--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবহু নেতা, ব্যৱসায়ীৰ হৃদয়ত শেহতীয়াকৈ কঁপনি তোলা এট নাম হৈছে এনফোৰ্চমেণ্ট সঞ্চালকালয়, অৰ্থাৎ ইডি।  বিৰোধীয়ে যিটো সময়ত ইডিকে ধৰি কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহক বিজেপিয়ে স্বাৰ্থৰ অনুকূলে ব্যৱহাৰ কৰি অহা বুলি অভিযোগ কৰিছে, তেনে সময়তে ইডিৰ কাৰ্যকুশলতাকলৈ প্ৰশ্নৰ উদ্ৰেক ঘটিছে। কেন্দ্ৰীয় সংস্থাটোৱে সময়ে সময়ে যিমান তীব্ৰতাৰে অৰ্থনৈতিক দুৰ্নীতিৰ গোচৰ সমূহত জঁপিয়াই পৰে তাৰ তুনাত সংস্থাটোৱে লাভ কৰা সাফল্যৰ হাৰ তেনেই নগন্য। এই কথা বিৰোধীয়ে কোৱা কথা নহয়। এই কথা স্পষ্ট হৈ পৰিছে সংসদত খোদ চৰকাৰেই দাখিল কৰা তথ্যৰ পৰা।

শেহতীয়াকৈ লোকসভাত এক লিখিত প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰই কয় যে ইডিয়ে যোৱা ১৭ বছৰত মুঠ ৫,৪২২ টা বিত্তীয় দুৰ্নীতিৰ গোচৰ ৰুজু কৰিছে। কিন্তু ইমানবোৰ গোচৰত মাত্ৰ ২৩ জন লোকক দোষী সাব্যস্ত কৰা হৈছে।

বিত্ত ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীয়ে কয় যে যোৱা ১০ বছৰৰ ভিতৰত  বিত্তীয় প্ৰৱঞ্চনা বিৰোধী আইনৰ (পিএমএলএ) অধীনত সৰ্বাধিক সংখ্যক গোচৰ ২০২০-২১ বিত্তীয় বৰ্ষতে পঞ্জীয়ন কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় "২০২২ চনৰ ৩১ মাৰ্চলৈকে ইডিয়ে বিত্তীয় প্ৰৱঞ্চনা বিৰোধী আইনৰ অধীনত মুঠ ৫,৪২২ টা গোচৰ ৰুজু কৰিছে। প্ৰায় ১,০৪,৭০২ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ পঞ্জীয়ন কৰা হৈছে। 

ইয়াৰ ভিতৰত ৯৯২ টা গোচৰত অভিযোগনামা  দাখিল কৰা হৈছে আৰু  ২৩ জন অভিযুক্তৰ পৰা মুঠ ৮৬৯.৩১  কোটি টকা উদ্ধাৰ কৰা হৈছে। লোকসভাত কেন্দ্ৰই দাখিল কৰা তথ্য অনুসৰি, ২০১২-১৩ বিত্তীয় বৰ্ষত পিএমএলএৰ অধীনত মুঠ ২২১ টা গোচৰ ৰুজু কৰা হৈছিল। ২০১৩-১৪ বৰ্ষত ২০৯ টা গোচৰ ৰুজু কৰা  হৈছিল। ২০২০-২১ বিত্তীয় বৰ্ষত গোচৰৰ সংখ্যা আছিল ৯৮১। আৰু ২০২১-'২২ বিত্তীয় বৰ্ষত গোচৰৰ সংখ্যা  ১,১৮০ লৈ বৃদ্ধি পাইছিল। ইয়াৰ লগতে, ইডিয়ে বৈদেশিক মুদ্ৰা নিয়ন্ত্ৰণ আইন (এফএমএ)ৰ অধীনত  প্ৰায়৫,৫০০ বিত্তীয় দুৰ্নীতিৰ গোচৰ ৰুজু কৰিছে।

২০০২ চনত বিত্তীয় প্ৰৱঞ্চনা বিৰোধী আইন গ্ৰহণ কৰা হয়। আইনখন ২০০৫ চনত কাৰ্যকৰী হৈছিল। মুখ্যতঃ, আন্তৰ্জাতিক ড্ৰাগছ আৰু ধনৰ অবৈধ সৰবৰাহ  প্ৰতিৰোধ কৰিবলৈ এই আইনখন অনা হৈছিল।  আইনখন কাৰ্যকৰী হোৱাৰ পিছত কেইবাটাও সংশোধন কৰা হৈছে।

ইমানৰ পিছতো ইডিয়ে  বিত্তীয় জালিয়াতিৰ হাজাৰ হাজাৰ গোচৰ ৰুজু কৰিও বছৰৰ পিছত বছৰ ধৰি মাত্ৰ ২৩ জন লোককহে দোষী সাৱস্ত্য কৰিব পৰাৰ কথাই সংস্থাটোৰ পৰিচালনা তথা কাৰ্য দক্ষতাৰ বিষয়ত সন্দেহৰ সৃষ্টি কৰা বুলি বহুতে মন্তব্য কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ