--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশত এজন ব্যক্তিয়ে মানুহক বিনামূলীয়াকৈ ৪ হাজাৰ ফুচকা খুৱাইছিল। বিনামূলীয়াকৈ ফুচকা খুওৱাৰ পোষ্টাৰ এখনো লগাই দিছিল তেওঁ। খবৰটো বিয়পি পৰাৰ লগে লগে তেওঁৰ ষ্টলত ভিৰ কৰিলেহি গ্ৰাহকে। কি ল’ৰা-ছোৱালী, কি বয়োজ্যেষ্ঠ আৰু কি ডেকা-গাভৰু, হাজাৰ মানুহ তাত গোট খালে। আপুনি নিশ্চয় ভাবিছে যে ব্যক্তিজনে মানুহক বিনামূলীয়াকৈ ফুচকা খুওৱাৰ অৰ্থ কি...

ঘটনাটো মধ্য প্ৰদেশৰ ছিণ্ডৱাৰাৰ। ইয়াত বাস কৰা সঞ্জিত চন্দ্ৰবংশীৰ ১০ বছৰৰ পাছত এটি কন্যা সন্তান জন্ম হৈছিল, এই সুখতে তেওঁ ৰাইজক ফ্ৰীতে ফুচকা খুৱাইছিল। চন্দ্ৰবংশীয়ে কয় যে তেওঁৰ তিনিজন ভাতৃ আছে আৰু যোৱা ১০ বছৰত ঘৰখনত কোনো কন্যা সন্তান জন্ম হোৱা নাই। মঙলবাৰে  তেওঁৰ পত্নীয়ে এগৰাকী কন্যা সন্তানৰ জন্ম দিয়ে। সেই সুখত হিয়া উথলি উঠে সঞ্জিত চন্দ্ৰবংশীৰ।
MP: पानी पूरी बेचने वाले के घर पैदा हुई बेटी, फ्री में खिलाए 4 हजार  गोलगप्पे - Daughter born in the house of a pani puri seller in MP fed 4  thousand
সঞ্জিত চন্দ্ৰবংশীয়ে চিণ্ডৱাৰাৰ পোলা খেলপথাৰৰ সমীপত 'অথৰ্ব গুপচুপ এণ্ড  চাট চেণ্টাৰ' নামেৰে এটা ফুচকা ষ্টল চলাই আছে। প্ৰতিদিনে তেওঁৰ প্ৰায় ২০০০ ফুচকা বিক্ৰী হয়। কন্যা সন্তান জন্ম হোৱাৰ আনন্দত তেওঁ ৪০০০ ফুচকা ৰাইজক বিনামূলীয়াকৈ খুৱাই দিলে। তেওঁ আগতেই কৈছিল যে যদি তেওঁৰ ঘৰত কন্যা সন্তান জন্ম হয় তেন্তে তেওঁ বিনামূলীয়াকৈ ফুচকা বিতৰণ কৰিব।

সঞ্জিতৰ ষ্টলত বিনামূলীয়াকৈ ফুচকা খাবলৈ অহা মানুহবোৰে যেতিয়া তাৰ আঁৰৰ কাৰণ জানিব পাৰিলে, তেতিয়া সকলোৱে সঞ্জিত চন্দ্ৰবংশীক প্ৰশংসা কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু