--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবহু নেতা, ব্যৱসায়ীৰ হৃদয়ত শেহতীয়াকৈ কঁপনি তোলা এট নাম হৈছে এনফোৰ্চমেণ্ট সঞ্চালকালয়, অৰ্থাৎ ইডি।  বিৰোধীয়ে যিটো সময়ত ইডিকে ধৰি কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহক বিজেপিয়ে স্বাৰ্থৰ অনুকূলে ব্যৱহাৰ কৰি অহা বুলি অভিযোগ কৰিছে, তেনে সময়তে ইডিৰ কাৰ্যকুশলতাকলৈ প্ৰশ্নৰ উদ্ৰেক ঘটিছে। কেন্দ্ৰীয় সংস্থাটোৱে সময়ে সময়ে যিমান তীব্ৰতাৰে অৰ্থনৈতিক দুৰ্নীতিৰ গোচৰ সমূহত জঁপিয়াই পৰে তাৰ তুনাত সংস্থাটোৱে লাভ কৰা সাফল্যৰ হাৰ তেনেই নগন্য। এই কথা বিৰোধীয়ে কোৱা কথা নহয়। এই কথা স্পষ্ট হৈ পৰিছে সংসদত খোদ চৰকাৰেই দাখিল কৰা তথ্যৰ পৰা।

শেহতীয়াকৈ লোকসভাত এক লিখিত প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰই কয় যে ইডিয়ে যোৱা ১৭ বছৰত মুঠ ৫,৪২২ টা বিত্তীয় দুৰ্নীতিৰ গোচৰ ৰুজু কৰিছে। কিন্তু ইমানবোৰ গোচৰত মাত্ৰ ২৩ জন লোকক দোষী সাব্যস্ত কৰা হৈছে।

বিত্ত ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীয়ে কয় যে যোৱা ১০ বছৰৰ ভিতৰত  বিত্তীয় প্ৰৱঞ্চনা বিৰোধী আইনৰ (পিএমএলএ) অধীনত সৰ্বাধিক সংখ্যক গোচৰ ২০২০-২১ বিত্তীয় বৰ্ষতে পঞ্জীয়ন কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় "২০২২ চনৰ ৩১ মাৰ্চলৈকে ইডিয়ে বিত্তীয় প্ৰৱঞ্চনা বিৰোধী আইনৰ অধীনত মুঠ ৫,৪২২ টা গোচৰ ৰুজু কৰিছে। প্ৰায় ১,০৪,৭০২ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ পঞ্জীয়ন কৰা হৈছে। 

ইয়াৰ ভিতৰত ৯৯২ টা গোচৰত অভিযোগনামা  দাখিল কৰা হৈছে আৰু  ২৩ জন অভিযুক্তৰ পৰা মুঠ ৮৬৯.৩১  কোটি টকা উদ্ধাৰ কৰা হৈছে। লোকসভাত কেন্দ্ৰই দাখিল কৰা তথ্য অনুসৰি, ২০১২-১৩ বিত্তীয় বৰ্ষত পিএমএলএৰ অধীনত মুঠ ২২১ টা গোচৰ ৰুজু কৰা হৈছিল। ২০১৩-১৪ বৰ্ষত ২০৯ টা গোচৰ ৰুজু কৰা  হৈছিল। ২০২০-২১ বিত্তীয় বৰ্ষত গোচৰৰ সংখ্যা আছিল ৯৮১। আৰু ২০২১-'২২ বিত্তীয় বৰ্ষত গোচৰৰ সংখ্যা  ১,১৮০ লৈ বৃদ্ধি পাইছিল। ইয়াৰ লগতে, ইডিয়ে বৈদেশিক মুদ্ৰা নিয়ন্ত্ৰণ আইন (এফএমএ)ৰ অধীনত  প্ৰায়৫,৫০০ বিত্তীয় দুৰ্নীতিৰ গোচৰ ৰুজু কৰিছে।

২০০২ চনত বিত্তীয় প্ৰৱঞ্চনা বিৰোধী আইন গ্ৰহণ কৰা হয়। আইনখন ২০০৫ চনত কাৰ্যকৰী হৈছিল। মুখ্যতঃ, আন্তৰ্জাতিক ড্ৰাগছ আৰু ধনৰ অবৈধ সৰবৰাহ  প্ৰতিৰোধ কৰিবলৈ এই আইনখন অনা হৈছিল।  আইনখন কাৰ্যকৰী হোৱাৰ পিছত কেইবাটাও সংশোধন কৰা হৈছে।

ইমানৰ পিছতো ইডিয়ে  বিত্তীয় জালিয়াতিৰ হাজাৰ হাজাৰ গোচৰ ৰুজু কৰিও বছৰৰ পিছত বছৰ ধৰি মাত্ৰ ২৩ জন লোককহে দোষী সাৱস্ত্য কৰিব পৰাৰ কথাই সংস্থাটোৰ পৰিচালনা তথা কাৰ্য দক্ষতাৰ বিষয়ত সন্দেহৰ সৃষ্টি কৰা বুলি বহুতে মন্তব্য কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু