--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃফটো উঠি ভালপায় প্ৰধানমন্ত্ৰী মোদীয়ে। সেয়া লাগে সুখতেই হওঁক বা দুখতেই হওঁক। শেহতীয়াকৈ মৰবিৰ দলং দুৰ্ঘটনাত ১৩৫ জন লোকৰ মৃত্যু ঘটিছিল। দুৰ্ঘটনাটোত আহতসকলৰ খবৰ ল’বলৈ যোৱাৰ সময়ত মোদীয়ে যিমান ধন খৰচ কৰিছিল সেই ধনৰ পৰিমাণ দুৰ্ঘটনাত নিহত লোকৰ পৰিয়ালক দিয়া ধনতকৈ বহু বেছি আছিল। আৰটিআইৰ তথ্যৰ ওপৰত ভিত্তি কৰি সেই তথ্য প্ৰকাশ কৰা বুলি দাবী কৰিছিল তৃণমূল কংগ্ৰেছে। 

তৃণমূলৰ দাবী অনুসৰি মৰবিলৈ আহতৰ খবৰ ল’বলৈ যোৱাৰ সময়ত মোদীয়ে কেৱল ফটো শ্বুটৰ বাবেই খৰচ কৰিছিল ৫০ লাখ টকা। অৱশ্যে বিজেপিয়ে তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰ ছাকেট গোখলেৰ তেনে দাবী একেষাৰে অস্বীকাৰ কৰি কৈছিল যে সেই বিশয়ত কোন আৰটিআই কৰাই হোৱা নাছিল। এনে বিতৰ্কৰ মাজতে মোদীৰ বিৰুদ্ধে অভিযোগ অনা তৃণমূলৰ মুখপাত্ৰ ছাকেট গোখলেক যোৱা নিশা গুজৰাট আৰক্ষীয়ে  বিমানবন্দৰতে  আটক কৰে। টিএমচিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰজনে নিশাৰ বিমানেৰে নতুন দিল্লীৰ পৰা জয়পুৰলৈ ৰাওনা হৈছিল। তেওঁক গুজৰাট আৰক্ষীয়ে পুৱতি নিশা  ২ বজাত বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰে বুলি তৃণমূল কংগ্ৰেছে প্ৰকাশ কৰিছে। 

টিএমচিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ছাকেত গোখলেক নিশা  ২ বজাত বিমানবন্দৰত উপস্থিত হোৱাৰ সময়তে গ্ৰেপ্তাৰ কৰাৰ কথা প্ৰকাশ কৰিছে টিএমচিৰ ৰাজ্যসভাৰ সাংসদ ডেৰেক অ'ব্ৰায়েনে।  মঙলবাৰে তেওঁ এই বিষয়ত এটা   টুইট কৰে। মৰবি দলং দুৰ্যোগৰ পিছতৰ মোদীয়ে কৰা খৰচৰ বিষয়ে কোৱাৰ বাবেই ছাকেটক  গ্ৰেপ্তাৰ কৰা বুলি টিএমচিৰ সাংসদজনে দাবী কৰিছে।  তেওঁ এয়া  বিজেপিক ৰাজনৈতিক প্ৰতিহিংসা বুলিও কয়।


মঙলবাৰে পুৱা টুইটত ডেৰেকে গুজৰাট আৰক্ষীয়ে কেনেদৰে টিএমচিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰজনক গ্ৰেপ্তাৰ কৰিছিল সেই বিষয়ে সাংসদগৰাকীয়ে উল্লেখ কৰে।তেওঁ টুইটত লিখিছে  "ছাকেত সোমবাৰে নিশা প্ৰায় ৯ বজাত নতুন দিল্লীৰ পৰা ৰাজস্থানলৈ ৰাওনা হৈছিল। গুজৰাট আৰক্ষীয়ে তেওঁক ৰাজস্থানৰ বিমানবন্দৰত গ্ৰেপ্তাৰ কৰিবলৈ অপেক্ষা কৰি আছিল। ''




আৰক্ষীয়ে ছাকেটৰ সকলো সামগ্ৰী আৰু ফোন লৈ যোৱা বুলিও সাংসদগৰাকীয়ে কয়।
ছাকেটক  কিয় গ্ৰেপ্তাৰ কৰা হৈছে সেই বিষয়ে বৰ্ণনা কৰি ডেৰেকে লিখিছে, "চাকেটে  গুজৰাটৰ মৰবি দলং খহি পৰাৰ বিষয়ে টুইট কৰিছিল। 



টুইটটোক লৈ আহমেদাবাদৰ চাইবাৰ চেলত দুটা অভিযোগ দাখিল কৰা হৈছিল। একে সময়তে ডেৰেকে কয় যে এনে ঘটনাই তৃণমূলক স্তব্ধ কৰিব নোৱাৰে। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে