--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত মহিলাক কেৱল ভোগৰ সামগ্ৰী বুলিয়ে গণ্য কৰা এক প্ৰথা চলি আহিছে। এই প্ৰচলিত সমাজ ব্যৱস্থাটোত মহিলাৰ নাথাকে কোনো স্ব-ইচ্ছা অথবা সিদ্ধান্ত গ্ৰহণৰ পৰিৱেশ। কাচিৎ কেতিয়াবা এই ৰুঢ় কঠিন প্ৰাচীৰ ভাঙি দুই-এক মহিলা ওলাই আহে যদিও সেয়াও এপাচি শাকত এটি জালুকৰ দৰে। প্ৰতিপল ভাৰতীয় সমাজ ব্যৱস্থাৰ মহিলাসকলে এই পুৰুষতান্ত্ৰিকতাৰ ফলশ্ৰুতিত সামাজিকভাৱে সহ্য কৰিবলগীয়া হয় অলেখ লাঞ্ছনাৰ।

দেশৰ সংবাদ মাধ্যমত দৈনিক প্ৰকাশিত হয় ব্যাপক হাৰত নাৰীৰ বিৰুদ্ধে হোৱা অপৰাধৰ ঘটনা। ক্ৰমশ: ই হৈ পৰিছে খবৰৰ মাজৰ এটা সাধাৰণ খবৰ। শেহতীয়াকৈ প্ৰকাশিত এনে এক খবৰেই সম্প্ৰতি লাভ কৰিছে ব্যাপক চৰ্চা। বিবাহৰ নামত কেৱল দৈহিক সম্ভোগৰ বাবে ব্যৱহাৰ্য এটা মাত্ৰ পাৰ্থিৱ শৰীৰত পৰিণত হোৱা এগৰাকী মহিলাই এই কথাত আপত্তি কৰাৰ বাবেই হত্যাৰ বলি হ’বলগীয়া হৈছে। হত্যা কৰিছে খোদ নিজ স্বামীয়েই।

এই নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে বেংগালুৰুত। অৱশ্যে দক্ষিণাত্যৰ চহৰখনত হত্যাকাণ্ডটো সংঘটিত হ’লেও ঘটনাৰ অভিযুক্ত ব্যক্তিগৰাকী উত্তৰ ভাৰতীয় ৰাজ্য বিহাৰৰ লোক। পেছাত ইলেক্ট্ৰিচিয়ান ব্যক্তিগৰাকীয়ে নিজৰ পত্নীক যৌন সম্ভোগত মিলিত হ’বলৈ অস্বীকাৰ কৰাৰ বাবেই হত্যা কৰে আৰু তেওঁৰ মৃতদেহ স্থানীয় এখন নদীৰ ঘাটত পেলাই দিয়ে।

কিন্তু নিজকে বচাবৰ বাবে তেওঁ এই হত্যাকাণ্ডত আন এক ৰহন সানি আৰক্ষীৰ ওচৰত তেওঁৰ পত্নী নিৰুদ্দেশ হোৱা বুলি অভিযোগ দাখিল কৰে। প্ৰুথৱী ৰাজ সিং নামৰ এই ব্যক্তিগৰাকীয়ে আৰক্ষীৰ আগত প্ৰকাশ কৰা মতে ন মাহ পূৰ্বে তেওঁ জ্যোতি কুমাৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। বিবাহৰ সময়ত জ্যোতি কুমাৰীয়ে নিজৰ বয়স লুকুৱাই কমকৈ দেখুওৱাৰ বাবে প্ৰুথৱী অসন্তুষ্ট হৈ আছিল।

তাৰ পিছতো জ্যোতিয়ে দৈনিক সম্ভোগৰ ক্ষেত্ৰতো সন্মতি নিদিয়াৰ লগতে প্ৰুথৱীক অসভ্য তথা চৰিত্ৰহীন আখ্যা দিছিল বুলি আৰক্ষীৰ আগত প্ৰুথৱীয়ে অভিযোগ কৰে। তেওঁ লগতে জ্যোতিয়ে পূৰ্বে কেইবাবাৰো এনেদৰে ঘৰ এৰি যোৱাৰ পিছত পুনৰ নিজে ঘূৰি আহিছিল বুলিও আৰক্ষীৰ আগত প্ৰকাশ কৰে। কিন্তু এইবাৰ জ্যোতিৰ ম'বাইল বন্ধ হৈ থকাৰ লগতে বিচাৰ-খোচাৰ কৰাৰ পিছতো সন্ধান উলিয়াব নোৱাৰিলে বুলি আৰক্ষীক পতিয়ন নিয়াবলৈ চেষ্টা কৰে প্ৰুথৱীয়ে।

প্ৰুথৱীৰ অভিযোগৰ পিছতে আৰক্ষীয়ে অনুসন্ধান অভিযান আৰম্ভ কৰে। কিন্তু প্ৰাথমিক তদন্তৰ সময়তে আৰক্ষীয়ে সমগ্ৰ ঘটনাটোত ৰহস্যৰ উমান পাই প্ৰুথৱী সিঙক গ্ৰেপ্তাৰ কৰে। তেওঁক জেৰা কৰাৰ পিছতে আৰক্ষীয়ে এটা খাদৰ পৰা সম্পূৰ্ণৰূপে পঁচি যোৱা মৃতদেহটো উদ্ধাৰ কৰে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে প্ৰুথৱীয়ে তেওঁৰ পত্নী নিৰুদিষ্ট হোৱাৰ যি অভিযোগ দাখিল কৰিছিল, সেয়া আছিল সম্পূৰ্ণ ভুৱা। জ্যোতিয়ে দৈনিক সম্ভোগৰ অত্যাচাৰৰ বিৰোধ কৰি পুনৰ সম্ভোগৰ বাবে অমান্তি হোৱাৰ বাবে ক্ষোভিত হৈ সিঙে নিজ পত্নী জ্যোতিক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰে। এই উদ্দেশ্যে তেওঁ বিহাৰৰ বন্ধু এগৰাকীকো বেংগালুৰুলৈ মাতি নিয়ে আৰু বন্ধুৰ সৈতে মিলি যোৱা ৩ আগষ্টত জ্যোতিক হত্যা কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

ইতিমধ্যে হত্যাৰ লগতে ভাৰতীয় দণ্ডবিধিৰ অন্যন্য ধাৰাৰ অধীনত অভিযুক্ত প্ৰুথৱী সিঙক বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। ন্যায় ব্যৱস্থাই এই সন্দৰ্ভত নিজা সিদ্ধান্ত ল’ব বুলি স্থানীয় আৰক্ষী বিষয়াগৰাকীয়ে মন্তব্য কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী