--°C
Loading...
Listen to Article
2 min read
80%

৩২ বছৰীয়া ডেনিছ আজাদ আনচাৰীয়ে লক্ষ্ণৌ বিশ্ববিদ্যালয়ত এবিভিপিত ছাত্ৰ হিচাপে যোগদান কৰিছিল য'ৰ পৰা তেওঁ স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। তেওঁ উত্তৰ প্ৰদেশত বিজেপিৰ সংখ্যালঘু কোষৰ সাধাৰণ সম্পাদক।

ডিজিটেল ডেস্ক : ২০২২ চনৰ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত বিপুল ভোটত বিজয়ৰ বিজেপিৰ৷ প্ৰথমবাৰৰ পাছত দ্বিতীয় কাৰ্যকালৰ বাবে এক অভিলেখ সৃষ্টি কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে৷ উত্তৰ প্ৰদেশৰ গাদী পুনৰ দখল কৰিছে যোগীৰ মন্ত্ৰীসভাই৷ এইবাৰ মন্ত্ৰীসভাৰ সদস্য হিচাপে প্ৰায় ৫২জন মন্ত্ৰীয়ে শপতগ্ৰহণ কৰে। এই ৫২জন মন্ত্ৰীৰ ভিতৰত ডেনিছ আজাদ আনচাৰী হৈছে একমাত্ৰ মুছলমান মন্ত্ৰী। সমগ্ৰ দেশৰ দৃষ্টি নিবদ্ধ হৈছে যোগীৰ এই মন্ত্ৰীজনৰ ওপৰত৷ মুছলমান মন্ত্ৰী ডেনিছ আনচাৰীৰ বালিয়া জিলাৰ বাসিন্দা আনচাৰীয়ে স্থলাভিষিক্ত কৰে মহছিন ৰাজাৰক৷ তেওঁৰ আদিত্যনাথৰ ১.০ চৰকাৰত সংখ্যালঘু কল্যাণ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। ৩২ বছৰীয়া আনচাৰীয়ে লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ ছাত্ৰ অৱস্থাত এবিভিপিত যোগদান কৰিছিল য'ৰ পৰা তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ ৩১জন নতুন মুখৰ ভিতৰত এজন যিয়ে আদিত্যনাথৰ নতুন চৰকাৰত স্থান পাইছে। নতুন কেবিনেটত তেওঁৰ বাছনিৰ পাছত, আনচাৰীয়ে কৈছিল যে এইটো অপ্ৰত্যাশিত নহয়। পিটিআইৰ এক সাক্ষাৎকাৰত তেওঁ কয় যে 'তেওঁ গেৰুৱা শিবিৰৰে এজন৷' তেওঁৰ দৰে এজন সাধাৰণ দলীয় কৰ্মীক ইমান ডাঙৰ সুযোগ দিয়াৰ বাবে ধন্যবাদ জনাই আনচাৰীয়ে৷ লগতে সম্পূৰ্ণ সততাৰে নিজৰ দায়িত্ব পালন কৰাৰো প্ৰতিশ্ৰুতি দিয়ে। তদুপৰি আনচাৰীয়ে দাবী কৰে যে উত্তৰৰ ৰাজ্যখনত বিজেপিত মুছলমান সম্প্ৰদায়ৰ বিশ্বাস বৃদ্ধি পাইছে। তেওঁ কয় যে বিজেপিয়ে প্ৰব্ৰৰ্তন কৰা কল্যাণমূলক আঁচনিসমূহে লোকসকলক লাভান্বিত কৰিছে আৰু চৰকাৰে তেওঁলোকক সুবিধা প্ৰদান কৰাৰ আগতে কাৰো জাতি আৰু ধৰ্মৰ কথা সোধা নাই।

আদিত্যনাথৰ নতুন চৰকাৰৰ একমাত্ৰ মুছলমান মুখ আনচাৰীৰ বিষয়ে ইয়াত কিছুমান তথ্য দিয়া হৈছে:

আনচাৰী উত্তৰ প্ৰদেশত বিজেপিৰ সংখ্যালঘু কোষৰ সাধাৰণ সম্পাদক। ২০২২ চনৰ বিধানসভা নিৰ্বাচনৰ ঠিক আগতে তেওঁক এই পদত নিযুক্তি দিয়া হৈছিল। আনচাৰীক ২০১৮ চনৰ অক্টোবৰত পূৰ্বৰ আদিত্যনাথ চৰকাৰত উৰ্দু ভাষা সমিতিৰ সদস্য হিচাপে নিযুক্ত কৰা হৈছিল। তেওঁ সমিতিখনত ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা লাভ কৰিছিল। আনচাৰীয়ে বালিয়াৰ হলি ক্ৰছ স্কুলৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছে। new pca banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ