--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জুবিনে চকু মুদি বিশ্বাস কৰা আৰু আপোন ভাই-ভনীৰ দৰে মৰম কৰা এই তিনিটা অভিযুক্তক চিনেমাখনৰ পৰা বাদ দিবলৈ সামাজিক মাধ্যমত প্ৰবল দাবীৰ সৃষ্টি হয়।

ডিজিটেল ডেস্কঃ অসমৰ ৰাইজে জুবিনৰ নতুন চিনেমা 'ৰৈ ৰৈ বিনালে'ত কোনোপধ্যেই থাকিবলৈ নিদিয়ে জুবিনৰ হত্যাৰ অন্যতম অভিযুক্ত শেখৰজ্যোতি গোস্বামী, সিদ্ধার্থ শৰ্মা আৰু অমৃতপ্রভা মহন্তক। 


জুবিনে চকু মুদি বিশ্বাস কৰা আৰু আপোন ভাই-ভনীৰ দৰে মৰম কৰা এই তিনিটা অভিযুক্তক চিনেমাখনৰ পৰা বাদ দিবলৈ সামাজিক মাধ্যমত প্ৰবল দাবীৰ সৃষ্টি হয়। 


ইয়াৰ পৰিপ্ৰেক্ষিততে 'ৰৈ ৰৈ বিনালে'ৰ পৰা অমৃতপ্রভা, শেখৰ আৰু সিদ্ধাৰ্থৰ সকলো দৃশ্যাংশ বাদ দিবলৈ প্রযোজক আৰু পৰিচালকে সিদ্ধান্ত গ্রহণ কৰে। এই কথা জানিবলৈ দি চিনেমাখনৰ পৰিচালক ৰাজেশ ভূঞাই কয় যে অসমৰ ৰাইজে বেয়া পোৱা কোনো কাম কৰা নহ'ব আৰু সেয়েহে এই তিনিওটাৰ সকলো দৃশ্যাংশ 'ৰি এডিট' কৰি কাটি দিয়া হ'ব। তেওঁ কয় যে জুবিনে অতি আপোন বুলি ভবা এই তিনিটা আচলতে মানুহৰ নামত দানৱ আৰু ইহঁতৰ জুবিনৰ চিনেমাত থকাৰ কোনো যোগ্যতা নাই। 


ইফালে, ৰাজেশ ভূঞাই কয় যে জুবিনে ছিংগাপুৰলৈ যোৱাৰ পূৰ্বেই ১৫ ছেপ্টেম্বৰত ৰাজেশ ভূঞাৰ হাতত এইবুলি এটা টোকা দি লিখি থৈ গৈছিল যে অসমৰ প্ৰত্যেক মানুহৰ ঘৰত তেওঁৰ অট'গ্রাফ আৰু ফটো থাকিব লাগিব। নিজৰ অট'গ্রাফ দি থৈ যোৱা এই টোকাটো বৰ্তমান সংৰক্ষণ কৰি ৰখা হৈছে আৰু সময়ত এই টোকা ৰাজহুৱা কৰি মানুহৰ মাজত বিতৰণ কৰা হ'ব বুলি পৰিচালকজনে জানিবলৈ দিয়ে। এই প্রসংগতে উল্লেখযোগ্য যে জুবিনৰ শেষ চিনেমা 'ৰৈ ৰৈ বিনালে' ৩১ অক্টোবৰত মুক্তি দিয়াৰ লক্ষ্যৰে বৰ্তমান জোৰদাৰ গতিত প'ষ্ট প্রডাকশ্যনৰ কাম আগবঢ়াই নিয়া হৈছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ