--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এক বিশেষ অবৈধ প্ৰক্ৰিয়াৰে বিদেশ ভ্ৰমণৰ বাবে ভুৱা নথিপত্ৰ প্ৰস্তুত কৰা দৃশ্যৰাজি মহলাধৰ্মী চিনেমাত এক সুলভ দৃশ্য। কাল্পনিকতাৰ ৰহন সনা এনে দৃশ্য স্বাভাৱিকতেই চিনেমাৰ এক সহজলভ্য দৃশ্য হ'লেও বাস্তৱ ক্ষেত্ৰত এক ভ্ৰান্ত ধাৰণা যেনেই অনুভৱ হয়। পিছে এই ভ্ৰান্ত যেন লগা ঘটনাই বাস্তৱত সংঘটিত হৈছে ভাৰতবৰ্ষতে। এনে বে-আইনী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে গুজৰাটৰ এগৰাকী ভোৱা টিকট জেণ্ট।

আমেৰিকা যুক্তৰাষ্ট্ৰ অভিমুখী যাত্ৰীৰ ভুৱা নথিপত্ৰ উদ্ধাৰৰ পিছতে এই অবৈধ টিকট এজেণ্ট গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিশাল বামৰাটে নামৰ এই ভুৱা টিকট এজেণ্ট গৰাকীক গুজৰাটৰ আহমেদাবাদৰ বাসিন্দা বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে যোৱা জুলাই মাহৰ আৰম্ভণিতে দাখিল কৰা এটা গোচৰৰ ভিত্তিত বামৰাটেক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীয়ে বামৰাটেৰ লগতে তেওঁৰ ওচৰত নথিপত্ৰ প্ৰস্তুত কৰা চাৰিজন লোককো গ্ৰেপ্তাৰ কৰিছে। ধৃত চাৰিজন যাত্ৰীক হৰ্ষদ কুমাৰ মহেন্দ্ৰভাই পেটেল, যতীন কানুভাই নাই, দীক্ষিতকুমাৰ মুকেশভাই পেটেল আৰু হিতেশ কুমাৰ ৰোহিত কুমাৰ ত্ৰিবেদী বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।

এই চাৰিওগৰাকী যাত্ৰীয়েই গুজৰাটৰ বাসিন্দা। তুৰ্কী হৈ আমেৰিকালৈ যাত্ৰা কৰাৰ সময়ত যাত্ৰী কেইগৰাকীৰ নথিপত্ৰ ভুৱা বুলি প্ৰমাণ হোৱাৰ পিছত তুৰ্কীয়ে আটাইকেইগৰাকীকে নিৰ্বাসিত কৰিছিল। তেওঁলোকে জানিবলৈ দিয়া মতে বামৰাটে তেওঁলোকৰ বাবে ভুৱা নথিপত্ৰৰ ব্যৱস্থা কৰিছিল আৰু ইয়াৰ সহায়ত তেওঁলোকে আহমেদাবাদৰ পৰা ডুবাইলৈ আৰু তাৰ পিছত ইৰাণলৈ যাত্ৰা কৰিছিল।

কিন্তু তেওঁলোকে ইৰাণৰ পৰা তুৰস্কত উপস্থিত হোৱাৰ সময়ত তেওঁলোকক সন্দেহবশত: পৰীক্ষা কৰোঁতে ধৰা পৰে আৰু লগে লগে তুৰস্কৰ পৰা বিতাড়িত কৰা হয়। চাৰি যাত্ৰীৰ বিবৃতিৰ আধাৰত আৰক্ষীয়ে অভিযুক্ত ট্ৰেভেল এজেণ্টজনৰ আহমেদাবাদত সন্ধান লাভ কৰে আৰু গ্ৰেপ্তাৰ কৰে। বামৰাটে তেওঁৰ সহায় বিচৰা যাত্ৰীসকলৰ সৈতে যোগাযোগ কৰিবলৈ আন্তৰ্জাতিক নম্বৰ ব্যৱহাৰ কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

আনহাতে গ্ৰেপ্তাৰ হোৱাৰ পিছত বামৰাটে দাবী কৰিছে যে ক’ভিদ মহামাৰীৰ বাবে তেওঁ ব্যৱসায়ত বৃহৎ লোকচানৰ সন্মুখীন হয় আৰু এনে অৱস্থাত ধন উপাৰ্জনৰ বাবে তেওঁ এই অবৈধ ব্যৱসায় আৰম্ভ কৰে। তেওঁ আৰক্ষীৰ আগত দিয়া ভাষ্য মতে ডুবাইস্থিত এজেণ্ট ৰূপেশ পেটেলৰ সৈতে অংশীদাৰীত্বৰ জৰিয়তে যাত্ৰীসকলক অবৈধভাৱে আমেৰিকালৈ পঠিয়ায়। বামৰাটেৰ বিবৃতিৰ আধাৰত আৰক্ষীয়ে এই অপৰাধ চক্ৰটোত জড়িত থকা আন লোকসকলৰ সন্ধানত অভিযান আৰম্ভ কৰিছে বুলি জানিবলৈ দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ