--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সাধাৰণতে কোৱা হয় যে বয়স বাঢ়ি অহাৰ লগে লগে কৰ্কট ৰোগে দেখা দিয়ে৷ এতিয়া এই ধাৰণা ভুল প্ৰমাণিত হৈছে৷ দৈনন্দিন জীৱনশৈলীৰ পৰিৱৰ্তনৰ বাবে এতিয়া কৰ্কট ৰোগত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। তাৰ ভিতৰত স্তন, হাওঁফাওঁ, মুখ, পেট, বৃহদন্ত্রৰ কেন্সাৰ ৰোগীৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে বুলি এক সমীক্ষা প্ৰকাশ পাইছে। আমেৰিকান কেন্সাৰ ছ’চাইটিৰ এক অধ্যয়নতযুৱক-যুৱতীসকলৰ মাজত কেন্সাৰ অধিক বিয়পি পৰিছে বুলি প্ৰকাশ পাইছে। কেন্সাৰ ধৰা পৰা লোকৰ গড় বয়স গণনা কৰিলে দেখা যায় যে প্ৰতি পাঁচজন লোকৰ ভিতৰত এজনৰ ৩৫ বছৰৰ তলৰ ব্যক্তিৰ শৰীৰত কৰ্কট ৰোগ ধৰা পৰে।

কৰ্কট ৰোগৰ চিকিৎসক শুভদীপ চক্ৰৱৰ্তীয়ে সকীয়াই দিছে যে যুৱতীসকল স্তন কেন্সাৰত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি। দেশত মহিলাৰ মাজত স্তন কেন্সাৰৰ হাৰ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে বুলি উল্লেখ কৰে আৰু ইয়াৰ ভিতৰত গ্ৰাম্য অঞ্চলৰ এক বৃহৎ অংশও অন্তৰ্ভুক্ত। স্তন কেন্সাৰৰ উপৰিও আন তিনিটা ক্ৰমে জৰায়ুৰ মুখ, জৰায়ু আৰু ডিম্বাশয়ৰ কৰ্কট ৰোগ। এতিয়া মহিলাৰ মাজত কেন্সাৰ অধিক হাৰত দেখা পোৱা গৈছে। মহিলাসকলে পেট ফুলা, ওজন বৃদ্ধি, পাচনতন্ত্ৰৰ সমস্যা, ঋতুস্ৰাৱৰ পিছত ৰক্তক্ষৰণ, ঋতুস্ৰাৱ অনিয়মিত হোৱা আদি সমস্যাবোৰ দীৰ্ঘদিনলৈ আওকাণ কৰাৰ প্ৰৱণতা থাকে।অজ্ঞানতাই কৰ্কট ৰোগ বৃদ্ধিৰ অন্যতম ডাঙৰ কাৰণ চিকিৎসকে উল্লেখ কৰে৷ ইয়াৰ উপৰিও ৩৪ৰ পৰা ৩৫ বছৰ বয়সত প্ৰথম সন্তান জন্ম দিলে স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় বুলি উল্লেখ কৰে। ইয়াৰ উপৰিও আজিৰ বহু মহিলাই সন্তানক স্তনপান কৰাব নিবিচাৰে ইয়াৰ বাবে স্তন কেন্সাৰৰ সম্ভাৱনাও বহু পৰিমাণে বৃদ্ধি কৰে বুলি চিকিৎসকে উল্লেখ কৰিছে৷

উল্লেখ্য যে কৰ্কট ৰোগ হঠাতে নহয়। ইয়াৰ বীজ বহুদিনৰ পৰাই শৰীৰত ৰোপিত হয়। অনিয়ন্ত্ৰিত খাদ্যাভ্যাসো কৰ্কট ৰোগৰ অন্যতম কাৰণ। আজিৰ শিশুসকলৰ মাজত সুষম খাদ্যৰ পৰিৱৰ্তে প্ৰচেছড খাদ্য খোৱাতো অভ্যাসত পৰিণত হৈছে। এই সকলোবোৰ খাদ্যতে এনে ৰাসায়নিক পদাৰ্থ থাকে যিয়ে কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে। চিকিৎসকৰ মতে চচ্চেজ আৰু বাৰ্গাৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা বহুতো সুপৰিচিত ব্ৰেণ্ডৰ প্ৰচেছড মাংসত বিশেষ হৰম’ন বেজী দিয়া হয় যাতে মাংসৰ সোৱাদ বৃদ্ধি পায়। এই হৰম’ন যদি মানুহৰ শৰীৰত প্ৰৱেশ কৰে তেন্তে ই মানৱ শৰীৰৰ প্ৰাকৃতিক হৰম’নৰ ভাৰসাম্য বিঘ্নিত কৰিব পাৰে৷যি কৰ্কট ৰোগৰ বাহক হ’ব পাৰে।

নিউক্লিয়াৰ মেডিচিনৰ চিকিৎসক সোণালী ঘোষে কয় যে যুৱক-যুৱতীসকলৰ মাজত বৃহদান্ত্ৰ আৰু অগ্নাশয়ৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পাইছে। ইয়াৰোপৰি যুৱক-যুৱতীসকলৰ মাজত মুখ আৰু ডিঙিৰ কৰ্কট ৰোগ ক্ৰমাগতভাৱে বৃদ্ধি পোৱা বুলি উল্লেখ কৰিছে। ধঁপাতৰ বিভিন্ন সামগ্ৰী, যেনে-চিগাৰেট বা বিড়ি, গুটখা, জৰ্দা, খইনী আদিৰ পৰা মুখ আৰু ডিঙিৰ কৰ্কট ৰোগৰ আশংকা বাঢ়িছে। মুখ আৰু ডিঙিৰ কৰ্কট ৰোগ এটা ঠাইত নাথাকে, ক্ৰমান্বয়ে লিম্ফ ন’ড আনকি হাওঁফাওঁলৈও বিয়পি পৰে। এতিয়া দেখা গৈছে যে মুখ আৰু ডিঙিৰ কৰ্কট ৰোগত আক্ৰান্তসকলৰ এক বৃহৎ অংশ ৪০ৰ পৰা ৬০ বছৰৰ ভিতৰত আৰু ১৮-২৫ বছৰ বয়সৰ শিশুও এই ৰোগত আক্ৰান্ত হৈ আছে বুলি উল্লেখ কৰে।

মহামাৰী হৈ পৰা আন এটা কেন্সাৰ হৈছে ছাৰ্ভাইকেল কেন্সাৰ। বিশ্ব স্বাস্থ্য সংস্থাৰ পৰিসংখ্যা অনুসৰি ভাৰতত প্ৰতি পাঁচগৰাকী মহিলাৰ ভিতৰত এগৰাকী ছাৰ্ভাইকেল কেন্সাৰ ৰোগত মৃত্যুৰ হৈছে৷  বৰ্তমান দেশৰ প্ৰায় ১ লাখ ৫০ হাজাৰ মহিলা প্ৰতি বছৰে এই কৰ্কট ৰোগত আক্ৰান্ত হয় বুলি তথ্য প্ৰকাশ পাইছে। অত্যধিক মদ্যপান, ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱ, অসুৰক্ষিত যৌন সম্পৰ্ক, আৰু অত্যাধিক গৰ্ভনিৰোধক বড়ি খোৱাৰ অভ্যাস ইয়াৰ প্ৰধান কাৰণ। সজাগতাৰ অভাৱে এই কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰিছে যদিও আগতীয়াকৈ ধৰা পৰিলে এই ৰোগ সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰিব পৰা যায় বুলি চিকিৎসক সকলে প্ৰকাশ কৰিছে।সম্প্ৰতি পেপ স্মিয়ৰ, এইচ পি ভি, ভি আই এ, কলপস্কপি আদি বহুতো সহজ পদ্ধতি থকাৰ পিছতো ২৫ বছৰৰ ওপৰৰ বেছিভাগ মহিলাই বছৰত এবাৰ এই নিয়মীয়া পৰীক্ষাৰ প্ৰতি উদাসীন হোৱা দেখা যায় বুলি। চিকিৎসকসকলে লগতে কয় যে অনিয়ন্ত্ৰিত জীৱনশৈলীৰ বাবে বিগত ২০ বছৰত পেট আৰু বৃহদান্ত্ৰৰ কৰ্কট ৰোগৰ হাৰ ৮ শতাংশৰ পৰা ১৬ শতাংশলৈ বৃদ্ধি পাইছে।

কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰিবলৈ হ’লে মধ্যমীয়া জীৱনশৈলী গ্ৰহণ কৰিব লাগিব।চিকিৎসক অৰুণাংছু তালুকদাৰৰ মতে, কেন্সাৰৰ পৰা মুক্তি পাবলৈ দুটা উপায় আছে- ‘প্ৰিভেনচন অংক’লজী’।অৰ্থাৎ কেন্সাৰৰ বাবে দায়ী অভ্যাস যেনে ধূমপান, ধঁপাত চোবাই খোৱা, মদ খোৱা, খাদ্যৰ পৰিৱৰ্তন কৰা আদি অভ্যাস এৰি দিয়া। দ্বিতীয় পদ্ধতিটো হৈছে ‘আগতীয়া ধৰা পেলোৱা’ অৰ্থাৎ নিয়মীয়াকৈ পৰীক্ষা-নিৰীক্ষাৰ প্ৰয়োজন।যিসকলৰ পাৰিবাৰিক কেন্সাৰৰ ইতিহাস আছে তেওঁলোকে আৰু অধিক সচেতন হোৱাটো প্ৰয়োজন বুলি উল্লেখ কৰে।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে ওজন নিয়ন্ত্ৰণ। সৰুৰে পৰা খাদ্যাভ্যাস বেয়া হ’লে পিছলৈ মেটাবলিক চিনড্ৰম হ’ব পাৰে, যাৰ ফলত পেট, অগ্নাশয়, বৃহদান্ত্ৰৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। আৰু সকলো ধৰণৰ জাংক ফুড আৰু কৃত্ৰিম ৰঙৰ খাদ্য খোৱা বন্ধ কৰিব লাগে, আৰু অধিক আঁহযুক্ত খাদ্য যেনে শস্য, বাদাম, গুটি, শাক-পাচলি, ফল-মূল আদি খাব লাগে। নিয়মীয়া ব্যায়ামৰ অবিহনে কোনো বিকল্প নাই।আৰু ত্ৰিশ বছৰ বয়সৰ পিছত কিছুমান স্ক্ৰীনিং টেষ্ট কৰাটো গুৰুত্বপূৰ্ণ। উদাহৰণস্বৰূপে, মহিলাসকলৰ বাবে মাহেকীয়া স্তন পৰীক্ষা, বাৰ্ষিক মেম’গ্ৰাফী, পেপ পৰীক্ষা আদি কৰাটো গুৰুত্বপূৰ্ণ। পুৰুষৰ বাবে ‘পি এছ এ টেষ্ট’ বা ‘প্ৰষ্টেট স্পেচিফিক এন্টিজেন টেষ্ট’ কৰাটো ভাল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ