--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানৱতাৰ বধ্যভূমিত পৰিণত হৈছে গাজা। আনকি আক্ৰমণৰ পৰা চিকিৎসালয়ো সাৰি যোৱা নাই। আকাশমাৰ্গৰ পৰা চলোৱা আক্ৰমণত বিধ্বস্ত হৈ পৰিছে  গাজাৰ এখন চিকিৎসালয়। বোমা নিক্ষেপ কৰাৰ ফলত চিকিৎসালয় খনত থকা  ৫০০ ৰো অধিক লোকৰ মৃত্যু ঘটিছে। 

মৃতসকলৰ বেছিভাগেই মহিলা আৰু শিশু বুলি জানিব পৰা গৈছে।  এই আক্ৰমণৰ আঁৰত  ইজৰাইলী সামৰিক বাহিনী জড়িত থকাৰ অভিযোগ কৰিছে হামাছে। অৱশ্যে তেল আভিভে পেলেষ্টাইনী উগ্ৰপন্থী গোটে এই কাৰ্য সংঘটিত কৰা বুলি দাবী কৰিছে।   আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনে বুধবাৰে তেল আভিভত উপস্থিত হোৱাৰ কথা আছে। তাৰ ঠিক আগতে গাজাত এনে  ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইজৰাইলী সৈন্যই গাজাৰ আল-আহলী আৰৱ চিকিৎসালয়ত আক্ৰমণ চলাইছে। যুদ্ধত আহতসকলক চিকিৎসালয়ত চিকিৎসাধীন কৰোৱা হৈছিল। গাজাৰ কৰ্তৃপক্ষই কৈছে যে আক্ৰমণত ৫০০ ৰো অধিক লোক নিহত হৈছে। 

হামাছ-ইজৰাইল সংঘৰ্ষৰ আজিও শাম কটা নাই।এই যুদ্ধত এতিয়ালৈকে  মৃত্যুৰ সংখ্যা ৪,০০০ অতিক্ৰম কৰিছে। এনে পৰিস্থিতিত চিকিৎসালয়ত ইমান সংখ্যক লোকৰ কৰুণ মৃত্যুৱে পুনৰ পৰিস্থিতিৰ অৱনতি ঘটাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এণ্টনি ব্লিঙ্কেন বৰ্তমান তেল আভিভত আছে। 

তেওঁ কৈছে  যে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনে বুধবাৰে যুদ্ধবিধ্বস্ত ইজৰাইল ভ্ৰমণ কৰিব। তেওঁ যুদ্ধৰ পৰিস্থিতি নিজে আহি চাব। তেওঁ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক সাক্ষাৎ কৰি হামাছৰ আক্ৰমণৰ বিৰুদ্ধে ইজৰাইলৰ প্ৰতিৰক্ষাৰ দিশটো পৰ্যালোচনা কৰিব। 









 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে