--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত মহিলাক কেৱল ভোগৰ সামগ্ৰী বুলিয়ে গণ্য কৰা এক প্ৰথা চলি আহিছে। এই প্ৰচলিত সমাজ ব্যৱস্থাটোত মহিলাৰ নাথাকে কোনো স্ব-ইচ্ছা অথবা সিদ্ধান্ত গ্ৰহণৰ পৰিৱেশ। কাচিৎ কেতিয়াবা এই ৰুঢ় কঠিন প্ৰাচীৰ ভাঙি দুই-এক মহিলা ওলাই আহে যদিও সেয়াও এপাচি শাকত এটি জালুকৰ দৰে। প্ৰতিপল ভাৰতীয় সমাজ ব্যৱস্থাৰ মহিলাসকলে এই পুৰুষতান্ত্ৰিকতাৰ ফলশ্ৰুতিত সামাজিকভাৱে সহ্য কৰিবলগীয়া হয় অলেখ লাঞ্ছনাৰ।

দেশৰ সংবাদ মাধ্যমত দৈনিক প্ৰকাশিত হয় ব্যাপক হাৰত নাৰীৰ বিৰুদ্ধে হোৱা অপৰাধৰ ঘটনা। ক্ৰমশ: ই হৈ পৰিছে খবৰৰ মাজৰ এটা সাধাৰণ খবৰ। শেহতীয়াকৈ প্ৰকাশিত এনে এক খবৰেই সম্প্ৰতি লাভ কৰিছে ব্যাপক চৰ্চা। বিবাহৰ নামত কেৱল দৈহিক সম্ভোগৰ বাবে ব্যৱহাৰ্য এটা মাত্ৰ পাৰ্থিৱ শৰীৰত পৰিণত হোৱা এগৰাকী মহিলাই এই কথাত আপত্তি কৰাৰ বাবেই হত্যাৰ বলি হ’বলগীয়া হৈছে। হত্যা কৰিছে খোদ নিজ স্বামীয়েই।

এই নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে বেংগালুৰুত। অৱশ্যে দক্ষিণাত্যৰ চহৰখনত হত্যাকাণ্ডটো সংঘটিত হ’লেও ঘটনাৰ অভিযুক্ত ব্যক্তিগৰাকী উত্তৰ ভাৰতীয় ৰাজ্য বিহাৰৰ লোক। পেছাত ইলেক্ট্ৰিচিয়ান ব্যক্তিগৰাকীয়ে নিজৰ পত্নীক যৌন সম্ভোগত মিলিত হ’বলৈ অস্বীকাৰ কৰাৰ বাবেই হত্যা কৰে আৰু তেওঁৰ মৃতদেহ স্থানীয় এখন নদীৰ ঘাটত পেলাই দিয়ে।

কিন্তু নিজকে বচাবৰ বাবে তেওঁ এই হত্যাকাণ্ডত আন এক ৰহন সানি আৰক্ষীৰ ওচৰত তেওঁৰ পত্নী নিৰুদ্দেশ হোৱা বুলি অভিযোগ দাখিল কৰে। প্ৰুথৱী ৰাজ সিং নামৰ এই ব্যক্তিগৰাকীয়ে আৰক্ষীৰ আগত প্ৰকাশ কৰা মতে ন মাহ পূৰ্বে তেওঁ জ্যোতি কুমাৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। বিবাহৰ সময়ত জ্যোতি কুমাৰীয়ে নিজৰ বয়স লুকুৱাই কমকৈ দেখুওৱাৰ বাবে প্ৰুথৱী অসন্তুষ্ট হৈ আছিল।

তাৰ পিছতো জ্যোতিয়ে দৈনিক সম্ভোগৰ ক্ষেত্ৰতো সন্মতি নিদিয়াৰ লগতে প্ৰুথৱীক অসভ্য তথা চৰিত্ৰহীন আখ্যা দিছিল বুলি আৰক্ষীৰ আগত প্ৰুথৱীয়ে অভিযোগ কৰে। তেওঁ লগতে জ্যোতিয়ে পূৰ্বে কেইবাবাৰো এনেদৰে ঘৰ এৰি যোৱাৰ পিছত পুনৰ নিজে ঘূৰি আহিছিল বুলিও আৰক্ষীৰ আগত প্ৰকাশ কৰে। কিন্তু এইবাৰ জ্যোতিৰ ম'বাইল বন্ধ হৈ থকাৰ লগতে বিচাৰ-খোচাৰ কৰাৰ পিছতো সন্ধান উলিয়াব নোৱাৰিলে বুলি আৰক্ষীক পতিয়ন নিয়াবলৈ চেষ্টা কৰে প্ৰুথৱীয়ে।

প্ৰুথৱীৰ অভিযোগৰ পিছতে আৰক্ষীয়ে অনুসন্ধান অভিযান আৰম্ভ কৰে। কিন্তু প্ৰাথমিক তদন্তৰ সময়তে আৰক্ষীয়ে সমগ্ৰ ঘটনাটোত ৰহস্যৰ উমান পাই প্ৰুথৱী সিঙক গ্ৰেপ্তাৰ কৰে। তেওঁক জেৰা কৰাৰ পিছতে আৰক্ষীয়ে এটা খাদৰ পৰা সম্পূৰ্ণৰূপে পঁচি যোৱা মৃতদেহটো উদ্ধাৰ কৰে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে প্ৰুথৱীয়ে তেওঁৰ পত্নী নিৰুদিষ্ট হোৱাৰ যি অভিযোগ দাখিল কৰিছিল, সেয়া আছিল সম্পূৰ্ণ ভুৱা। জ্যোতিয়ে দৈনিক সম্ভোগৰ অত্যাচাৰৰ বিৰোধ কৰি পুনৰ সম্ভোগৰ বাবে অমান্তি হোৱাৰ বাবে ক্ষোভিত হৈ সিঙে নিজ পত্নী জ্যোতিক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰে। এই উদ্দেশ্যে তেওঁ বিহাৰৰ বন্ধু এগৰাকীকো বেংগালুৰুলৈ মাতি নিয়ে আৰু বন্ধুৰ সৈতে মিলি যোৱা ৩ আগষ্টত জ্যোতিক হত্যা কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

ইতিমধ্যে হত্যাৰ লগতে ভাৰতীয় দণ্ডবিধিৰ অন্যন্য ধাৰাৰ অধীনত অভিযুক্ত প্ৰুথৱী সিঙক বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। ন্যায় ব্যৱস্থাই এই সন্দৰ্ভত নিজা সিদ্ধান্ত ল’ব বুলি স্থানীয় আৰক্ষী বিষয়াগৰাকীয়ে মন্তব্য কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু