--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
যুদ্ধৰ পৰা পিছ হুহুকি অহা জোৱানসকলক গুলীয়াই হত্যা কৰাৰ নিৰ্দেশ দিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ! এই বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে ব্ৰিটেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে৷  ইউক্ৰেইনৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত চোৰাংচোৱা সংস্থাৰ এটা আপডেট টুইট কৰি এই কথা স্পষ্ট কৰে৷ 

 ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইনৰ সৈতে চলি থকা যুদ্ধৰ পৰা পিছ হুহুকি অহা জোৱানসকলক গুলীয়াই হত্যা কৰাৰ নিৰ্দেশ দিছে বুলি সজোৰে টুইটটোত দাবী কৰা হৈছিল৷ ব্ৰিটেইনৰ দাবী অনুসৰি  ইউনিট নিয়োজ কৰিছে ৰাছিয়াই৷  
 
পুটিনৰ এই নিৰ্মম  সতৰ্কবাণী অমান্য কৰা  জোৱানসকলৰ শাস্তি স্বৰূপে  মৃত্যুদণ্ড দিয়া হ’ব বুলি কঠোৰ হৈ পৰিছে পুটিন বাহিনী৷যোৱা ফ্ৰেব্ৰুৱাৰী মাহত এই যুদ্ধ আৰম্ভ হৈছিল৷ 
প্ৰথম অৱস্থাত ৰাছিয়া বাহিনী পৰাক্ৰমেৰে যুঁজিছিল যদিও সময় বাঢ়ি যোৱাৰ লগে -লগে ক্লান্ত হৈ পৰিছে সৈনিকসকল৷ সেয়েহে এনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি পুটিনে  যুদ্ধ জয়ৰ মন মেলিছে বুলিও আশংকা কৰা হৈছে৷

প্ৰাৰম্ভিক অৱস্থাত ইউক্ৰেইনত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছিল যদিও সময় বাগৰাৰ লগে লগে ৰুছ সৈন্যৰ আক্ৰমণাত্মক মনোভাৱ হ্ৰাস পাব ধৰাত পুটিনে শেহতীয়াকৈ এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি ব্ৰিটেইনে দাবী কৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক