--°C
Loading...
Listen to Article
2 min read
80%

৩২ বছৰীয়া ডেনিছ আজাদ আনচাৰীয়ে লক্ষ্ণৌ বিশ্ববিদ্যালয়ত এবিভিপিত ছাত্ৰ হিচাপে যোগদান কৰিছিল য'ৰ পৰা তেওঁ স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। তেওঁ উত্তৰ প্ৰদেশত বিজেপিৰ সংখ্যালঘু কোষৰ সাধাৰণ সম্পাদক।

ডিজিটেল ডেস্ক : ২০২২ চনৰ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত বিপুল ভোটত বিজয়ৰ বিজেপিৰ৷ প্ৰথমবাৰৰ পাছত দ্বিতীয় কাৰ্যকালৰ বাবে এক অভিলেখ সৃষ্টি কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে৷ উত্তৰ প্ৰদেশৰ গাদী পুনৰ দখল কৰিছে যোগীৰ মন্ত্ৰীসভাই৷ এইবাৰ মন্ত্ৰীসভাৰ সদস্য হিচাপে প্ৰায় ৫২জন মন্ত্ৰীয়ে শপতগ্ৰহণ কৰে। এই ৫২জন মন্ত্ৰীৰ ভিতৰত ডেনিছ আজাদ আনচাৰী হৈছে একমাত্ৰ মুছলমান মন্ত্ৰী। সমগ্ৰ দেশৰ দৃষ্টি নিবদ্ধ হৈছে যোগীৰ এই মন্ত্ৰীজনৰ ওপৰত৷ মুছলমান মন্ত্ৰী ডেনিছ আনচাৰীৰ বালিয়া জিলাৰ বাসিন্দা আনচাৰীয়ে স্থলাভিষিক্ত কৰে মহছিন ৰাজাৰক৷ তেওঁৰ আদিত্যনাথৰ ১.০ চৰকাৰত সংখ্যালঘু কল্যাণ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। ৩২ বছৰীয়া আনচাৰীয়ে লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ ছাত্ৰ অৱস্থাত এবিভিপিত যোগদান কৰিছিল য'ৰ পৰা তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ ৩১জন নতুন মুখৰ ভিতৰত এজন যিয়ে আদিত্যনাথৰ নতুন চৰকাৰত স্থান পাইছে। নতুন কেবিনেটত তেওঁৰ বাছনিৰ পাছত, আনচাৰীয়ে কৈছিল যে এইটো অপ্ৰত্যাশিত নহয়। পিটিআইৰ এক সাক্ষাৎকাৰত তেওঁ কয় যে 'তেওঁ গেৰুৱা শিবিৰৰে এজন৷' তেওঁৰ দৰে এজন সাধাৰণ দলীয় কৰ্মীক ইমান ডাঙৰ সুযোগ দিয়াৰ বাবে ধন্যবাদ জনাই আনচাৰীয়ে৷ লগতে সম্পূৰ্ণ সততাৰে নিজৰ দায়িত্ব পালন কৰাৰো প্ৰতিশ্ৰুতি দিয়ে। তদুপৰি আনচাৰীয়ে দাবী কৰে যে উত্তৰৰ ৰাজ্যখনত বিজেপিত মুছলমান সম্প্ৰদায়ৰ বিশ্বাস বৃদ্ধি পাইছে। তেওঁ কয় যে বিজেপিয়ে প্ৰব্ৰৰ্তন কৰা কল্যাণমূলক আঁচনিসমূহে লোকসকলক লাভান্বিত কৰিছে আৰু চৰকাৰে তেওঁলোকক সুবিধা প্ৰদান কৰাৰ আগতে কাৰো জাতি আৰু ধৰ্মৰ কথা সোধা নাই।

আদিত্যনাথৰ নতুন চৰকাৰৰ একমাত্ৰ মুছলমান মুখ আনচাৰীৰ বিষয়ে ইয়াত কিছুমান তথ্য দিয়া হৈছে:

আনচাৰী উত্তৰ প্ৰদেশত বিজেপিৰ সংখ্যালঘু কোষৰ সাধাৰণ সম্পাদক। ২০২২ চনৰ বিধানসভা নিৰ্বাচনৰ ঠিক আগতে তেওঁক এই পদত নিযুক্তি দিয়া হৈছিল। আনচাৰীক ২০১৮ চনৰ অক্টোবৰত পূৰ্বৰ আদিত্যনাথ চৰকাৰত উৰ্দু ভাষা সমিতিৰ সদস্য হিচাপে নিযুক্ত কৰা হৈছিল। তেওঁ সমিতিখনত ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা লাভ কৰিছিল। আনচাৰীয়ে বালিয়াৰ হলি ক্ৰছ স্কুলৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছে। new pca banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু