--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ সময়কলৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে উচ্চতম ন্যায়ালয়ে। কেজৰিৱালৰ  আবেদনৰ শুনানি একেৰাহে দ্বিতীয় দিনৰ বাবে আজি অনুষ্ঠিত হয়। উচ্চতম ন্যায়ালয়ে মঙলবাৰে কেজৰিৱালৰ গ্ৰেপ্তাৰৰ সময়ৰ বিষয়ে  প্ৰশ্ন উত্থাপন কৰি ইডিক সোধে- নিৰ্বাচনৰ ঠিক আগমুহূৰ্তত কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হ’ল কিয়? 

উচ্চতম ন্যায়ালয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বে কেজৰিৱালৰ গ্ৰেপ্তাৰ সন্দৰ্ভত ইডিৰ পৰা সঁহাৰি বিচাৰিছে।বিষয়টোৰ শুকুৰবাৰে শুনানি অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। কেজৰিৱালে উচ্চতম ন্যায়ালয়ত  ইডিৰ দ্বাৰা তেওঁক গ্ৰেপ্তাৰ কৰা কাৰ্যক  প্ৰত্যাহ্বান জনাই আবেদন কৰিছিল। 

ন্যায়াধীশ সঞ্জীৱ খান্না আৰু দীপাংকৰ দত্তৰ বিচাৰপীঠে কেজৰিৱালৰ গ্ৰেপ্তাৰৰ সময়স ম্পৰ্কে অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৰ পৰা সঁহাৰি বিচাৰে। আদালতে কয় "জীৱন আৰু স্বাধীনতা অতি গুৰুত্বপূৰ্ণ। আপুনি সেয়া  অস্বীকাৰ কৰিব নোৱাৰে।’’ বিচাৰপীঠে ৰাজুক আন কেইবাটাও প্ৰশ্ন কৰে। ২১ মাৰ্চত গ্ৰেপ্তাৰ হোৱাৰ পিছত কেজৰিৱাল বৰ্তমান ন্যায়িক জিম্মাত তিহাৰ কাৰাগাৰত বন্দী হৈ আছে। উচ্চতম ন্যায়ালয়ে  ১৫ এপ্ৰিলত ইডিক জাননী জাৰি কৰিছিল আৰু কেজৰিৱালৰ আবেদনৰ বিষয়ত  সঁহাৰি বিচাৰিছিল। আদালতত জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিয়ে কেজৰিৱালক প্ৰতিনিধিত্ব কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে