--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এক বিশেষ অবৈধ প্ৰক্ৰিয়াৰে বিদেশ ভ্ৰমণৰ বাবে ভুৱা নথিপত্ৰ প্ৰস্তুত কৰা দৃশ্যৰাজি মহলাধৰ্মী চিনেমাত এক সুলভ দৃশ্য। কাল্পনিকতাৰ ৰহন সনা এনে দৃশ্য স্বাভাৱিকতেই চিনেমাৰ এক সহজলভ্য দৃশ্য হ'লেও বাস্তৱ ক্ষেত্ৰত এক ভ্ৰান্ত ধাৰণা যেনেই অনুভৱ হয়। পিছে এই ভ্ৰান্ত যেন লগা ঘটনাই বাস্তৱত সংঘটিত হৈছে ভাৰতবৰ্ষতে। এনে বে-আইনী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে গুজৰাটৰ এগৰাকী ভোৱা টিকট জেণ্ট।

আমেৰিকা যুক্তৰাষ্ট্ৰ অভিমুখী যাত্ৰীৰ ভুৱা নথিপত্ৰ উদ্ধাৰৰ পিছতে এই অবৈধ টিকট এজেণ্ট গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিশাল বামৰাটে নামৰ এই ভুৱা টিকট এজেণ্ট গৰাকীক গুজৰাটৰ আহমেদাবাদৰ বাসিন্দা বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে যোৱা জুলাই মাহৰ আৰম্ভণিতে দাখিল কৰা এটা গোচৰৰ ভিত্তিত বামৰাটেক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীয়ে বামৰাটেৰ লগতে তেওঁৰ ওচৰত নথিপত্ৰ প্ৰস্তুত কৰা চাৰিজন লোককো গ্ৰেপ্তাৰ কৰিছে। ধৃত চাৰিজন যাত্ৰীক হৰ্ষদ কুমাৰ মহেন্দ্ৰভাই পেটেল, যতীন কানুভাই নাই, দীক্ষিতকুমাৰ মুকেশভাই পেটেল আৰু হিতেশ কুমাৰ ৰোহিত কুমাৰ ত্ৰিবেদী বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।

এই চাৰিওগৰাকী যাত্ৰীয়েই গুজৰাটৰ বাসিন্দা। তুৰ্কী হৈ আমেৰিকালৈ যাত্ৰা কৰাৰ সময়ত যাত্ৰী কেইগৰাকীৰ নথিপত্ৰ ভুৱা বুলি প্ৰমাণ হোৱাৰ পিছত তুৰ্কীয়ে আটাইকেইগৰাকীকে নিৰ্বাসিত কৰিছিল। তেওঁলোকে জানিবলৈ দিয়া মতে বামৰাটে তেওঁলোকৰ বাবে ভুৱা নথিপত্ৰৰ ব্যৱস্থা কৰিছিল আৰু ইয়াৰ সহায়ত তেওঁলোকে আহমেদাবাদৰ পৰা ডুবাইলৈ আৰু তাৰ পিছত ইৰাণলৈ যাত্ৰা কৰিছিল।

কিন্তু তেওঁলোকে ইৰাণৰ পৰা তুৰস্কত উপস্থিত হোৱাৰ সময়ত তেওঁলোকক সন্দেহবশত: পৰীক্ষা কৰোঁতে ধৰা পৰে আৰু লগে লগে তুৰস্কৰ পৰা বিতাড়িত কৰা হয়। চাৰি যাত্ৰীৰ বিবৃতিৰ আধাৰত আৰক্ষীয়ে অভিযুক্ত ট্ৰেভেল এজেণ্টজনৰ আহমেদাবাদত সন্ধান লাভ কৰে আৰু গ্ৰেপ্তাৰ কৰে। বামৰাটে তেওঁৰ সহায় বিচৰা যাত্ৰীসকলৰ সৈতে যোগাযোগ কৰিবলৈ আন্তৰ্জাতিক নম্বৰ ব্যৱহাৰ কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

আনহাতে গ্ৰেপ্তাৰ হোৱাৰ পিছত বামৰাটে দাবী কৰিছে যে ক’ভিদ মহামাৰীৰ বাবে তেওঁ ব্যৱসায়ত বৃহৎ লোকচানৰ সন্মুখীন হয় আৰু এনে অৱস্থাত ধন উপাৰ্জনৰ বাবে তেওঁ এই অবৈধ ব্যৱসায় আৰম্ভ কৰে। তেওঁ আৰক্ষীৰ আগত দিয়া ভাষ্য মতে ডুবাইস্থিত এজেণ্ট ৰূপেশ পেটেলৰ সৈতে অংশীদাৰীত্বৰ জৰিয়তে যাত্ৰীসকলক অবৈধভাৱে আমেৰিকালৈ পঠিয়ায়। বামৰাটেৰ বিবৃতিৰ আধাৰত আৰক্ষীয়ে এই অপৰাধ চক্ৰটোত জড়িত থকা আন লোকসকলৰ সন্ধানত অভিযান আৰম্ভ কৰিছে বুলি জানিবলৈ দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু