--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পেলেষ্টাইনী সশস্ত্ৰ সংগঠন ‘হামাছ’-এ ইজৰাইলত কৰা ৫০০ ৰকেট নিক্ষেপনত ইজৰাইলত ৩০০জনৰো অধিক লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে৷ ধ্বংসস্তূপত পৰিণত ইজৰাইলত এতিয়া মৃত্যুৰ কিৰীলি৷ চলি আছে নিৰন্তৰ উদ্ধাৰ অভিযান৷ এই যুদ্ধৰ ইতিহাস এশ বছৰ পুৰণি৷ শতিকাপ্ৰাচীন এই যুদ্ধই এতিয়া পেলেষ্টাইন আৰু ইজৰাইললৈ কঢ়িয়াই আনিছে অজান আতংক৷  পুনৰ নৃশংস নিৰ্যাতনৰ সন্মুখীন হৈছে নাৰী৷ শিশুৰ মুখৰ পৰা কাঢ়ি নিয়া হৈছে হাঁহি৷ 

পেলেষ্টাইন-ইজৰাইলৰ
হামাছ উগ্ৰপন্থীয়ে ইজৰাইলত কৰা ৰকেট আক্ৰমণৰ পাছত মহিলাসকলক বন্দী কৰা হৈছিল, জিম্মাত লোৱা হৈছিল। পেলেষ্টাইনে কয় যে গাজাত ২৩২জনৰো অধিক লোকৰ মৃত্যু হৈছে৷ আনহাতে ইজৰাইলত ৩০০জনৰো অধিক লোক নিহত হৈছে৷ কিয়নো উগ্ৰপন্থী গোট হামাছে আকস্মিক আক্ৰমণত ৫,০০০ ৰকেট নিক্ষেপ কৰিছিল। ইজৰাইলে হামাছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি ভয়ংকৰ আক্ৰমণৰ প্ৰতিশোধ লোৱাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু বিমান আক্ৰমণ আৰম্ভ কৰে।

ইজৰাইলৰ ওপৰত উগ্ৰপন্থী গোট হামাছে কৰা অভূতপূৰ্ব আক্ৰমণৰ পাছত কেইবাটাও মন বিচলিত কৰা ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত৷ এইসমূহ ভিডিঅ’ত ইজৰাইলী মহিলাসকলক বন্দী কৰি ৰখা দেখা গৈছে। ভিডিঅ’বোৰত দেখা গৈছে যে হামাছৰ উগ্ৰপন্থীসকলে তেওঁলোকক গাড়ীৰ ভিতৰলৈ ঠেলি দিয়াৰ সময়ত মহিলাসকলৰ হাত বান্ধি দিয়া হৈছিল উন্মুক্ত পিঠিত৷ নিগৰিছিল তেজ, দিয়া হৈছিল ধৰ্মীয় শ্ল’গান৷

এছ'চিয়েটেড প্ৰেছৰ এক প্ৰতিবেদন অনুসৰি ইজৰাইলী সামৰিক বাহিনীয়ে নিশ্চিত কৰিছে যে হামাছৰ উগ্ৰপন্থীসকলে গাজাত ইজৰাইলী নাগৰিক আৰু সৈনিকসকলক বন্দী কৰি ৰাখিছে। অৱশ্যে ইজৰাইলী সামৰিক বাহিনীয়ে হামাছে বন্দী কৰা বন্দীৰ সংখ্যা সম্পৰ্কে আৰু কোনো বিৱৰণ প্ৰকাশ কৰা নাই। 

ছ'চিয়েল মিডিয়া ভিডিঅ’ৰ দ্বাৰা ভৰি পৰিছে য’ত হামাছৰ যুঁজাৰুসকলে গাজাৰ পথৰ মাজেৰে ইজৰাইলী সৈন্য আৰু অসামৰিক লোকসকলক টানি নিয়া দেখা গৈছে। উগ্ৰপন্থীসকলে বিদেশীসকলকো বন্দী কৰিছে। ইজৰাইলত নেপালৰ ৰাষ্ট্ৰদূতে সংবাদ সংস্থা এএনআইক জনোৱা মতে, ইজৰাইলত প্ৰায় সাতজন নেপালী আহত হৈছে আৰু ১৭জনক হামাছে বন্দী কৰি ৰাখিছে।

ইজৰাইলী সংবাদ মাধ্যমৰ খবৰ অনুসৰি হামা যুঁজাৰুসকলে বন্দী ইজৰাইলী সেনাৰ বাহনত স্থলপথেৰে বা পেৰাচুট ব্যৱহাৰ কৰি বিমানেৰে দেশখনত অনুপ্ৰৱেশ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল