--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুই ৰাষ্ট্ৰৰ ৰাজনৈতিক বিবাদত ভূলুণ্ঠিত হৈছে জ্ঞানৰ আলোক৷ যুদ্ধভূমিৰ বিভীষিকাত ধ্বংস কৰা হৈছে শিক্ষানুষ্ঠান৷ জ্ঞান আৰু প্ৰজ্ঞাৰ উপাসনাস্থলী শিক্ষানুষ্ঠানো বাচি যোৱা নাই যুদ্ধৰ উন্মাদনাৰ পৰা৷ যুদ্ধৰ জিঘাংসাই কাঢ়ি নিছে শিক্ষাৰ সোপান৷ ইউক্ৰেইনত দেখা গৈছে সেই দৃশ্য৷ ৰাছিয়া আৰু ইউক্ৰেইনৰ সামৰিক সংঘাতে সমগ্ৰ বিশ্বকে কঁপাই আছে৷ ৰাছিয়াৰ আগ্ৰাসী আক্ৰমণ আৰু নাটো, আমেৰিকাৰ সহযোগত ইউক্ৰেইনৰ প্ৰত্যাক্ৰমণে এতিয়া বিধ্বংসী ৰূপ ধাৰণ কৰিছে৷ ৰুছ সৈন্যই ইউক্ৰেইনত চলাই গৈছে ধ্বংসলীলা৷ বধ্যভূমিত পৰিণত হোৱা ইউক্ৰেইনত ৰাছিয়ান সৈন্যই ধ্বংস কৰিলে ১৬০তকৈও অধিক শিক্ষানুষ্ঠান৷ ইউক্ৰেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে এই তথ্য সদৰী কৰিছে৷ শুকুৰবাৰে ইউক্ৰেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে (এমএফএ) কয় যে, ৰাছিয়ান সৈন্যৰ গুলীবৰ্ষণ আৰু আক্ৰমণৰ ফলত ইউক্ৰেইনৰ ১৬০খনতকৈও অধিক শিক্ষানুষ্ঠান সম্পূৰ্ণৰূপে ধ্বংস হৈছে। ইংলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু ইউৰোপীয় ইউনিয়নকে ধৰি কেইবাখনো দেশে ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক অভিযানক গৰিহণা দিছে আৰু মস্কোৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। ইতিমধ্যে, এই দেশসমূহে ইউক্ৰেইনক ৰাছিয়াৰ বিৰুদ্ধে যুঁজিবলৈ সামৰিক সাহায্যত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু ইউৰোপীয় মিত্ৰশক্তিয়ে ছুইফ্টৰ পৰা ৰাছিয়াৰ বেংকবোৰ আঁতৰাবলৈ সন্মত হৈছিল, যাৰ অৰ্থ হৈছে এতিয়াৰে পৰা ৰাছিয়াৰ বেংকবোৰে ৰাছিয়াৰ সীমাৰ বাহিৰৰ বেংকবোৰৰ সৈতে সুৰক্ষিতভাৱে যোগাযোগ কৰিব নোৱাৰিব। আনহাতে, ৰাষ্ট্ৰপতি পুটিনেও আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আমেৰিকাৰ মিত্ৰশক্তিৰ বিৰুদ্ধে বিশেষ অৰ্থনৈতিক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে