--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ সময়কলৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে উচ্চতম ন্যায়ালয়ে। কেজৰিৱালৰ  আবেদনৰ শুনানি একেৰাহে দ্বিতীয় দিনৰ বাবে আজি অনুষ্ঠিত হয়। উচ্চতম ন্যায়ালয়ে মঙলবাৰে কেজৰিৱালৰ গ্ৰেপ্তাৰৰ সময়ৰ বিষয়ে  প্ৰশ্ন উত্থাপন কৰি ইডিক সোধে- নিৰ্বাচনৰ ঠিক আগমুহূৰ্তত কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হ’ল কিয়? 

উচ্চতম ন্যায়ালয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বে কেজৰিৱালৰ গ্ৰেপ্তাৰ সন্দৰ্ভত ইডিৰ পৰা সঁহাৰি বিচাৰিছে।বিষয়টোৰ শুকুৰবাৰে শুনানি অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। কেজৰিৱালে উচ্চতম ন্যায়ালয়ত  ইডিৰ দ্বাৰা তেওঁক গ্ৰেপ্তাৰ কৰা কাৰ্যক  প্ৰত্যাহ্বান জনাই আবেদন কৰিছিল। 

ন্যায়াধীশ সঞ্জীৱ খান্না আৰু দীপাংকৰ দত্তৰ বিচাৰপীঠে কেজৰিৱালৰ গ্ৰেপ্তাৰৰ সময়স ম্পৰ্কে অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৰ পৰা সঁহাৰি বিচাৰে। আদালতে কয় "জীৱন আৰু স্বাধীনতা অতি গুৰুত্বপূৰ্ণ। আপুনি সেয়া  অস্বীকাৰ কৰিব নোৱাৰে।’’ বিচাৰপীঠে ৰাজুক আন কেইবাটাও প্ৰশ্ন কৰে। ২১ মাৰ্চত গ্ৰেপ্তাৰ হোৱাৰ পিছত কেজৰিৱাল বৰ্তমান ন্যায়িক জিম্মাত তিহাৰ কাৰাগাৰত বন্দী হৈ আছে। উচ্চতম ন্যায়ালয়ে  ১৫ এপ্ৰিলত ইডিক জাননী জাৰি কৰিছিল আৰু কেজৰিৱালৰ আবেদনৰ বিষয়ত  সঁহাৰি বিচাৰিছিল। আদালতত জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিয়ে কেজৰিৱালক প্ৰতিনিধিত্ব কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ