--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃউত্তৰ প্ৰদেশৰ বুলডজাৰ সংস্কৃতি এতিয়া  উত্তৰাখণ্ডতো দেখিবলৈ পোৱা গ'ল ।যৌন কাৰ্য্যত লিপ্ত নোহোৱাৰ বাবেই ৰিজৰ্টৰ এগৰাকী মহিলা কৰ্মচাৰীক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা বিজেপি নেতাৰ পুত্ৰ পুলকিত আৰ্যৰ ৰিজৰ্ট খন আজি  প্ৰশাসনে বুলডোজাৰেৰে ধ্বংস কৰে। মহিলা কৰ্মচাৰীগৰাকীৰ হত্যাৰ বিৰুদ্ধে বিভিন্ন অঞ্চলত প্ৰতিবাদ আৰম্ভ হোৱাৰ পিছতে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে  অভিযুক্তৰ ৰিজৰ্ট ধ্বংস কৰাৰ নিৰ্দেশ দিয়ে।

তাৰ পিছতে ঋষিকেশৰ ভানাটাৰা ৰিজৰ্টটো বুলডোজাৰে ভাঙি পোলোৱা হয়। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ বিশেষ মুখ্য সচিব অভিনৱ কুমাৰে কয়, "মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অভিযুক্তৰ ৰিজৰ্ট ধ্বংসৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। এক টুইটযোগে ধামীয়ে কয় যে শনিবাৰে পুৱা মহিলা কৰ্মচাৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। ইপিনে মুখ্যমন্ত্ৰী ধামীয়ে কয়  যে তেওঁ ঘটনাটোত গভীৰভাৱে উদ্বিগ্ন হৈছে। 

তেওঁ কয়, "অপৰাধীসকলক কঠোৰতম শাস্তি দিয়াৰ বাবে আৰক্ষীৰ ডিআইজি পি ৰেণুকাৰ নেতৃত্বত এখন এছআইটি গঠন কৰা হৈছে আৰু বিষয়টোৰ পুংখানুপুংখ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।" মুখ্যমন্ত্ৰীগৰাকীয়ে  ৰাজ্যজুৰি অবৈধভাৱে বিয়পি পৰা ৰিজৰ্টসমূহৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈও নিৰ্দেশ দিছে।

 জামাকেশ্বৰৰ বিধায়ক ৰেণু বিষ্টে কয় যে ছোৱালীজনীৰ হত্যাৰ পিছত অপৰাধীসকলক ভয় খুৱাবলৈ ৰিজৰ্টটো ভাঙি পেলোৱাৰ সিদ্ধান্তটো "সঠিক" হৈছে। বিধায়ক ৰেণুৱে  এজন আৰক্ষী উপ-পৰিদৰ্শকক তদন্তত গাফিলতি কৰাৰ অভিযোগত বৰ্খাস্ত কৰাৰ দাবী জনাইছে। তেওঁ দাবী কৰিছে যেতিয়া অভিযোগ দাখিল কৰিবলৈ গৈছিল তেতিয়া আৰক্ষী উপ-পৰিদৰ্শক জনে মৃতকৰ পিতৃ-মাতৃৰ সৈতে দুৰ্ব্যৱহাৰ কৰিছিল। 

১৮ ছেপ্টেম্বৰত নিৰুদ্দেশ হোৱা ছোৱালীজনীৰ হত্যা সন্দৰ্ভত শুকুৰবাৰে পুলকিতকে ধৰি তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হয়। ৰিজৰ্টৰ মালিক পুলকিত, মেনেজাৰ সৌৰভ ভাস্কৰ আৰু সহকাৰী অংকিত গুপ্তাৰ বিৰুদ্ধে ৰিচেপচনিষ্ট মহিলাগৰাকীক হত্যাৰ অভিযোগ উঠিছে । 

ছোৱালীজনীৰ পিতৃয়ে অভিযোগ কৰিছে যে অভিযুক্তসকলে তেওঁৰ কন্যাক যৌন  উৎপীড়ন কৰিছিল আৰু এই কাৰ্যত সন্মতি নিদিয়াৰ বাবে  তেওঁক হত্যা কৰিছিল । উত্তৰাখণ্ডৰ এখন আদালতে অভিযুক্তসকলক  ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। অভিযুক্ত পুলকিত হৰিদ্বাৰৰ জেপি নেতা বিনোদ আৰ্যৰ পুত্ৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু