--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দ্বিতীয়বাৰৰ বাবে টি২০ বিশ্বকাপ দখল কৰিলে ইংলেণ্ডে। যুঁজি যুঁজি হাৰ মানিলে পাকিস্তানী বলিং লাইনআপে। টি২০ বিশ্বকাপৰ ফাইনেলত বিজয়সাব্যষ্ট কৰে ইংলেণ্ডে।

মেলব’ৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা মেচখনত ইংলেণ্ডক প্ৰয়োজন আছিল মাত্ৰ ১৩৮ ৰাণৰ। পাকিস্তানৰ বলাৰসকলে আৰম্ভণিৰে পৰা ইংলেণ্ডৰ বেটাৰসকলৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ চেষ্টা কৰে।

চেমিফাইনেলত দীঘলিয়া ইনিংছ খেলিবলৈ ব্যৰ্থ হয় ইংলেণ্ডৰ মূল স্তম্ভ জছ বাটলাৰ। ১৭ টা বলত ২৬ ৰাণ কৰি বাটলাৰে হাৰিছ ৰৌফৰ বলত মহম্মদ ৰিঝৱানৰ হাতত ধৰা পৰে। বাটলাৰ পেভিলিয়নমুখী হোৱাৰ পাছতে পাকিস্তানৰ মুখত হাঁহি বিৰিঙি উঠে।

কিন্তু শেষৰ অভাৰকেইটাত বেন ষ্টকছ আৰু ময়িন আলীৰ দূৰ্দান্ত বেটিঙৰেৰে ইংলেণ্ডে এক অভাৰ বাকী থকা অৱস্থাত পাঁচটা উইকেট হেৰুৱাই বিজয়লক্ষ্যত উপনীত হয়। বেন ষ্টকছে  (৫২) আরু ময়িন আলীয়ে (১৯) ৰাণ কৰি অপৰাজীত হৈ থাকে।

পাকিস্তানৰ এই পৰাজয়ৰ অন্যতম কাৰণ হ’ল শ্বাহিন শ্বাহ আফ্ৰিডিৰ আঘাট। ইনিংছৰ শেষৰফালে মেচখনত সুন্দৰ প্ৰদৰ্শন কৰা আফ্ৰিডিয়ে বলিং কৰিবলৈ অসম্যৰ্থ হয়। পাকিস্তানৰ হৈ দুটাকৈ উইকেট দখল কৰে হাৰিছ ৰৌফে। নাছিম খান আৰু ছাদাৱ খানে নিয়ন্ত্ৰিত বলিঙেৰে ইংলেণ্ডৰ বেটাৰৰ ওপৰত চাপ সৃষ্টি কৰে।

ইয়াৰ পূৰ্বে টছত জিকি পাকিস্তানক বেটিং কৰিবৈল আমন্ত্ৰণ জনায় ইংলেণ্ডে। বাবৰ আজম আৰু মহম্মদ ৰিঝৱানে ধীৰ গতিৰে পাকিস্তানৰ অপেনিং যুটিতো গঢ়িবৈল চেষ্টা কৰে।

কিন্তু ৪.২ অভাৰত সংগ্ৰহ কৰা ২৯ ৰাণত ৰিঝৱানৰ ৰূপত প্ৰথমটো উইকেট হেৰুৱায় পাকিস্তানে। ৰিঝৱানে ১৪ (১৪) ৰাণত ব্যৰ্থ হোৱাৰ বিপৰীতে বাবৰ আজমে ৩২ (২৮) ৰাণ সংগ্ৰহ কৰে।

বাবৰ আজমৰ উপৰিও ছান মাছুদৰ ৩৮ (২৮) আৰু ছাদাৱ খানৰ ২০ (১৪) ৰাণৰ সহায়তে পাকিস্তানে ৮ উইকেটত ১৩৭ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ইয়াৰ বিপৰীতে মিডল অৰ্ডাৰত ব্যৰ্থ হয় মহম্মদ হেৰিছ (৮), ইফটিকাৰ আহমেদ (০) আৰু মহম্মদ নাৱাজ (৫)।

নিয়ন্ত্ৰিত বলিঙেৰে ইংলেণ্ডৰ হৈ উজ্বলি উঠে ছাম কুৰান। ৪ অভাৰত ১৩ ৰাণ খৰচ কৰি কুৰানে ৩ টাকৈ উইকেট দখল কৰে। দুটাকৈ উইকেট ভগাই লয় আদিল ৰছিদ আৰু ক্ৰিছ জৰ্দানে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০১০ চনত ইংলেণ্ডে টি২০ বিশ্বকাপ বিজয় কৰিছিল। বাৰ বছৰৰ পাছত পুনৰ বিশ্বকাপবিজয়ী হৈ ঘৰলৈ উভটিব বাটলাৰ-ষ্টকছৰ মহাপ্ৰতাপী ইংলিছ বাহিনী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু