--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ডীপ ফেক (Deep Fake)৷ পৰ্ণ ছৱি উপভোগ কৰা সকলৰ বাবে অতি চিনাকি নাম৷ চিনেমাজগতৰ মোহময়ী অভিনেত্ৰীসকলৰ নকল ভিডিঅচাবলৈ ডীপ ফেক উপভোগ কৰা হয়৷

 

বলিউড-হলিউডৰ বহুতো অভিনেত্ৰী এই ডীপ ফেকৰ চিকাৰ হৈ আহিছে৷ কিয়াৰা আদৱানী, আলিয়া ভাটৰ পৰা এঞ্জেলিনা জলী, এম্বাৰ হাৰ্ডলৈকে সকলোৰে ডীপ ফেক ভিডিঅসমূহ ইণ্টাৰনেট খুঁচৰিলেই পোৱা যায়৷

 

শেহতীয়াকৈ ইয়াৰ চিকাৰ হৈছে হলিউডৰ তাৰকা স্কাৰলেট জোহানছন৷ স্কাৰলেটৰ মুখৰ নকল কৰি বনোৱা পৰ্ণ ভিডিঅইণ্টাৰনেটত বিয়পি পৰিছে৷

 

এই প্ৰসংগত মুখ খুলিছে অভিনেত্ৰীগৰাকীয়ে নিজে৷ আক্ষেপৰ সুৰত তেওঁ কয় যে বৰ্তমান যৌনতা পণ্যলৈ পৰিণত হৈছে আৰু ইণ্টাৰনেট ইয়াৰ মুখ্য চালিকা শক্তি হৈ পৰিছে৷

 

‘‘ইয়াত মোৰ একো হানি-বিঘিনি নহয়৷ যিসকলে মোক জানে, তেওঁলোকে মই এইধৰণৰ কাম নকৰো বুলি বুজি পায়৷’’- অভিনেত্ৰীগৰাকীয়ে কয়৷

 

‘‘কিন্তু যিসকল অভিনেত্ৰীয়ে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিবলৈ ধৰিছে, তেওঁলোকৰ ওপৰত এইসমূহ ঘটনাই বেয়া প্ৰভাৱ পেলাব পাৰে৷’’- তেওঁ কয়- ‘‘অনেক অভিনেত্ৰীয়ে মানসিক অৱসাদত ভুগি থাকে৷’’

 

উল্লেখ্য যে ডীপ ফেক এবিধ প্ৰযুক্তি৷ ফটোশ্বপ কৰি যিদৰে কোনো এজন লোকক নকল কৰিব পৰা যায়, তেনেদৰে ভিডিঅৰ মাজতো আন কাৰোবাৰ মুখ সংযুক্ত কৰি ডীপ ফেক তৈয়াৰ কৰা হয়৷

 

১৯৯০ চনৰ পৰা এই পদ্ধতিক লৈ বিভিন্ন গৱেষণা চলিছিল৷ শেহতীয়াকৈ এই পদ্ধতিয়ে অগ্ৰগতি লাভ কৰিছে৷ ডীপ ফেকৰ ইমানেই অগ্ৰগতি ঘটিছে যে ই আচল নে নকল, তাক লৈও দোমোজাত পৰিব লগা হয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বিশ্ব হেপাটাইটিছ দিৱস
আদিংগিৰিৰ পাছত কালাপানীতো ঘৰে ঘৰে বিলালে উচ্ছেদৰ জাননী
উৰিয়ামঘাটত সাজু ১০০ বুলড'জাৰ
আদিত্য এল-১ মিছনৰ কৰ্মশালালৈ তেজপুৰৰ ছাত্ৰী
হৰিদ্বাৰত পদপিষ্ট হৈ ৬জনৰ মৃত্যু, ২৯জন আহত
যোৰহাটত আজি হীৰুদাৰ দিন