--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এলি হাম্বি আৰু ছেণ্ডী হেজেলিপ। এজন পেছাত তথ্যচিত্ৰ পৰিচালক, আনজন চিকিৎসক। আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ এই দুয়োগৰাকী অশীতিপৰ বৃদ্ধা নলে গলে লগা বান্ধৱী। ৮১ বছৰ বয়সীয়া বান্ধৱী দুগৰাকী চৰ্চালৈ আহিছে এইবাবেই যে মাত্ৰ ৮০ দিনৰ ভিতৰতে বিশ্ব ভ্ৰমণ কৰিছে দুয়ো।

ভ্ৰমণ আৰু দুঃসাহসিক কৰ্মই কোনো বয়স নামানে বুলিও প্ৰমাণ কৰে তেওঁলোকে। এলি আৰু ছেণ্ডীয়ে বিশ্ব ভ্ৰমণকালত ভাৰতলৈ আহিছিল। তাজমহলো দৰ্শন কৰিছিল।

তেওঁলোকৰ ভ্ৰমণৰ বিষয়ে ছেণ্ডীয়ে সংবাদ মাধ্যম চিএনএনক জনাইছে যে ৮০ বছৰ বয়স হোৱাৰ পাছত তেওঁলোকৰ মনলৈ বিশ্ব ভ্ৰমণৰ ধাৰণাটো আহিছিল। তেওঁ কয়, ''আমি আগতেও একেলগে বিভিন্ন ঠাই ভ্ৰমণ কৰিছো। ৭৬ বছৰ বয়সত আমি বিশ্ব ভ্ৰমণলৈ যোৱাৰ কথা আলোচনা কৰিছিলোঁ। ৮০ বছৰ হোৱাৰ লগে লগে আমি বিশ্ব ভ্ৰমণ কৰাৰ সিদ্ধান্ত লওঁ।’’

এলিয়ে ক’লে, “মই আগতেই বিশ্ব ভ্ৰমণত গ’লোঁহেঁতেন। কিন্তু covid ৰ বাবে সেয়া সম্ভৱ নহ'ল। কিন্তু Covid কমি অহাৰ লগে লগে আমি বিশ্ব ভ্ৰমণত নামি পৰিলো।’’

শেহতীয়াকৈ এলি আৰু ছেণ্ডীয়ে ৮০ দিনীয়া বিশ্ব ভ্ৰমণৰ অন্তত টেক্সাছলৈ উভতি গৈছে। ভ্ৰমণকালত তেওঁলোকে লণ্ডন, জাঞ্জিবাৰ, জাম্বিয়া, ইজিপ্ত, নেপাল, বালি আৰু ভাৰতৰ বিভিন্ন ঠাই দৰ্শন কৰে।

ভাৰতত থকাৰ সময়তে দুয়োগৰাকী বান্ধৱীয়ে তাজমহলৰ সন্মুখত থিয় হৈ একেলগে এখন ফটো তুলিছিল। শেহতীয়াকৈ তেওঁলোকে সেই ছবিখন ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। কেৱল সেয়াই নহয়, তেওঁলোকে ভাৰতলৈ আহি দিল্লীৰ ৰাজপথত ৰিক্সাত উঠিও ঘূৰি ফুৰিছিল।














FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা