--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইজৰাইল-হামাছ সংঘৰ্ষৰ জুয়ে দহিছে শান্তিকামী মালালাক৷ মালালাৰ হৃদয় দগ্ধ হৈছে যুদ্ধৰ ধোঁৱা আৰু ছাইত৷ পাকিস্তানৰ নোবেলজয়ী মালালা ইউছুফজাই উদ্বিগ্ন হৈ পৰিছে যুদ্ধৰ বাতৰিত৷

শেহতীয়াকৈ গাজাৰ আল-আহলি চিকিৎসালয়ত হোৱা বোমা বিস্ফোৰণক তীব্ৰ নিন্দা কৰিছে মালালাই৷ তেওঁ এই আক্ৰমণক লৈ নিজৰ উদ্বিগ্নতা প্ৰকাশ কৰি ইজৰাইল চৰকাৰক গাজাত মানৱীয় সাহায্য প্ৰদানৰ অনুমতি দিবলৈ আৰু তাৎক্ষণিক যুদ্ধবিৰতিৰ আহ্বান জনায়৷ 

দুই দেশৰ সংকটৰ প্ৰতি সঁহাৰি জনাই ইউছুফজাই চলিত আক্ৰমণৰ সন্মুখীন হোৱা পেলেষ্টাইনীক সহায় কৰিবলৈ সমৰ্পিত তিনিটা দাতব্য সংগঠনলৈ ৩,০০,০০০ ডলাৰৰ অনুদান ঘোষণা কৰে। মালালাৰ নিন্দা আৰু আৰ্থিক সমৰ্থনে গাজাৰ মানৱীয় সংকটলৈ কঢ়িয়াইছে উশাহ৷

মালালাই এই ঘোষণা মঙলবাৰে গাজা চহৰৰ এখন চিকিৎসালয়ত ইজৰাইলী বিমান আক্ৰমণত প্ৰায় ৫০০ পেলেষ্টাইনী নিহত হোৱাৰ পাছত কৰিছে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী আনৱাৰ-উল-হক কাকাৰে এই আক্ৰমণক ‘অমানৱীয়তাৰ অপ্ৰতিৰোধযোগ্য কাৰ্য’ বুলি অভিহিত কৰিছে আৰু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক হিংসাৰ সমাপ্তিৰ বাবে দ্ৰুত পদক্ষেপ ল’বলৈ আহ্বান জনাইছে।

মালালাই এক ভিডিঅ’ বাৰ্তাত বিশ্বক সোঁৱৰাই দিয়ে যে গাজাৰ জনসংখ্যাৰ আধাৰ বয়স ১৮ বছৰৰ তলৰ। তেওঁ লগতে কয়  মই পেলেষ্টাইন, ইজৰাইল আৰু সমগ্ৰ বিশ্বৰ লোকসকলৰ সৈতে শান্তিৰ বাবে মোৰ কণ্ঠস্বৰ যোগ দিবলৈ বিচাৰিছোঁ। সামূহিক শাস্তি ইয়াৰ উত্তৰ নহয়৷ তেওঁলোকক তেওঁলোকৰ গোটেই জীৱন বোমা বিস্ফোৰণ আৰু অন্যায় দখলৰ অধীনত জীয়াই থাকিবলৈ বাধ্য কৰোৱা উচিত নহয়। মই পেলেষ্টাইনী শিশু আৰু বিপদত পৰা লোকসকলক সহায় কৰিবলৈ কাম কৰি থকা দাতব্য প্ৰতিষ্ঠানসমূহক ৩,০০,০০০ ডলাৰ প্ৰদান কৰিবলৈ নিৰ্দেশ দিছোঁ।

উল্লেখযোগ্য যে মালালাই পূৰ্বেও প্ৰায়ে পেলেষ্টাইনীসকলৰ আত্মনিৰ্ধাৰণৰ অধিকাৰৰ সমৰ্থনত আৰু ইজৰাইলৰ দখল আৰু সামৰিক হিংসাৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰি আহিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত