--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুদ্ধত বিধ্বস্ত হৈ পৰিছে ইউক্ৰেইন। সহায় বিচাৰি হাহাকাৰ কৰিছে ইউক্ৰেইনে। শেহতীয়াকৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ সহায় বিচাৰি এখন পত্ৰ লিখিছে। ইউক্ৰেইনৰ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী এমিন জাপাৰোভাই তিনিদিনীয়া ভাৰত ভ্ৰমণলৈ অহাৰ সময়তে জেলেনস্কিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখি সহায় বিচাৰিছে । 

তেওঁ পত্ৰখন ভাৰতীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰীলৈ উদ্দেশ্যি লিখিছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ লিখা পত্ৰ খনত  ভাৰতক অতিৰিক্ত ঔষধ আৰু চিকিৎসা সঁজুলি প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বুধবাৰে এইকথা প্ৰকাশ কৰে। ইউক্ৰেইনৰ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী এমিন জাপাৰোভা শেহতীয়াকৈ তিনিদিনীয়া ভাৰত ভ্ৰমণলৈ আহিছে।  

তেওঁ ভাৰতৰ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী মীনাক্ষী লেখিক সাক্ষাৎ কৰিছে  আৰু জেলেনস্কিৰ পত্ৰ খন  অৰ্পন কৰিছে। তেওঁ ভাৰতীয় কোম্পানীসমূহক ইউক্ৰেইনত আন্তঃগাঁথনি নিৰ্মাণৰ বাবেও আমন্ত্ৰণ জনাইছে। পত্ৰ খনত লিখা হৈছে "যুদ্ধবিধ্বস্ত ইউক্ৰেইনত আন্তঃগাঁথনি উন্নয়ন ভাৰতীয় কোম্পানীসমূহৰ বাবে এক ডাঙৰ সুযোগ হ'ব পাৰে।’’ ইফালে, জাপাৰোভাই ভাৰতলৈ ভাৰতক বিশ্বগুৰু বুলি অভিহিত কৰিছে।উল্লেখ্য  যোৱা বছৰ ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াৰ সামৰিক বাহিনীয়ে আক্ৰমণ আৰম্ভ কৰাৰ পিছত ইউক্ৰেইনৰ এগৰাকী মন্ত্ৰীৰ এয়া  প্ৰথম ভাৰত ভ্ৰমণ। 

তেওঁ কয় "ইউক্ৰেনে সঁচাকৈয়ে ভাৰতৰ  ঘনিষ্ঠ হোৱাটো বিচাৰে। ইয়াৰ আগতে, কূটনৈতিক পৰ্যায়ত ভাৰতৰ সৈতে ইউক্ৰেইনৰ সম্পৰ্ক খুব মধুৰ নাছিল। ইউক্ৰেনে ৰাষ্ট্ৰসংঘত পাকিস্তানক বিভিন্ন ধৰণে সমৰ্থন কৰিছিল।’’ ভাৰতক "বিশ্বগুৰু" বুলি অভিহিত কৰি জাপাৰোভাই কয়, "আমি ভাৰতৰ সৈতে এক নতুন সম্পৰ্ক আৰম্ভ কৰিব বিচাৰো। '

জেলেনস্কিয়ে ইয়াৰ পূৰ্বে  যুদ্ধ বন্ধ কৰিবলৈ ভাৰতৰ সহায় বিচাৰিছিল। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ছাংহাই সহযোগিতা সন্মিলনৰ সময়ত আলোচনা কৰিছিল। "এয়া যুদ্ধৰ সময় নহয়," বুলি তেতিয়াই মোদীয়ে কৈছিল। তেওঁৰ বাৰ্তাই বিশ্বৰ নেতাসকলৰ হৃদয় জয় কৰিছিল। ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়েও মোদীৰ সৈতে একমত হৈছিল। কিন্তু তেওঁ যুদ্ধ বন্ধ কৰা নাই। সেয়ে অসহায় হৈ ভাৰতৰ পৰাও আৰ্থিক তথা অন্যান্য সহায় বিচাৰিছে ইউক্ৰেইনে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অসাধাৰণ স্মৃতিশক্তি! মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ
বাঘবৰত কিশোৰীক ধৰ্ষ*ণ কৰি হ*ত্যা; ৩ কিশোৰক আটক
ধিঙৰ ডুমডুমীয়াত কুখ্যাত গৰু চোৰ হামিদ আলী আৰু ছাদ্দাম হুছেইনক আটক
বতৰৰ সতর্কবাণী পদ্ধতিত বিৰক্ত দেশবাসী
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য