--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৩দিন ধৰি বন্ধ থাকিব মন্দিৰৰ দুৱাৰ, এই সময়ত দিয়া মন্দিৰৰ প্ৰসাদৰ আছে কিছু বিশেষত্ব, সবিস্তাৰে জানো আহক

ডিজিটেল ডেস্ক : আজিৰে পৰা কামাখ্যাধামত আৰম্ভ অম্বুবাচী মহাযোগ। বিয়লি ২.৫৬ বজাত হৈছে অম্বুবাচীৰ প্ৰবৃত্তি।দেশী-বিদেশী সাধু-সন্তৰ ভিৰ কামাখ্যাধামত।নীলাচলৰ বুকুত এতিয়া উখল–মাখল পৰিৱেশ। লক্ষাধিক ভক্তৰে জনসমুদ্ৰত পৰিণত কামাখ্যাধাম।বিভিন্ন বেশ-ভূষাৰে লাখ লাখ ভক্তৰ আগমন নীলাচলৰ বুকুলৈ।

 

সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত ৫১টা শক্তিপীঠ আছে। ইয়াৰে প্ৰত্যেকখন শক্তিপীঠৰে আছে নিজস্ব মাহাত্ম্য। এই শক্তিপীঠসমূহৰ দৰ্শন আৰু পূজাৰে ভক্তৰ বিভিন্ন মনোকামনা পূৰণ হয় বুলি জনবিশ্বাস আছে। তেনে এক শক্তিপীঠেই হৈছে নীলাচলৰ কামাখ্যাধাম। এই মন্দিৰ অসমৰ অন্যতম বিখ্যাত পৰ্যটনস্থলী হোৱাৰ উপৰি তন্ত্ৰ সাধনাৰ বাবেও অতি বিখ্যাত। সেয়েহে এই শক্তিপীঠক আন শক্তিপীঠতকৈ কিছু পৃথক বুলিব পাৰি।

 

৫১টা শক্তিপীঠৰ ভিতৰত অন্যতম কামাখ্যা মন্দিৰত কোনো মূৰ্তি নাই, ইয়াত মা সতীৰ যোনি পূজা কৰা হয়, যিটো শিলৰ ৰূপত বিৰাজমান। যিসকলে এই শিলক পূজা কৰে, দেখে আৰু স্পৰ্শ কৰে, তেওঁলোকে দেৱী আশীৰ্বাদ লাভ কৰে। এই শক্তিপীঠত দেৱীৰ ৬৪জন যোগিনী আৰু ১০টা মহাবিদ্যাৰে সন্নিবিষ্ট কৰা হৈছে। পৌৰাণিক কাহিনী অনুসৰি দেৱী সতীৰ পিতৃয়ে স্বামী শিৱক অসংখ্য লোকৰ সন্মুখত অপমান কৰাৰ সময়ত লজ্জা আৰু ক্ষোভত সতীয়ে আত্মজাহ কৰিছিল। মাৰ সতীৰ আত্মজাহৰ খবৰ শুনি শিৱ অত্যন্ত ক্ৰোধিত হৈ কান্ধত সতীৰ মৃতদেহ লৈ তাণ্ডৱ নৃত্য কৰিবলৈ ধৰিলে।তাকে দেখি বিশ্বব্ৰহ্মাণ্ডৰ কথা ভাবি ভগৱান বিষ্ণুৱে নিজৰ সুদৰ্শন চক্ৰৰে দেৱীৰ শৰীৰক ৫১টা ভাগত বিভক্ত কৰি হতাশ আৰু ক্ৰোধিত শিৱৰ পৰা বিশ্বব্ৰহ্মাণ্ডক ৰক্ষা কৰিলে। কিন্তু সতীৰ দেহৰ প্ৰতিটো অংশ ভাৰতবৰ্ষৰ বিভিন্ন স্থানত পৰিছিল যিবোৰ একো একোখন শক্তিপীঠ নামেৰে জনাজাত হয়। অসমৰ নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰত দেৱীৰ যোনি পৰিছিল বুলিও বিশ্বাস কৰা হয়। সেয়েহে মা কামাখ্যা মন্দিৰত যোনি পূজা কৰা হয়। এক পৰম তান্ত্ৰিক পূজা কেন্দ্ৰ হোৱাৰ বাবে কামাখ্যা মন্দিৰক তন্ত্ৰশাস্ত্ৰৰ মূল কেন্দ্ৰবিন্দু বুলিব পাৰি।

উল্লেখ্য যে প্ৰতি বছৰৰ ২২ৰ পৰা ২৬ জুনলৈ শক্তিপীঠ কামাখ্যাধামত বাৰ্ষিক অনুষ্ঠান হিচাপে অম্বুবাচী মেলা অনুষ্ঠিত কৰা হয়। অম্বুবাচীৰ প্রবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ মুখ্য দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।সেই সময়ত মা ভগৱতীৰ ৰজস্বলাৰ হয় বুলি কোৱা হয়। মা ভগৱতীৰ ৰজস্বলাৰ তিনিদিন পাছত তেওঁৰ বিশেষভাৱে পূজা কৰা হয় । সেই সময়ত হাজাৰ হাজাৰ দেশী-বিদেশী পর্যটকে ভিৰ কৰে নীলাচল পাহাৰত। চতুৰ্থ দিনা ব্ৰহ্মমুহূৰ্তত দেৱীক স্নান কৰাৰ পাছতহে ভক্তৰ দৰ্শনৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰি দিয়া হয়। কোৱা হয় যে দেৱীৰ ঋতুস্ৰাৱৰ সময়ত মহামুদ্ৰাৰ চাৰিওফালে বগা বস্ত্ৰ মেলি দিয়া হয় আৰু তিনিদিনৰ পাছত যেতিয়া মন্দিৰৰ দুৱাৰ খুলি দিয়া হয়, তেতিয়া এই বস্ত্ৰখন দেৱীৰ তেজেৰে ৰাঙলী পৰা দেখা যায় আৰু এই কাপোৰখন প্ৰসাদ হিচাপে ভক্তসকলৰ মাজত বিতৰণ কৰা হয়। এই সময়ত ব্ৰহ্মপুত্ৰ নদীৰ পানী তিনিদিনলৈ ৰাঙলী হৈ পৰে বুলিও প্ৰবাদ আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ