--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইফালে বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চা (এন ডি এ)ৰ আসনৰ সংখ্যা পূৰ্বৰ ১৪১ খনৰ পৰা বৰ্তমান ১৪৮খনলৈ বৃদ্ধি পালে।

ডিজিটেল ডেস্ক: ৰাজ্য সভাৰ অধ্যক্ষ তথা উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে সোমবাৰে আম আদমি পার্টি (আপ)ৰ সাতজন সদ্যপদত্যাগী সাংসদৰ বিজেপিৰে একত্ৰীকৰণত সন্মতি প্ৰদান কৰে। ইয়াৰ লগে লগেই সংসদৰ উচ্চ সদন ৰাজ্য সভাত বিজেপিৰ সাংসদৰ সংখ্যা ১১৩জনলৈ বৃদ্ধি পালে। ইফালে আপৰ সাংসদৰ সংখ্যা ১০জনৰ পৰা ৩জনলৈ হ্রাস পালে। 


ইফালে বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চা (এন ডি এ)ৰ আসনৰ সংখ্যা পূৰ্বৰ ১৪১ খনৰ পৰা বৰ্তমান ১৪৮খনলৈ বৃদ্ধি পালে। দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্রী অৰৱিন্দ কেজৰিৱাল নেতৃত্বাধীন আপলৈ বিপর্যয় কঢ়িয়াই সোমবাৰে ৰাজ্য সভাৰ অধ্যক্ষ ৰাধাকৃষ্ণণে আপৰ পদত্যাগী সাংসদকেইজনক বিজেপিৰে চামিলত সন্মতি প্রদান কৰে। 


আপৰ পৰা বিজেপিত যোগদান কৰা ৰাজ্য সভাৰ সাতজন সাংসদ হৈছে ক্রমে-ৰাঘৱ চাদ্ধা, সন্দীপ পাঠক, স্বাতি মালিৱাল, হৰভজন সিং, বিক্ৰমজিৎ সাহনী, অশোক মিটাল আৰু ৰাজেন্দৰ গুপ্তা। এই সাতজন সাংসদে বিজেপিৰে একত্ৰীকৰণৰ বাবে ৰাজ্য সভাৰ অধ্যক্ষলৈ পত্র প্ৰেৰণ কৰিছিল। ইফালে পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে আকৌ এই সাংসদকেইজনক অযোগ্য ঘোষণাৰ বাবে ৰাজ্য সভাৰ অধ্যক্ষ ৰাধাকৃষ্ণণলৈ পত্ৰ প্ৰেৰণ কৰিছিল।


উৎস: দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু