৃণমূলক স্তব্ধ কৰিব নোৱাৰে। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক