--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইজৰাইল-হামাছ সংঘৰ্ষৰ জুয়ে দহিছে শান্তিকামী মালালাক৷ মালালাৰ হৃদয় দগ্ধ হৈছে যুদ্ধৰ ধোঁৱা আৰু ছাইত৷ পাকিস্তানৰ নোবেলজয়ী মালালা ইউছুফজাই উদ্বিগ্ন হৈ পৰিছে যুদ্ধৰ বাতৰিত৷

শেহতীয়াকৈ গাজাৰ আল-আহলি চিকিৎসালয়ত হোৱা বোমা বিস্ফোৰণক তীব্ৰ নিন্দা কৰিছে মালালাই৷ তেওঁ এই আক্ৰমণক লৈ নিজৰ উদ্বিগ্নতা প্ৰকাশ কৰি ইজৰাইল চৰকাৰক গাজাত মানৱীয় সাহায্য প্ৰদানৰ অনুমতি দিবলৈ আৰু তাৎক্ষণিক যুদ্ধবিৰতিৰ আহ্বান জনায়৷ 

দুই দেশৰ সংকটৰ প্ৰতি সঁহাৰি জনাই ইউছুফজাই চলিত আক্ৰমণৰ সন্মুখীন হোৱা পেলেষ্টাইনীক সহায় কৰিবলৈ সমৰ্পিত তিনিটা দাতব্য সংগঠনলৈ ৩,০০,০০০ ডলাৰৰ অনুদান ঘোষণা কৰে। মালালাৰ নিন্দা আৰু আৰ্থিক সমৰ্থনে গাজাৰ মানৱীয় সংকটলৈ কঢ়িয়াইছে উশাহ৷

মালালাই এই ঘোষণা মঙলবাৰে গাজা চহৰৰ এখন চিকিৎসালয়ত ইজৰাইলী বিমান আক্ৰমণত প্ৰায় ৫০০ পেলেষ্টাইনী নিহত হোৱাৰ পাছত কৰিছে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী আনৱাৰ-উল-হক কাকাৰে এই আক্ৰমণক ‘অমানৱীয়তাৰ অপ্ৰতিৰোধযোগ্য কাৰ্য’ বুলি অভিহিত কৰিছে আৰু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক হিংসাৰ সমাপ্তিৰ বাবে দ্ৰুত পদক্ষেপ ল’বলৈ আহ্বান জনাইছে।

মালালাই এক ভিডিঅ’ বাৰ্তাত বিশ্বক সোঁৱৰাই দিয়ে যে গাজাৰ জনসংখ্যাৰ আধাৰ বয়স ১৮ বছৰৰ তলৰ। তেওঁ লগতে কয়  মই পেলেষ্টাইন, ইজৰাইল আৰু সমগ্ৰ বিশ্বৰ লোকসকলৰ সৈতে শান্তিৰ বাবে মোৰ কণ্ঠস্বৰ যোগ দিবলৈ বিচাৰিছোঁ। সামূহিক শাস্তি ইয়াৰ উত্তৰ নহয়৷ তেওঁলোকক তেওঁলোকৰ গোটেই জীৱন বোমা বিস্ফোৰণ আৰু অন্যায় দখলৰ অধীনত জীয়াই থাকিবলৈ বাধ্য কৰোৱা উচিত নহয়। মই পেলেষ্টাইনী শিশু আৰু বিপদত পৰা লোকসকলক সহায় কৰিবলৈ কাম কৰি থকা দাতব্য প্ৰতিষ্ঠানসমূহক ৩,০০,০০০ ডলাৰ প্ৰদান কৰিবলৈ নিৰ্দেশ দিছোঁ।

উল্লেখযোগ্য যে মালালাই পূৰ্বেও প্ৰায়ে পেলেষ্টাইনীসকলৰ আত্মনিৰ্ধাৰণৰ অধিকাৰৰ সমৰ্থনত আৰু ইজৰাইলৰ দখল আৰু সামৰিক হিংসাৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰি আহিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে