--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অম্বুবাচী উৎসৱত কিছুমান কাম কৰা উচিত নহয়। সেইবোৰ কাম নকৰিলে আপুনি লাভ কৰিব মা কামাখ্যাৰ বিশেষ আশীৰ্বাদ। আপুনি কিছুমান কাম কৰাৰ পৰা বিৰত থাকিলে আপোনাৰ জীৱনটো সহজ, সৰল আৰু সুচল হৈ পৰিব।

ডিজিটেল ডেস্কঃ মা কামাখ্যা মন্দিৰত  ২২ জুন, দেওবাৰৰ পৰা আৰম্ভ হৈছে আহাৰ মাহৰ অন্যতম উৎসৱ অম্বুবাচী। বাৰিষাৰ এই উৎসৱ উৰ্বৰতাৰ প্ৰতীক। ২২ জুনৰ দিনৰ ২ বাজি ৫৬ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তি আৰু ২৬ জুনৰ পুৱতি নিশা ৩.২১ বজাত অম্বুবাচীৰ নিবৃত্তি।এই সময়চোৱাত মা-কামাখ্যাৰ আশীৰ্বাদ  লবলৈ শক্তিপীঠখনত দেশ-বিদেশৰ সাধু-সন্তৰ আগমন ঘটিছে । 


অম্বুবাচী উৎসৱত কিছুমান কাম কৰা উচিত নহয়। সেইবোৰ কাম নকৰিলে আপুনি লাভ কৰিব মা কামাখ্যাৰ বিশেষ আশীৰ্বাদ। আপুনি কিছুমান কাম কৰাৰ পৰা বিৰত থাকিলে আপোনাৰ জীৱনটো সহজ, সৰল আৰু সুচল হৈ পৰিব।


জানি লওক অম্বুবাচীৰ সময়ত কি কি কৰিব নালাগে


এই সময়ছোৱাত মাটি খান্দিব নালাগে।


এই সময়ছোৱাত কৃষিকৰ্ম বিশেষকৈ হাল-বোৱা আদি নিষেধ বুলি কোৱা হয় ।


ঘৰৰ বাহিৰে ভিতৰে কোনো ধৰণৰ পানী ছটিয়াব নালাগে।


কোনো ধৰণৰ শুভ কাম কৰিব নালাগে।


কোনো ধৰণৰ নতুন কাপোৰ পিন্ধিব নালাগে।


তামোল-পাণ খাব নালাগে


কোনো ধৰণৰ তিতা বস্তু খাব নালাগে।


বিবাহ, গৃহ প্ৰৱেশ আদি কোনো শুভ কাম কৰিব নালাগে।


ধূমপান বা মদ্যপান বা কোনো ধৰণৰ মাদক দ্ৰব্য সেৱন কৰিব নালাগে।


পূজা-অৰ্চনা কৰিব নালাগে, চাকি-ধূপ জ্বলাব নালাগে।


এই সময়ছোৱাত গছপুলি ৰুব নালাগে, গছৰ ডাল আদি কাটিব নালাগে, গছৰ পাত-ফুল আদি ছিঙিব নালাগে ।


পবিত্ৰ গ্ৰন্থ পঢ়িব নালাগে।


আমিষ আহাৰ খাব নালাগে।


দাড়ি, চুলি, নখ আদি কটা নিষেধ।


অম্বুবাচীৰ সময়ত দৈ নাখাব। এই সময়ত দৈ খালে আপোনাৰ জীৱনত শুক্ৰৰ বেয়া প্ৰভাৱ পৰিব বুলি বিশ্বাস কৰা হয়।


এইবোৰ নিয়ম পালন কৰিলে অম্বুবাচী উৎসৱ সঠিকভাৱে পালন কৰা হয় বুলি বিশ্বাস কৰা হয়। বিশ্বাস কৰা হয় যে এই নিয়ম মানি চলিলে জীৱনত কোনো দুখ বা যন্ত্ৰণা অনুভৱ নকৰে। এই নিয়ম পালন নকৰিলে জীৱনলৈ দুখ-যন্ত্ৰণা ভৰি পৰে।


অম্বুবাচীৰ সময়ত লোকাচাৰ হিচাপে সৰ্পভয় নিবাৰণৰ বাবে কেঁচা গাখীৰ খোৱাৰ নিয়ম আছে । কেঁচা গাখীৰৰ লগত আম খালে ভাল। অম্বুবাচীৰ সময়ত ফলমূল খাই থাকিব পাৰিলে ভাল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ