--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অম্বুবাচী উৎসৱত কিছুমান কাম কৰা উচিত নহয়। সেইবোৰ কাম নকৰিলে আপুনি লাভ কৰিব মা কামাখ্যাৰ বিশেষ আশীৰ্বাদ। আপুনি কিছুমান কাম কৰাৰ পৰা বিৰত থাকিলে আপোনাৰ জীৱনটো সহজ, সৰল আৰু সুচল হৈ পৰিব।

ডিজিটেল ডেস্কঃ মা কামাখ্যা মন্দিৰত  ২২ জুন, দেওবাৰৰ পৰা আৰম্ভ হৈছে আহাৰ মাহৰ অন্যতম উৎসৱ অম্বুবাচী। বাৰিষাৰ এই উৎসৱ উৰ্বৰতাৰ প্ৰতীক। ২২ জুনৰ দিনৰ ২ বাজি ৫৬ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তি আৰু ২৬ জুনৰ পুৱতি নিশা ৩.২১ বজাত অম্বুবাচীৰ নিবৃত্তি।এই সময়চোৱাত মা-কামাখ্যাৰ আশীৰ্বাদ  লবলৈ শক্তিপীঠখনত দেশ-বিদেশৰ সাধু-সন্তৰ আগমন ঘটিছে । 


অম্বুবাচী উৎসৱত কিছুমান কাম কৰা উচিত নহয়। সেইবোৰ কাম নকৰিলে আপুনি লাভ কৰিব মা কামাখ্যাৰ বিশেষ আশীৰ্বাদ। আপুনি কিছুমান কাম কৰাৰ পৰা বিৰত থাকিলে আপোনাৰ জীৱনটো সহজ, সৰল আৰু সুচল হৈ পৰিব।


জানি লওক অম্বুবাচীৰ সময়ত কি কি কৰিব নালাগে


এই সময়ছোৱাত মাটি খান্দিব নালাগে।


এই সময়ছোৱাত কৃষিকৰ্ম বিশেষকৈ হাল-বোৱা আদি নিষেধ বুলি কোৱা হয় ।


ঘৰৰ বাহিৰে ভিতৰে কোনো ধৰণৰ পানী ছটিয়াব নালাগে।


কোনো ধৰণৰ শুভ কাম কৰিব নালাগে।


কোনো ধৰণৰ নতুন কাপোৰ পিন্ধিব নালাগে।


তামোল-পাণ খাব নালাগে


কোনো ধৰণৰ তিতা বস্তু খাব নালাগে।


বিবাহ, গৃহ প্ৰৱেশ আদি কোনো শুভ কাম কৰিব নালাগে।


ধূমপান বা মদ্যপান বা কোনো ধৰণৰ মাদক দ্ৰব্য সেৱন কৰিব নালাগে।


পূজা-অৰ্চনা কৰিব নালাগে, চাকি-ধূপ জ্বলাব নালাগে।


এই সময়ছোৱাত গছপুলি ৰুব নালাগে, গছৰ ডাল আদি কাটিব নালাগে, গছৰ পাত-ফুল আদি ছিঙিব নালাগে ।


পবিত্ৰ গ্ৰন্থ পঢ়িব নালাগে।


আমিষ আহাৰ খাব নালাগে।


দাড়ি, চুলি, নখ আদি কটা নিষেধ।


অম্বুবাচীৰ সময়ত দৈ নাখাব। এই সময়ত দৈ খালে আপোনাৰ জীৱনত শুক্ৰৰ বেয়া প্ৰভাৱ পৰিব বুলি বিশ্বাস কৰা হয়।


এইবোৰ নিয়ম পালন কৰিলে অম্বুবাচী উৎসৱ সঠিকভাৱে পালন কৰা হয় বুলি বিশ্বাস কৰা হয়। বিশ্বাস কৰা হয় যে এই নিয়ম মানি চলিলে জীৱনত কোনো দুখ বা যন্ত্ৰণা অনুভৱ নকৰে। এই নিয়ম পালন নকৰিলে জীৱনলৈ দুখ-যন্ত্ৰণা ভৰি পৰে।


অম্বুবাচীৰ সময়ত লোকাচাৰ হিচাপে সৰ্পভয় নিবাৰণৰ বাবে কেঁচা গাখীৰ খোৱাৰ নিয়ম আছে । কেঁচা গাখীৰৰ লগত আম খালে ভাল। অম্বুবাচীৰ সময়ত ফলমূল খাই থাকিব পাৰিলে ভাল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু