--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দ্বিতীয়বাৰৰ বাবে টি২০ বিশ্বকাপ দখল কৰিলে ইংলেণ্ডে। যুঁজি যুঁজি হাৰ মানিলে পাকিস্তানী বলিং লাইনআপে। টি২০ বিশ্বকাপৰ ফাইনেলত বিজয়সাব্যষ্ট কৰে ইংলেণ্ডে।

মেলব’ৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা মেচখনত ইংলেণ্ডক প্ৰয়োজন আছিল মাত্ৰ ১৩৮ ৰাণৰ। পাকিস্তানৰ বলাৰসকলে আৰম্ভণিৰে পৰা ইংলেণ্ডৰ বেটাৰসকলৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ চেষ্টা কৰে।

চেমিফাইনেলত দীঘলিয়া ইনিংছ খেলিবলৈ ব্যৰ্থ হয় ইংলেণ্ডৰ মূল স্তম্ভ জছ বাটলাৰ। ১৭ টা বলত ২৬ ৰাণ কৰি বাটলাৰে হাৰিছ ৰৌফৰ বলত মহম্মদ ৰিঝৱানৰ হাতত ধৰা পৰে। বাটলাৰ পেভিলিয়নমুখী হোৱাৰ পাছতে পাকিস্তানৰ মুখত হাঁহি বিৰিঙি উঠে।

কিন্তু শেষৰ অভাৰকেইটাত বেন ষ্টকছ আৰু ময়িন আলীৰ দূৰ্দান্ত বেটিঙৰেৰে ইংলেণ্ডে এক অভাৰ বাকী থকা অৱস্থাত পাঁচটা উইকেট হেৰুৱাই বিজয়লক্ষ্যত উপনীত হয়। বেন ষ্টকছে  (৫২) আরু ময়িন আলীয়ে (১৯) ৰাণ কৰি অপৰাজীত হৈ থাকে।

পাকিস্তানৰ এই পৰাজয়ৰ অন্যতম কাৰণ হ’ল শ্বাহিন শ্বাহ আফ্ৰিডিৰ আঘাট। ইনিংছৰ শেষৰফালে মেচখনত সুন্দৰ প্ৰদৰ্শন কৰা আফ্ৰিডিয়ে বলিং কৰিবলৈ অসম্যৰ্থ হয়। পাকিস্তানৰ হৈ দুটাকৈ উইকেট দখল কৰে হাৰিছ ৰৌফে। নাছিম খান আৰু ছাদাৱ খানে নিয়ন্ত্ৰিত বলিঙেৰে ইংলেণ্ডৰ বেটাৰৰ ওপৰত চাপ সৃষ্টি কৰে।

ইয়াৰ পূৰ্বে টছত জিকি পাকিস্তানক বেটিং কৰিবৈল আমন্ত্ৰণ জনায় ইংলেণ্ডে। বাবৰ আজম আৰু মহম্মদ ৰিঝৱানে ধীৰ গতিৰে পাকিস্তানৰ অপেনিং যুটিতো গঢ়িবৈল চেষ্টা কৰে।

কিন্তু ৪.২ অভাৰত সংগ্ৰহ কৰা ২৯ ৰাণত ৰিঝৱানৰ ৰূপত প্ৰথমটো উইকেট হেৰুৱায় পাকিস্তানে। ৰিঝৱানে ১৪ (১৪) ৰাণত ব্যৰ্থ হোৱাৰ বিপৰীতে বাবৰ আজমে ৩২ (২৮) ৰাণ সংগ্ৰহ কৰে।

বাবৰ আজমৰ উপৰিও ছান মাছুদৰ ৩৮ (২৮) আৰু ছাদাৱ খানৰ ২০ (১৪) ৰাণৰ সহায়তে পাকিস্তানে ৮ উইকেটত ১৩৭ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ইয়াৰ বিপৰীতে মিডল অৰ্ডাৰত ব্যৰ্থ হয় মহম্মদ হেৰিছ (৮), ইফটিকাৰ আহমেদ (০) আৰু মহম্মদ নাৱাজ (৫)।

নিয়ন্ত্ৰিত বলিঙেৰে ইংলেণ্ডৰ হৈ উজ্বলি উঠে ছাম কুৰান। ৪ অভাৰত ১৩ ৰাণ খৰচ কৰি কুৰানে ৩ টাকৈ উইকেট দখল কৰে। দুটাকৈ উইকেট ভগাই লয় আদিল ৰছিদ আৰু ক্ৰিছ জৰ্দানে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০১০ চনত ইংলেণ্ডে টি২০ বিশ্বকাপ বিজয় কৰিছিল। বাৰ বছৰৰ পাছত পুনৰ বিশ্বকাপবিজয়ী হৈ ঘৰলৈ উভটিব বাটলাৰ-ষ্টকছৰ মহাপ্ৰতাপী ইংলিছ বাহিনী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক