--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইফালে বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চা (এন ডি এ)ৰ আসনৰ সংখ্যা পূৰ্বৰ ১৪১ খনৰ পৰা বৰ্তমান ১৪৮খনলৈ বৃদ্ধি পালে।

ডিজিটেল ডেস্ক: ৰাজ্য সভাৰ অধ্যক্ষ তথা উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে সোমবাৰে আম আদমি পার্টি (আপ)ৰ সাতজন সদ্যপদত্যাগী সাংসদৰ বিজেপিৰে একত্ৰীকৰণত সন্মতি প্ৰদান কৰে। ইয়াৰ লগে লগেই সংসদৰ উচ্চ সদন ৰাজ্য সভাত বিজেপিৰ সাংসদৰ সংখ্যা ১১৩জনলৈ বৃদ্ধি পালে। ইফালে আপৰ সাংসদৰ সংখ্যা ১০জনৰ পৰা ৩জনলৈ হ্রাস পালে। 


ইফালে বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চা (এন ডি এ)ৰ আসনৰ সংখ্যা পূৰ্বৰ ১৪১ খনৰ পৰা বৰ্তমান ১৪৮খনলৈ বৃদ্ধি পালে। দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্রী অৰৱিন্দ কেজৰিৱাল নেতৃত্বাধীন আপলৈ বিপর্যয় কঢ়িয়াই সোমবাৰে ৰাজ্য সভাৰ অধ্যক্ষ ৰাধাকৃষ্ণণে আপৰ পদত্যাগী সাংসদকেইজনক বিজেপিৰে চামিলত সন্মতি প্রদান কৰে। 


আপৰ পৰা বিজেপিত যোগদান কৰা ৰাজ্য সভাৰ সাতজন সাংসদ হৈছে ক্রমে-ৰাঘৱ চাদ্ধা, সন্দীপ পাঠক, স্বাতি মালিৱাল, হৰভজন সিং, বিক্ৰমজিৎ সাহনী, অশোক মিটাল আৰু ৰাজেন্দৰ গুপ্তা। এই সাতজন সাংসদে বিজেপিৰে একত্ৰীকৰণৰ বাবে ৰাজ্য সভাৰ অধ্যক্ষলৈ পত্র প্ৰেৰণ কৰিছিল। ইফালে পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে আকৌ এই সাংসদকেইজনক অযোগ্য ঘোষণাৰ বাবে ৰাজ্য সভাৰ অধ্যক্ষ ৰাধাকৃষ্ণণলৈ পত্ৰ প্ৰেৰণ কৰিছিল।


উৎস: দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ