--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃউত্তৰ প্ৰদেশৰ বুলডজাৰ সংস্কৃতি এতিয়া  উত্তৰাখণ্ডতো দেখিবলৈ পোৱা গ'ল ।যৌন কাৰ্য্যত লিপ্ত নোহোৱাৰ বাবেই ৰিজৰ্টৰ এগৰাকী মহিলা কৰ্মচাৰীক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা বিজেপি নেতাৰ পুত্ৰ পুলকিত আৰ্যৰ ৰিজৰ্ট খন আজি  প্ৰশাসনে বুলডোজাৰেৰে ধ্বংস কৰে। মহিলা কৰ্মচাৰীগৰাকীৰ হত্যাৰ বিৰুদ্ধে বিভিন্ন অঞ্চলত প্ৰতিবাদ আৰম্ভ হোৱাৰ পিছতে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে  অভিযুক্তৰ ৰিজৰ্ট ধ্বংস কৰাৰ নিৰ্দেশ দিয়ে।

তাৰ পিছতে ঋষিকেশৰ ভানাটাৰা ৰিজৰ্টটো বুলডোজাৰে ভাঙি পোলোৱা হয়। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ বিশেষ মুখ্য সচিব অভিনৱ কুমাৰে কয়, "মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অভিযুক্তৰ ৰিজৰ্ট ধ্বংসৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। এক টুইটযোগে ধামীয়ে কয় যে শনিবাৰে পুৱা মহিলা কৰ্মচাৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। ইপিনে মুখ্যমন্ত্ৰী ধামীয়ে কয়  যে তেওঁ ঘটনাটোত গভীৰভাৱে উদ্বিগ্ন হৈছে। 

তেওঁ কয়, "অপৰাধীসকলক কঠোৰতম শাস্তি দিয়াৰ বাবে আৰক্ষীৰ ডিআইজি পি ৰেণুকাৰ নেতৃত্বত এখন এছআইটি গঠন কৰা হৈছে আৰু বিষয়টোৰ পুংখানুপুংখ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।" মুখ্যমন্ত্ৰীগৰাকীয়ে  ৰাজ্যজুৰি অবৈধভাৱে বিয়পি পৰা ৰিজৰ্টসমূহৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈও নিৰ্দেশ দিছে।

 জামাকেশ্বৰৰ বিধায়ক ৰেণু বিষ্টে কয় যে ছোৱালীজনীৰ হত্যাৰ পিছত অপৰাধীসকলক ভয় খুৱাবলৈ ৰিজৰ্টটো ভাঙি পেলোৱাৰ সিদ্ধান্তটো "সঠিক" হৈছে। বিধায়ক ৰেণুৱে  এজন আৰক্ষী উপ-পৰিদৰ্শকক তদন্তত গাফিলতি কৰাৰ অভিযোগত বৰ্খাস্ত কৰাৰ দাবী জনাইছে। তেওঁ দাবী কৰিছে যেতিয়া অভিযোগ দাখিল কৰিবলৈ গৈছিল তেতিয়া আৰক্ষী উপ-পৰিদৰ্শক জনে মৃতকৰ পিতৃ-মাতৃৰ সৈতে দুৰ্ব্যৱহাৰ কৰিছিল। 

১৮ ছেপ্টেম্বৰত নিৰুদ্দেশ হোৱা ছোৱালীজনীৰ হত্যা সন্দৰ্ভত শুকুৰবাৰে পুলকিতকে ধৰি তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হয়। ৰিজৰ্টৰ মালিক পুলকিত, মেনেজাৰ সৌৰভ ভাস্কৰ আৰু সহকাৰী অংকিত গুপ্তাৰ বিৰুদ্ধে ৰিচেপচনিষ্ট মহিলাগৰাকীক হত্যাৰ অভিযোগ উঠিছে । 

ছোৱালীজনীৰ পিতৃয়ে অভিযোগ কৰিছে যে অভিযুক্তসকলে তেওঁৰ কন্যাক যৌন  উৎপীড়ন কৰিছিল আৰু এই কাৰ্যত সন্মতি নিদিয়াৰ বাবে  তেওঁক হত্যা কৰিছিল । উত্তৰাখণ্ডৰ এখন আদালতে অভিযুক্তসকলক  ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। অভিযুক্ত পুলকিত হৰিদ্বাৰৰ জেপি নেতা বিনোদ আৰ্যৰ পুত্ৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক