--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানৱতাৰ বধ্যভূমিত পৰিণত হৈছে গাজা। আনকি আক্ৰমণৰ পৰা চিকিৎসালয়ো সাৰি যোৱা নাই। আকাশমাৰ্গৰ পৰা চলোৱা আক্ৰমণত বিধ্বস্ত হৈ পৰিছে  গাজাৰ এখন চিকিৎসালয়। বোমা নিক্ষেপ কৰাৰ ফলত চিকিৎসালয় খনত থকা  ৫০০ ৰো অধিক লোকৰ মৃত্যু ঘটিছে। 

মৃতসকলৰ বেছিভাগেই মহিলা আৰু শিশু বুলি জানিব পৰা গৈছে।  এই আক্ৰমণৰ আঁৰত  ইজৰাইলী সামৰিক বাহিনী জড়িত থকাৰ অভিযোগ কৰিছে হামাছে। অৱশ্যে তেল আভিভে পেলেষ্টাইনী উগ্ৰপন্থী গোটে এই কাৰ্য সংঘটিত কৰা বুলি দাবী কৰিছে।   আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনে বুধবাৰে তেল আভিভত উপস্থিত হোৱাৰ কথা আছে। তাৰ ঠিক আগতে গাজাত এনে  ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইজৰাইলী সৈন্যই গাজাৰ আল-আহলী আৰৱ চিকিৎসালয়ত আক্ৰমণ চলাইছে। যুদ্ধত আহতসকলক চিকিৎসালয়ত চিকিৎসাধীন কৰোৱা হৈছিল। গাজাৰ কৰ্তৃপক্ষই কৈছে যে আক্ৰমণত ৫০০ ৰো অধিক লোক নিহত হৈছে। 

হামাছ-ইজৰাইল সংঘৰ্ষৰ আজিও শাম কটা নাই।এই যুদ্ধত এতিয়ালৈকে  মৃত্যুৰ সংখ্যা ৪,০০০ অতিক্ৰম কৰিছে। এনে পৰিস্থিতিত চিকিৎসালয়ত ইমান সংখ্যক লোকৰ কৰুণ মৃত্যুৱে পুনৰ পৰিস্থিতিৰ অৱনতি ঘটাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এণ্টনি ব্লিঙ্কেন বৰ্তমান তেল আভিভত আছে। 

তেওঁ কৈছে  যে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনে বুধবাৰে যুদ্ধবিধ্বস্ত ইজৰাইল ভ্ৰমণ কৰিব। তেওঁ যুদ্ধৰ পৰিস্থিতি নিজে আহি চাব। তেওঁ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক সাক্ষাৎ কৰি হামাছৰ আক্ৰমণৰ বিৰুদ্ধে ইজৰাইলৰ প্ৰতিৰক্ষাৰ দিশটো পৰ্যালোচনা কৰিব। 









 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত