--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জেডি(এছ) নেতা তথা সাংসদ প্ৰজ্জ্বল ৰেভান্নাৰ যৌন কেলেংকাৰীৰ অভিযোগে এতিয়া গৰম কৰি ৰাখিছে কৰ্ণাটকৰ ৰাজনীতি।   দেৱগৌড়াৰ নাতিয়েক আৰু কৰ্ণাটকৰ হাছানৰ বিদায়ী সাংসদ প্ৰজ্জ্বল ৰেভান্নাৰ বিৰুদ্ধে  যৌন কেলেংকাৰীৰ অভিযোগ উঠাৰ পিছতে দলে তেওঁক  নিলম্বন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য প্ৰজ্জ্বল ৰেভান্না এইবাৰো লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী। । যৌন কেলেংকাৰী সন্দৰ্ভত  উত্তৰ বিচাৰি যুৱ সাংসদগৰাকীলৈ  কাৰণ দৰ্শোৱাৰ জাননীও প্ৰেৰণ কৰা হৈছে। দুদিন পূৰ্বে  জেডি(এছ) নেতা প্ৰজ্জ্বল ৰেভান্নাৰযৌন কেলেংকাৰীৰ এটা ভিডিঅ' লিক হৈছিল। প্ৰজ্জ্বল ৰেভান্নাৰ বিৰুদ্ধে কেইবাগৰাকীও  মহিলাক  যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছিল।

 কৰ্ণাটকৰ শাসকীয় দলটো হৈছে কংগ্ৰেছ। আনহাতে, দেৱগৌড়াৰ জেডি(এছ) অন্যতম বিৰোধী দল। জেডি(এছ)  কেন্দ্ৰৰ শাসকীয় বিজেপিৰ অন্যতম সহযোগী দল। কেইদিনমান আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই দক্ষিণৰ ৰাজ্যখনলৈ আহি প্ৰজ্জ্বল ৰেভান্নাৰ  হৈ প্ৰচাৰ চলাইছিল। তাৰ পিছতে যৌন কেলেংকাৰীৰ ভিডিঅ'  পোহৰলৈ আহিছে।  প্ৰজ্জ্বল ৰেভান্না আৰু তেওঁৰ পিতৃ তথ  দেৱগৌড়াৰ ডাঙৰ পুত্ৰ জেডি(এছ)ৰ বিধায়ক এইচ ডি ৰেভান্নাৰ নামো গোচৰটোত সাঙোৰ খাইছে। ভুক্তভোগী মহিলাগৰাকীয়ে দাবী কৰিছে যে ২০১৯ ৰ পৰা ২০২২ চনৰ ভিতৰত তেওঁক  কেইবাবাৰো যৌন নিৰ্যাতন চলোৱা  হৈছিল। তেওঁ অভিযোগ কৰিছে  যে যেতিয়াই প্ৰজ্জ্বল ৰেভান্নাৰ  দেউতাক এইচ ডি ৰেভান্নাৰ পত্নী ঘৰত নাছিল, জেডি(এছ)ৰ সাংসদজনে ঘৰত কাম কৰা মহিলাসকলক  যৌন নিৰ্যাতন কৰিছিল।

 ৩৩ বছৰীয়া প্ৰজ্জ্বল এই নিৰ্বাচনত দ্বিতীয়বাৰৰ বাবে হাছান আসনৰ পৰা জেডি(এছ)ৰ প্ৰাৰ্থী হিচাবে থিয় দিছে। কৰ্ণাটকত জেডিএছ আৰু বিজেপিৰ মিত্ৰতা আছে। জেডি(এছ)য়ে ২০২৩ চনৰ ছেপ্টেম্বৰত এন ডি এত যোগদান কৰিছিল।

বিজেপি নেতাজনে দলৰ সভাপতিলৈ লিখা পত্ৰ লিখিছিল "প্ৰজ্জ্বল ৰেভান্নাকে ধৰি এইচডি দেৱগৌড়া পৰিয়ালৰ কেইবাজনো নেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আছে, আৰু আমি জেডি(এছ)ৰ সৈতে মিত্ৰতাত আছো।  পেন ড্ৰাইভটোত মুঠ ২,৯৭৬ টা ভিডিঅ' আছিল আৰু ফুটেজত  কিছুমান মহিলা চৰকাৰী বিষয়া আৰু মহিলাক  যৌন শোষণ চলোৱা হৈছে। ভিডিঅ'টো তেওঁলোকক যৌন কাৰ্যকলাপত লিপ্ত হোৱাৰ বাবে ব্লেকমেইল কৰিবলৈ ব্যৱহাৰ কৰা হৈছে।’’

বিজেপি নেতা এজনে আৰু দাবী কৰিছিল যে এই ভিডিঅ' আৰু ফটোগ্ৰাফ থকা আন এটা পেন ড্ৰাইভ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাসকলৰ ওচৰলৈ গৈছে। তেওঁ পত্ৰখনত লিখিছিল, "যদি আমি জেডি(এছ)ৰ সৈতে মিত্ৰতা স্থাপন কৰোঁ আৰু যদি আমি লোকসভা নিৰ্বাচনৰ বাবে হাছান আসনত জেডি(এছ)ৰ প্ৰাৰ্থী প্ৰদান কৰোঁ, তেন্তে এই ভিডিঅ'বোৰ 'ব্ৰহ্মাস্ত্ৰ' (ধ্বংসাত্মক অস্ত্ৰ) হিচাপে ব্যৱহাৰ হ’ব পাৰে  আৰু আমি ধৰ্ষণকাৰীৰ পৰিয়ালৰ সৈতে সম্পৰ্ক থকা দল হিচাপে কলংকিত হ'ম।" 

 ৰেভান্নাই দেওবাৰে বাংগালুৰুৰ পৰা জাৰ্মান চহৰ ফ্ৰাংকফুর্টলৈ ৰাওনা হয়। ৰেভান্নাৰ ঘৰত  কাম কৰা এগৰাকী ৪৭ বছৰীয়া মহিলাই  যৌন নিৰ্যাতন ৰখাৰ অভিযোগ উত্থাপন কৰিছে। মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত, আৰক্ষীয়ে আইপিচিৰ ধাৰা ৩৫৪এ, ৩৫৪ডি, ৫০৬ আৰু ৫০৯ ৰ অধীনত এখন এজাহাৰ পঞ্জীয়ন কৰিছে।
 
মহিলাগৰাকীয়ে এইবুলি অভিযোগ কৰিছে "মই যোগদান কৰাৰ চাৰি মাহ পিছত ৰেভান্নাই মোক তেওঁৰ কোঠালৈ মাতিবলৈ আৰম্ভ কৰিছিল। ঘৰটোত ছয়গৰাকী মহিলা কৰ্মচাৰী আছিল আৰু সকলোৱে আতংকিত হৈ পৰিছিল।’’

মহিলাগৰাকীয়ে লগতে কয় "যেতিয়াই (এইচডি) ৰেভান্নাৰ পত্নী তাত নাছিল, তেওঁ মহিলাসকলক ষ্টোৰ ৰূমলৈ মাতিছিল আৰু  তেওঁলোকক স্পৰ্শ কৰিছিল। তেওঁলোকৰ শাৰীৰ পিনবোৰ আঁতৰ কৰিছিল আৰু মহিলাসকলক যৌন নিৰ্যাতন কৰিছিল।’’ মহিলাগৰাকীয়ে লগতে দাবী কৰে যে  ৰেভান্নাই তেওঁৰ জীয়েককো উৎপীড়ন কৰাৰ চেষ্টা কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ নগৰবেৰাৰ যুৱক; সন্ধান দিওঁতালৈ ২০ হাজাৰ টকাৰ পুৰস্কাৰ
Advertisement