--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জুবিনে চকু মুদি বিশ্বাস কৰা আৰু আপোন ভাই-ভনীৰ দৰে মৰম কৰা এই তিনিটা অভিযুক্তক চিনেমাখনৰ পৰা বাদ দিবলৈ সামাজিক মাধ্যমত প্ৰবল দাবীৰ সৃষ্টি হয়।

ডিজিটেল ডেস্কঃ অসমৰ ৰাইজে জুবিনৰ নতুন চিনেমা 'ৰৈ ৰৈ বিনালে'ত কোনোপধ্যেই থাকিবলৈ নিদিয়ে জুবিনৰ হত্যাৰ অন্যতম অভিযুক্ত শেখৰজ্যোতি গোস্বামী, সিদ্ধার্থ শৰ্মা আৰু অমৃতপ্রভা মহন্তক। 


জুবিনে চকু মুদি বিশ্বাস কৰা আৰু আপোন ভাই-ভনীৰ দৰে মৰম কৰা এই তিনিটা অভিযুক্তক চিনেমাখনৰ পৰা বাদ দিবলৈ সামাজিক মাধ্যমত প্ৰবল দাবীৰ সৃষ্টি হয়। 


ইয়াৰ পৰিপ্ৰেক্ষিততে 'ৰৈ ৰৈ বিনালে'ৰ পৰা অমৃতপ্রভা, শেখৰ আৰু সিদ্ধাৰ্থৰ সকলো দৃশ্যাংশ বাদ দিবলৈ প্রযোজক আৰু পৰিচালকে সিদ্ধান্ত গ্রহণ কৰে। এই কথা জানিবলৈ দি চিনেমাখনৰ পৰিচালক ৰাজেশ ভূঞাই কয় যে অসমৰ ৰাইজে বেয়া পোৱা কোনো কাম কৰা নহ'ব আৰু সেয়েহে এই তিনিওটাৰ সকলো দৃশ্যাংশ 'ৰি এডিট' কৰি কাটি দিয়া হ'ব। তেওঁ কয় যে জুবিনে অতি আপোন বুলি ভবা এই তিনিটা আচলতে মানুহৰ নামত দানৱ আৰু ইহঁতৰ জুবিনৰ চিনেমাত থকাৰ কোনো যোগ্যতা নাই। 


ইফালে, ৰাজেশ ভূঞাই কয় যে জুবিনে ছিংগাপুৰলৈ যোৱাৰ পূৰ্বেই ১৫ ছেপ্টেম্বৰত ৰাজেশ ভূঞাৰ হাতত এইবুলি এটা টোকা দি লিখি থৈ গৈছিল যে অসমৰ প্ৰত্যেক মানুহৰ ঘৰত তেওঁৰ অট'গ্রাফ আৰু ফটো থাকিব লাগিব। নিজৰ অট'গ্রাফ দি থৈ যোৱা এই টোকাটো বৰ্তমান সংৰক্ষণ কৰি ৰখা হৈছে আৰু সময়ত এই টোকা ৰাজহুৱা কৰি মানুহৰ মাজত বিতৰণ কৰা হ'ব বুলি পৰিচালকজনে জানিবলৈ দিয়ে। এই প্রসংগতে উল্লেখযোগ্য যে জুবিনৰ শেষ চিনেমা 'ৰৈ ৰৈ বিনালে' ৩১ অক্টোবৰত মুক্তি দিয়াৰ লক্ষ্যৰে বৰ্তমান জোৰদাৰ গতিত প'ষ্ট প্রডাকশ্যনৰ কাম আগবঢ়াই নিয়া হৈছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু