--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুই ৰাষ্ট্ৰৰ ৰাজনৈতিক বিবাদত ভূলুণ্ঠিত হৈছে জ্ঞানৰ আলোক৷ যুদ্ধভূমিৰ বিভীষিকাত ধ্বংস কৰা হৈছে শিক্ষানুষ্ঠান৷ জ্ঞান আৰু প্ৰজ্ঞাৰ উপাসনাস্থলী শিক্ষানুষ্ঠানো বাচি যোৱা নাই যুদ্ধৰ উন্মাদনাৰ পৰা৷ যুদ্ধৰ জিঘাংসাই কাঢ়ি নিছে শিক্ষাৰ সোপান৷ ইউক্ৰেইনত দেখা গৈছে সেই দৃশ্য৷ ৰাছিয়া আৰু ইউক্ৰেইনৰ সামৰিক সংঘাতে সমগ্ৰ বিশ্বকে কঁপাই আছে৷ ৰাছিয়াৰ আগ্ৰাসী আক্ৰমণ আৰু নাটো, আমেৰিকাৰ সহযোগত ইউক্ৰেইনৰ প্ৰত্যাক্ৰমণে এতিয়া বিধ্বংসী ৰূপ ধাৰণ কৰিছে৷ ৰুছ সৈন্যই ইউক্ৰেইনত চলাই গৈছে ধ্বংসলীলা৷ বধ্যভূমিত পৰিণত হোৱা ইউক্ৰেইনত ৰাছিয়ান সৈন্যই ধ্বংস কৰিলে ১৬০তকৈও অধিক শিক্ষানুষ্ঠান৷ ইউক্ৰেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে এই তথ্য সদৰী কৰিছে৷ শুকুৰবাৰে ইউক্ৰেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে (এমএফএ) কয় যে, ৰাছিয়ান সৈন্যৰ গুলীবৰ্ষণ আৰু আক্ৰমণৰ ফলত ইউক্ৰেইনৰ ১৬০খনতকৈও অধিক শিক্ষানুষ্ঠান সম্পূৰ্ণৰূপে ধ্বংস হৈছে। ইংলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু ইউৰোপীয় ইউনিয়নকে ধৰি কেইবাখনো দেশে ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক অভিযানক গৰিহণা দিছে আৰু মস্কোৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। ইতিমধ্যে, এই দেশসমূহে ইউক্ৰেইনক ৰাছিয়াৰ বিৰুদ্ধে যুঁজিবলৈ সামৰিক সাহায্যত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু ইউৰোপীয় মিত্ৰশক্তিয়ে ছুইফ্টৰ পৰা ৰাছিয়াৰ বেংকবোৰ আঁতৰাবলৈ সন্মত হৈছিল, যাৰ অৰ্থ হৈছে এতিয়াৰে পৰা ৰাছিয়াৰ বেংকবোৰে ৰাছিয়াৰ সীমাৰ বাহিৰৰ বেংকবোৰৰ সৈতে সুৰক্ষিতভাৱে যোগাযোগ কৰিব নোৱাৰিব। আনহাতে, ৰাষ্ট্ৰপতি পুটিনেও আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আমেৰিকাৰ মিত্ৰশক্তিৰ বিৰুদ্ধে বিশেষ অৰ্থনৈতিক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক