--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুদ্ধত বিধ্বস্ত হৈ পৰিছে ইউক্ৰেইন। সহায় বিচাৰি হাহাকাৰ কৰিছে ইউক্ৰেইনে। শেহতীয়াকৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ সহায় বিচাৰি এখন পত্ৰ লিখিছে। ইউক্ৰেইনৰ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী এমিন জাপাৰোভাই তিনিদিনীয়া ভাৰত ভ্ৰমণলৈ অহাৰ সময়তে জেলেনস্কিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখি সহায় বিচাৰিছে । 

তেওঁ পত্ৰখন ভাৰতীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰীলৈ উদ্দেশ্যি লিখিছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ লিখা পত্ৰ খনত  ভাৰতক অতিৰিক্ত ঔষধ আৰু চিকিৎসা সঁজুলি প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বুধবাৰে এইকথা প্ৰকাশ কৰে। ইউক্ৰেইনৰ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী এমিন জাপাৰোভা শেহতীয়াকৈ তিনিদিনীয়া ভাৰত ভ্ৰমণলৈ আহিছে।  

তেওঁ ভাৰতৰ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী মীনাক্ষী লেখিক সাক্ষাৎ কৰিছে  আৰু জেলেনস্কিৰ পত্ৰ খন  অৰ্পন কৰিছে। তেওঁ ভাৰতীয় কোম্পানীসমূহক ইউক্ৰেইনত আন্তঃগাঁথনি নিৰ্মাণৰ বাবেও আমন্ত্ৰণ জনাইছে। পত্ৰ খনত লিখা হৈছে "যুদ্ধবিধ্বস্ত ইউক্ৰেইনত আন্তঃগাঁথনি উন্নয়ন ভাৰতীয় কোম্পানীসমূহৰ বাবে এক ডাঙৰ সুযোগ হ'ব পাৰে।’’ ইফালে, জাপাৰোভাই ভাৰতলৈ ভাৰতক বিশ্বগুৰু বুলি অভিহিত কৰিছে।উল্লেখ্য  যোৱা বছৰ ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াৰ সামৰিক বাহিনীয়ে আক্ৰমণ আৰম্ভ কৰাৰ পিছত ইউক্ৰেইনৰ এগৰাকী মন্ত্ৰীৰ এয়া  প্ৰথম ভাৰত ভ্ৰমণ। 

তেওঁ কয় "ইউক্ৰেনে সঁচাকৈয়ে ভাৰতৰ  ঘনিষ্ঠ হোৱাটো বিচাৰে। ইয়াৰ আগতে, কূটনৈতিক পৰ্যায়ত ভাৰতৰ সৈতে ইউক্ৰেইনৰ সম্পৰ্ক খুব মধুৰ নাছিল। ইউক্ৰেনে ৰাষ্ট্ৰসংঘত পাকিস্তানক বিভিন্ন ধৰণে সমৰ্থন কৰিছিল।’’ ভাৰতক "বিশ্বগুৰু" বুলি অভিহিত কৰি জাপাৰোভাই কয়, "আমি ভাৰতৰ সৈতে এক নতুন সম্পৰ্ক আৰম্ভ কৰিব বিচাৰো। '

জেলেনস্কিয়ে ইয়াৰ পূৰ্বে  যুদ্ধ বন্ধ কৰিবলৈ ভাৰতৰ সহায় বিচাৰিছিল। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ছাংহাই সহযোগিতা সন্মিলনৰ সময়ত আলোচনা কৰিছিল। "এয়া যুদ্ধৰ সময় নহয়," বুলি তেতিয়াই মোদীয়ে কৈছিল। তেওঁৰ বাৰ্তাই বিশ্বৰ নেতাসকলৰ হৃদয় জয় কৰিছিল। ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়েও মোদীৰ সৈতে একমত হৈছিল। কিন্তু তেওঁ যুদ্ধ বন্ধ কৰা নাই। সেয়ে অসহায় হৈ ভাৰতৰ পৰাও আৰ্থিক তথা অন্যান্য সহায় বিচাৰিছে ইউক্ৰেইনে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা