--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এলি হাম্বি আৰু ছেণ্ডী হেজেলিপ। এজন পেছাত তথ্যচিত্ৰ পৰিচালক, আনজন চিকিৎসক। আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ এই দুয়োগৰাকী অশীতিপৰ বৃদ্ধা নলে গলে লগা বান্ধৱী। ৮১ বছৰ বয়সীয়া বান্ধৱী দুগৰাকী চৰ্চালৈ আহিছে এইবাবেই যে মাত্ৰ ৮০ দিনৰ ভিতৰতে বিশ্ব ভ্ৰমণ কৰিছে দুয়ো।

ভ্ৰমণ আৰু দুঃসাহসিক কৰ্মই কোনো বয়স নামানে বুলিও প্ৰমাণ কৰে তেওঁলোকে। এলি আৰু ছেণ্ডীয়ে বিশ্ব ভ্ৰমণকালত ভাৰতলৈ আহিছিল। তাজমহলো দৰ্শন কৰিছিল।

তেওঁলোকৰ ভ্ৰমণৰ বিষয়ে ছেণ্ডীয়ে সংবাদ মাধ্যম চিএনএনক জনাইছে যে ৮০ বছৰ বয়স হোৱাৰ পাছত তেওঁলোকৰ মনলৈ বিশ্ব ভ্ৰমণৰ ধাৰণাটো আহিছিল। তেওঁ কয়, ''আমি আগতেও একেলগে বিভিন্ন ঠাই ভ্ৰমণ কৰিছো। ৭৬ বছৰ বয়সত আমি বিশ্ব ভ্ৰমণলৈ যোৱাৰ কথা আলোচনা কৰিছিলোঁ। ৮০ বছৰ হোৱাৰ লগে লগে আমি বিশ্ব ভ্ৰমণ কৰাৰ সিদ্ধান্ত লওঁ।’’

এলিয়ে ক’লে, “মই আগতেই বিশ্ব ভ্ৰমণত গ’লোঁহেঁতেন। কিন্তু covid ৰ বাবে সেয়া সম্ভৱ নহ'ল। কিন্তু Covid কমি অহাৰ লগে লগে আমি বিশ্ব ভ্ৰমণত নামি পৰিলো।’’

শেহতীয়াকৈ এলি আৰু ছেণ্ডীয়ে ৮০ দিনীয়া বিশ্ব ভ্ৰমণৰ অন্তত টেক্সাছলৈ উভতি গৈছে। ভ্ৰমণকালত তেওঁলোকে লণ্ডন, জাঞ্জিবাৰ, জাম্বিয়া, ইজিপ্ত, নেপাল, বালি আৰু ভাৰতৰ বিভিন্ন ঠাই দৰ্শন কৰে।

ভাৰতত থকাৰ সময়তে দুয়োগৰাকী বান্ধৱীয়ে তাজমহলৰ সন্মুখত থিয় হৈ একেলগে এখন ফটো তুলিছিল। শেহতীয়াকৈ তেওঁলোকে সেই ছবিখন ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। কেৱল সেয়াই নহয়, তেওঁলোকে ভাৰতলৈ আহি দিল্লীৰ ৰাজপথত ৰিক্সাত উঠিও ঘূৰি ফুৰিছিল।














FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস