--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নিৰ্বাচনৰ পূৰ্বে হিতাধিকাৰীক ধন বিলাই সর্বস্বান্ত হৈ ভয়ংকৰ আৰ্থিক সংকটত পৰাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন বিভাগৰ নিয়মীয়া কাম-কাজ স্থগিত ৰাখিবলৈ বাধ্য হৈছে।

ডিজিটেল ডেস্ক: বিধানসভাৰ নিৰ্বাচন প্রক্রিয়া চলি থকাৰ সময়তো চৰকাৰে আৰ্থিক সংকটৰ পৰা ৰক্ষা পোৱাৰ বাবে পুনৰ বৃহৎ পৰিমাণৰ ঋণ লোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অসম চৰকাৰে ইতিমধ্যে ১০০০ কোটি টকাৰ ঋণ লোৱাৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰাৰ তথ্য পোৱা গৈছে। 


উল্লেখযোগ্য যে নিৰ্বাচনৰ পূৰ্বে হিতাধিকাৰীক ধন বিলাই সর্বস্বান্ত হৈ ভয়ংকৰ আৰ্থিক সংকটত পৰাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন বিভাগৰ নিয়মীয়া কাম-কাজ স্থগিত ৰাখিবলৈ বাধ্য হৈছে। আনকি পুঁজিৰ অভাৱৰ বাবেই নিবিদা প্রক্রিয়া সম্পূৰ্ণ হোৱাৰ পাছতো কাম কৰিব নোৱাৰি নিবিদা বাতিল কৰিবলগীয়া হৈছে। এই আর্থিক সংকটৰ জোৰা-টাপলি মাৰিবলৈকে অহা ২৮ এপ্রিলত ১০০০ কোটি টকাৰ ঋণ ল'বলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। 


ৰাজ্যৰ বিত্ত বিভাগে ইতিমধ্যে ৰিজার্ভ বেংকক এই ঋণৰ বাবে আনুষ্ঠানিকভাৱে প্ৰস্তাৱ আগবঢ়োৱা বুলিও জানিব পৰা গৈছে। প্রাপ্ত তথ্য অনুসৰি, ৰাজ্য চৰকাৰে পুঁজিৰ অভাৱৰ বাবে নিয়মীয়া কাম-কাজ স্থগিত ৰাখিবলগীয়া হৈছে। বাৰিষাৰ আৰম্ভণিতে মাত্ৰ এজাক বৰষুণতে কেইদিনমান পূর্বে গুৱাহাটীত তিনিদিন ধৰি কৃত্রিম বানে স্বাভাৱিক জীৱনযাত্রা স্থবিৰ কৰি তুলিছিল। বছৰটোৰ প্ৰথমটো কৃত্রিম বানতে গুৱাহাটীত চাৰিজন লোকৰ সলিল সমাধি ঘটাৰ পাছত চৰকাৰৰ ভিতৰ মহলত হাহাকাৰ লাগিছিল। তাৰ পাছতে গুৱাহাটীৰ নলা-নর্দমাৰ বোকা তৎকালীনভাৱে নিষ্কাশন কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল। 


লোকনির্মাণ বিভাগে নিশাটোৰ ভিতৰতে ইয়াৰ বাবে নিবিদাও আহ্বান কৰে। যোৱা ১৭ এপ্রিলত এই নিবিদা আহ্বান কৰি জাননী জাৰি কৰা হৈছিল। কিন্তু এই কামৰ বাবে প্ৰয়োজনীয় পুঁজিৰ অভাৱৰ বাবে বিভাগটোৱে নিবিদা জাৰি কৰিও সেয়া বাতিল কৰিবলৈ বাধ্য হয়। পুঁজিৰ অভাৱৰ বাবে এনে একাধিক কাম কৰিব নোৱাৰাৰ পাছতে আর্থিক সংকটৰ জোৰা মাৰিবৰ বাবে চৰকাৰে ৰিজার্ভ বেংকৰ পৰা এহেজাৰ কোটি টকাৰ ঋণ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। 


অহা ২৮ এপ্রিলত ইয়াৰ বাবে আনুষ্ঠানিকতা পূৰণ কৰা হ'ব। প্রাপ্ত তথ্য অনুসৰি চৰকাৰে এই ঋণ লোৱাৰ বাবে ২০ বছৰৰ বাবে চৰকাৰী বণ্ড বন্ধকত থোৱাৰ পৰিকল্পনা কৰিছে। অসম চৰকাৰৰ বিত্ত বিভাগে এই ঋণৰ বাবে যোৱা ২৪ এপ্ৰিলত ৰিজার্ভ বেংকত প্রস্তাৱ দাখিল কৰিছে। প্রণিধানযোগ্য যে ৰাজ্য চৰকাৰে বিগত জানুৱাৰীৰ পৰা মার্চ মাহলৈ ১০,৮০০ কোটি টকাৰ ঋণ লৈছিল।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু